দৰঙৰ প্ৰসিদ্ধ কালিয়া কুলেন নাথলৈ অৰ্থসাহাৰ্য
নিয়মীয়া বাৰ্তা ২৩ মেঃ শাৰিৰীক অসুস্হতাৰ মাজেদিয়েই এটা আপুৰুগীয়া কৃষ্টিক জীয়াই ৰখা দৰঙৰ একমাত্ৰ কালীয়া শিল্পী কুলেন নাথলৈ অসম চৰকাৰৰ চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন) নিগমে আগবঢ়াইছে ২৫ হাজাৰ টকাৰ অৰ্থ সাহাৰ্য।নিগমৰ পৰিচালন সঞ্চালক মণিদীপা বৰকটকী আজি শিল্পী কুলেন নাথৰ ছিপাঝাৰৰ নিজছিপাঝাৰস্হ বাসগৃহত উপস্থিত হৈ এই ধনৰাশি প্ৰদান কৰে।আনহাতে বিষয়াগৰাকীক সহযোগিতা কৰি দৰঙৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাও উপস্থিত থাকে সাহাৰ্য প্ৰদানৰ এই বিশেষ কাৰ্যসূচীত।
উল্লেখযোগ্য যে অসমৰ প্ৰাচীন আৰু আপুৰুগীয়া লোককৃষ্টি সমুহৰ ভিতৰত “কালী” বিশেষ ভাবে উল্লেখনীয়।”চেহনাই”ৰ লগত সাদৃশ্য যুক্ত কালী দৰঙৰ বিয়া সবাহৰ অন্যতম উপাদান।মুখেৰে ফুৱাই বজোৱা বাদ্য বিধ বজোৱাতো সকলোৰে বাবে একেবাৰে সহজসাধ্য নহয়। কিন্তু “কালী” ৰ পৰা নিগৰি অহা এটি সুৰে যিকোনো এটা পৰিবেশক প্ৰদান কৰিব পাৰে অনন্যতা।লক্ষণীয় যে কেৱল দৰঙতেই নহয় সমগ্ৰ অসমৰ ভিতৰতেই বৰ্তমান কেৱল কুলেন নাথেই শিল্প বিধৰ চৰ্চা অব্যাহত ৰাখিছে।লুপ্ত হ’বলৈ ধৰা কৃষ্টিবিধক প্ৰায় চাৰিদশক ধৰি সংৰক্ষণ কৰি অহা শিল্পী গৰাকীক অসম চৰকাৰে শিল্পী পেন্সনেৰে সন্মানিত কৰিছে যদিও শেহতীয়া ভাবে শিল্পী গৰাকীৰ স্বাস্থ্য যথেষ্ট অবনতি ঘটে।কেৱল শিল্প চৰ্চাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি অহা শিল্পী গৰাকীৰ দূৰ্দশাগ্ৰস্ত জীৱনৰ বিষয়ে অবগত হৈয়েই লকডাউনৰ মাজতেই চলচ্চিত্ৰ নিগমে গ্ৰহণ কৰে এই প্ৰয়াস।সাহাৰ্য প্ৰদান কৰি পৰিচালন সঞ্চালক মণিদীপা বৰকটকীয়ে আপুৰুগীয়া এই কৃষ্টিবিধক জীয়াই ৰখাত গুৰুত্ব আৰোপ কৰে।আনহাতে প্ৰশাসনিক বিষয়া হৈও দৰঙৰ কৃষ্টি -সংস্কৃতিৰ উত্তৰণত ভুমিকা গ্ৰহণ কৰি অহা অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাৰ প্ৰচেষ্টাৰো শলাগ লয় তেখেতে।উল্লেখযোগ্য আনুষ্টুপীয়া এই অনুষ্ঠানটি সাংবাদিক ৰণ্ জিত কুমাৰ নাথে আত ধৰাৰ লগতে দৰঙৰ জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ দাস আৰু ছিপাঝাৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰবীণ নাথে এই প্ৰয়াসৰ বাবে দুয়োগৰাকী বিষয়াক বিশেষ ভাবে শলাগ লয়।