আজিৰে পৰা কালাপাহাৰ চিকিৎসালয় ক’ভিড চিকিৎসালয়লৈ ৰূপান্তৰ
নিয়মীয়া বাৰ্তা ২৩ মেঃ অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে কালাপাহাৰ চিকিৎসালয় খন ক’ৰোনা চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হৈছে।
আজি অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকাৰ সৈতে কালাপাহাৰ চিকিৎসালয় পৰিদৰ্শন কৰে ৷ আজিৰে পৰা এই চিকিৎসালয়খনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ অধীনত সম্পূৰ্ণভাৱে ক’ভিড-১৯ চিকিৎসালয়ৰূপে সেৱা আগবঢ়াব ৷ ২০ গৰাকী চিকিৎসক, ৩০ গৰাকী নাৰ্ছ, ২৫ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মী আৰু ৯ গৰাকী চাফাই কৰ্মীয়ে ইতিমধ্যে কৰ্তব্যত যোগদান কৰিছে ৷ আজি বিয়লি ৬ বজাৰ পৰা চিকিৎসালয়খনৰ সেৱা আৰম্ভ হ’ব ৷