তিৱা স্বায়ত্ব শাসিত পৰিষদৰ বিত্তীয় অনিয়ম সম্পৰ্কত উচ্চ ন্যায়ালয়ৰ তদন্তৰ নিৰ্দেশক আদৰণি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ
নিয়মীয়া বাৰ্তা ২৩ মেঃ তিৱা স্বায়ত্ব শাসিত পৰিষদত ৩৬ কোটি টকাৰ বিত্তীয় অনিয়ম সংঘটিত হোৱা সন্দৰ্ভত মৰিগাঁও সদৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বাৰ বিচাৰপিঠে যোৱা ২০ মে তাৰিখে প্ৰদান কৰা আদেশৰ জৰিয়তে মৰিগাঁও আৰক্ষী অধীক্ষকক অনতিপলমে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া বিষয়তো আদৰণি জনোৱাৰ লগতে তেওঁক ন্যায়ালয়ে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া সন্দৰ্ভত প্ৰচাৰিত বাতৰি সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিয়া বুলি সংবাদ মাধ্যমক একাংশ দুষ্ট চক্ৰই ভুল তথ্য দিয়া বুলি প্ৰকাশ কৰে।
আজি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মৰিগাঁওস্থিত কাৰ্যলয়ত অনুষ্ঠিত কৰা এক সংবাদ মেলত মুখ্য কাৰ্যবাহী গৰাকীয়ে কৈ যে কেৱল তেওঁৰ কাৰ্য কালৰে নহয় বিগত ২০১০ চনৰ পৰা তিৱা পৰিষদ চলি অহা অনিয়ম সম্পৰ্কত তদন্ত কৰিবলৈ আহ্বান জনাইছে মৰিগাঁও আৰক্ষীক। আনহাতে বিগত সময় চোৱাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে পৰিষদ ৰ উন্নয়ন স্থবিৰ কৰাৰ বিৰুদ্ধে বিজেপি শীৰ্ষ নেতৃকক জনাব বুলি প্ৰকাশ কৰে