বিষ্ণু প্ৰসাদ ৰাভাৰ সতীৰ্থ ছয়গাঁৱৰ ৰবীন্দ্ৰ ৰাভাৰ শেষ নিশ্বাস ত্যাগ
নিয়মীয়া বাৰ্তা, ২৩ মেঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ জাৰুৱাগাঁৱৰ নিবাসী তথা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দীৰ্ঘদিনীয়া সতীৰ্থ ৰবীন্দ্ৰ ৰাভাৰ আজি দিনৰ প্ৰায় ১.৩০ বজাত নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০৭ বছৰ । ৰবীন্দ্ৰ ৰাভা জনপ্ৰিয় খেলুৱৈ, নৃত্য প্ৰশিক্ষক আৰু বিবেক শিল্পী হিচাপে জনপ্ৰিয় আছিল । ৰবিন্দ্ৰ ৰাভাক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই “নাট চন্দ্ৰ” উপাধিৰে বিভূষিত কৰিছিল । তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আজি অসংখ্য গুণমুগ্ধই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।