নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছৰ সংকটৰ মাজতেই শতাধিক সন্তান প্রসৱ ক’ভিড–১৯ আক্রান্ত মহিলাৰ

নিয়মীয়া বাৰ্তা, ২৩ মে’: মহামাৰী ক’ৰোনা ভাইৰাছৰ শংকাৰ মাজতেই মুম্বাইৰ হাস্পতালে হাস্পতালে আশাৰ বতৰা৷ যোৱা ২৫ মার্চৰ পৰা চলি থকা লকডাউনৰ মাজতেই এতিয়ালৈকে ক’ৰোনা ভাইৰাছৰ ত্রাসৰ মাজত ধৰালৈ আহিল শতাধিক নৱজাতক৷ ক’ভিড–১৯ত আক্রান্ত মহিলাই মুম্বাইৰ কেইবাখনো হাস্পতালত প্রসৱ কৰিলে সন্তান আৰু শতাধিক ক’ভিড–১৯ত আক্রান্ত মহিলাই সন্তানৰ মাতৃ হ’ল৷

বিবিচিয়ে প্রকাশ কৰা এক বাতৰি মতে, ভাৰতৰ পশ্চিম প্রান্তৰ চহৰ মুম্বাইৰ হাস্পতালত ক’ভিড–১৯ আক্রান্ত মহিলাই শতাধিক সন্তান জন্ম দিছে৷ ১১৫ নৱজাতকৰ ভিতৰত লোকমান্য তিলক মিউনিচিপাল জেনেৰেল হাস্পতালত ক’ভিড–১৯ আক্রান্ত গর্ভৱতী মহিলাই তিনিটা শিশুৰ জন্ম দিয়ে৷ অৱশ্যে শিশুকেইটা ক’ভিড–১৯ত আক্রান্ত হোৱা নাছিল৷ তেনেদৰে ছায়ন হাস্পতালত ১১২ শিশুক জন্ম দিয়ে ক’ভিড–১৯ত আক্রান্ত মাতৃয়ে৷

তথ্য মতে, এই জন্মগ্রহণ কৰা শিশুৰ ভিতৰত ৫৬টা ল’ৰা আৰু ৫৯ কন্যা৷ ইয়াৰে অর্ধেক শিশুৰ জন্ম স্বাভাৱিকভাৱে হয় যদিও আনখিনি অস্ত্রোপচাৰৰ জৰিয়তে জন্ম দিয়া হয়৷ হাস্পতালখনত ৬৫গৰাকী চিকিৎসক আৰু দুই ডজন নার্ছৰ দলে এই গর্ভৱতী মহিলাসকলক শুশ্রূষা কৰাৰ লগতে সন্তান প্রসৱৰ সৈতে জড়িত আছিল৷ হাস্পতালখনত ৪০খন বিশেষ বিছনাত ক’ভিড–১৯ত গর্ভৱতী মহিলাক প্রসৱ কৰোৱাৰ পিছত মহিলাগৰাকী আৰু শিশুটিক পিছলৈ আন ঠাইলৈ স্থানান্তৰিত কৰা হয়৷ এনেদৰে চিকিৎসালয়খনত গর্ভৱতী মহিলাৰ সন্তান প্রসৱ কৰাইছিল চিকিৎসকে৷

ক’ভিড–১৯ আক্রান্ত মহিলাই সন্তান প্রসৱ কৰাৰ পিছত এসপ্তাহ বিশেষ ৱার্ডত ৰাখি পাছলৈ ১০ দিনৰ কোৱাৰেইণ্টাইনৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হয়৷ গুৰুত্বপূর্ণ যে গর্ভৱতী মহিলাসকল ক’ভিড–১৯ পজিটিভ হোৱাৰ পূর্বে অধিকাংশৰে কোনো লক্ষণ নাছিল৷ লক্ষণবিহীন ক’ভিড–১৯ত আক্রান্ত হৈছিল৷

You might also like