নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : অসম গৌৰৱ সন্মানপ্রাপক ফুলেশ্বৰী দত্তৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণ : কুমুদ তালুকদাৰ
ফোন : ৮৬৩৮৪–১৪৯৫৪

বিগত কেইবা দশক ধৰি অসমৰ বনাঞ্চলত অবাধ ধ্বংসযজ্ঞ অব্যাহত আছে৷ নির্বিচাৰে প্রকৃতি ধ্বংস কৰাৰ ফলত বন্যপ্রাণীসমূহলৈ অশনি সংকেত নামি আহিছে৷ ইয়াৰ ফলত জলবায়ুৰ পৰিৱর্তনো মানৱ সমাজত স্পষ্ট হৈ পৰিছে৷ ইয়াৰ মাজতে একাংশ প্রকৃতিপ্রেমীয়ে প্রকৃতি আৰু বন্যপ্রাণীৰ সংৰক্ষণৰ হকে কাম কৰি আহিছে৷ এনে ব্যক্তিসকলৰ ভিতৰত ঢ়কুৱাখনাৰ প্রকৃতিপ্রেমী নাৰী ফুলেশ্বৰী দত্ত অন্যতম৷ বিগত প্রায় ৩৫ বছৰ ধৰি তেওঁ নিজৰ ঘৰৰ বাৰীত এখন পক্ষী উদ্যান গঢ়ি তুলিছে৷ অসংখ্য ঘাত–প্রতিঘাত আৰু আর্থিক সংকটৰ মাজেৰে গঢ়ি তোলা এই অৰণ্যখনত সম্প্রতি অর্ধশতাধিক দুষ্প্রাপ্য শগুনে বাসস্থান আৰম্ভ কৰাৰ লগতে সৰু অৰণ্যখন ভৰি আছে বিভিন্ন ধৰণৰ চৰাই–চিৰিকটি আৰু জীৱ–জন্তুৰে৷ এই পশু–পক্ষীবোৰক নিজৰ সন্তানৰ দৰে প্রতিপাল কৰি অহা ফুলেশ্বৰী দত্তৰ দীর্ঘদিনীয়া কষ্ট আৰু ত্যাগৰ স্বীকৃতি হিচাপে ৰাজ্য চৰকাৰে তেওঁক ২০২৫ চনৰ অসম গৌৰৱ বঁটাৰ বাবে নির্বাচিত কৰিছে৷ এইগৰাকী প্রকৃতিপ্রেমী নাৰীৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰৰ সম্পাদিত ৰূপ ‘নিয়মীয়া বার্তা’ৰ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ’ল৷

সুকন্যা : নার্ছাৰীৰে আত্মসংস্থাপনৰ বাট মুকলি ছিপাঝাৰৰ পখিলা বৰাৰ

আপোনাৰ জন্মস্থান আৰু শৈশৱ ক’ত অতিবাহিত কৰিছিল? শৈশৱতে আপুনি শগুনৰ নিচিনা দুষ্প্রাপ্য প্রাণী সংৰক্ষণৰ সপোন দেখিছিল নেকি?
মোৰ জন্ম হৈছিল ধেমাজিৰ এটি অতি ভিতৰুৱা অঞ্চল নৰোৱা থানৰ সমীপৱর্তী কেচুখনা কোচগাঁৱত৷ সেই সময়ত আমাৰ অঞ্চলটো শিক্ষা–দীক্ষা, ৰাস্তা–ঘাটৰ দিশত একেবাৰে অনুন্নত আছিল৷ মোৰ মাৰ নাম ভিবিতি দত্ত৷ আমাৰ পিতাই গোবিন্দ দত্ত খেতিয়ক আছিল যদিও তেওঁ চিলাই কাম কৰি পৰিয়ালটো কোনোমতে পোহপাল দিছিল৷ অৱশ্যে সামাজিক আৰু ধর্মীয় দিশত তেওঁ আছিল অতি আগৰণুৱা৷ আর্থিক অনাটনৰ মাজেৰে মোৰ লগতে আমাৰ ককাইদেউক তেওঁ শিক্ষা প্রদানৰ চেষ্টা চলাইছিল৷ যাৰ ফলত ককাইদেৱে শিক্ষা গ্রহণ কৰি প্রাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কার্যনির্বাহ কৰিছিল আৰু ময়ো বিয়াৰ পিছত মেট্রিক পাছ কৰি শিক্ষকতা বৃত্তি অৱলম্বন কৰিছিলোঁ৷ অৱশ্যে মোৰ চাকৰিটো বিভিন্ন কাৰণত আধাতে এৰিবলগীয়া হৈছিল৷ সৰুৰে পৰা মই প্রকৃতি তথা বনৰীয়া জীৱ–জন্তু ভাল পাইছিলোঁ যদিও শগুন সংৰক্ষণৰ বাবে এইদৰে অহোপুৰুষার্থ কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ৷

সুকন্যা : ৩৫ বছৰে লোককৃষ্টি প্রচাৰ বৰদৌলগুৰি পাৰিজাত নামতি দলৰ

প্রকৃতি সম্পর্কে আপোনাৰ ধাৰণা কেনেধৰণৰ?
এই পৃথিৱীখন কেৱল আমাৰ নহয়৷ মানুহৰ বাহিৰেও সমস্ত জীৱকুলৰে এই পৃথিৱীৰ ওপৰত সমান অধিকাৰ আছে৷ এই জগতখন মানুহৰ বসবাসৰ উপযোগী কৰি ৰখাত আৰু প্রকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত সকলো জীৱৰে অৰিহণা আছে৷ সেইবাবে আমি প্রকৃতিক সুৰক্ষা দিবই লাগিব৷ প্রকৃতিক সুৰক্ষা দিয়া মানেই আমি নিজকে সুৰক্ষা দিয়া৷ প্রকৃতি সম্পর্কে এনে ধাৰণা থকা বাবেই মই শৈশৱৰ পৰা প্রকৃতিৰ প্রেমত পৰিছোঁ আৰু প্রকৃতিৰ সুৰক্ষাৰ হকে আজীৱন নিজকে সঁপি দিছোঁ৷

আপুনি বিগত তিনি দশকৰো অধিক কাল শগুনৰ সংৰক্ষণৰ বাবে কাম কৰি আহিছে৷ এই দীর্ঘ পৰিক্রমা কিদৰে আৰম্ভ কৰিছিল?
মোৰ বিয়াৰ পূর্বে বন্যপ্রাণী সংৰক্ষণৰ হকেও কাম কৰিবলৈ সুযোগ পোৱা নাছিলোঁ৷ মোৰ বিবাহ সম্পন্ন হৈছিল উজনি জালভাৰি গাঁৱৰ তোলন দত্তৰ সৈতে৷ কিন্তু বিয়াৰ পিছত ঘটনাক্রমে মই স্বামীহাৰা হৈছিলোঁ৷ সেই সময়ত মই সৰু সৰু ল’ৰা দুটাক লৈ তীব্র সংকটৰ সন্মুখীন হৈছিলোঁ৷ আনকি আর্থিক অসুবিধাৰ বাবে সন্তান দুটিক ভালদৰে পঢ়ুৱাব পৰা নাছিলোঁ৷ ফলত শহুৰ দেউতাই ঢ়কুৱাখনাত থকা তেওঁলোকৰ কহৰাঘাট চাৰিআলিত ল’ৰা দুটাৰ সৈতে থকাৰ ব্যৱস্থা কৰি দিছিল৷ তাত আছিল এটা পুৰণা বস্তি৷ বিভিন্ন গছ আৰু জংঘলেৰে সমগ্র ঠাইখিনি ভৰি আছিল৷ ১৯৮৯ চনৰ কথা৷ সেই সময়ত কিছু শগুন আহি বস্তিৰ ওখ গছবিলাকত পৰা দেখিবলৈ পাইছিলোঁ৷ ইয়াৰ পাঁচ বছৰমান পিছত শগুনবোৰে বাহ সাজিবলৈ লৈছিল৷ সেইবাবে ওচৰ–পাঁজৰৰ লোকসকলে গছবোৰ কাটিবলৈ পৰামর্শ দিছিল৷ কাৰণ তেওঁলোকে শগুনক আপদীয়া চৰাই বুলি ধাৰণা কৰিছিল৷ সেই সময়ত মোক পইচাৰো প্রয়োজন হৈছিল৷ গছবোৰ কাটি বিক্রী কৰিলে মই কিছু টকা পালোঁহেঁতেন আৰু সেই ধনেৰে ল’ৰা দুটাক ভালদৰে পঢ়াব পাৰিলোঁহেঁতেন৷ কিন্তু গছ কাটি চৰাইবোৰৰ বাহ নষ্ট কৰিবলৈ মোৰ মন নগ’ল৷ কাৰণ সিহঁতে বাহত পোৱালি জন্ম দিছিল৷ মোৰ অনুভৱ হৈছিল আমাৰ ল’ৰা দুটাক যিদৰে বাসস্থানৰ প্রয়োজন সেইদৰে সিহঁতকো বাহ সাজি নিৰাপদে থকাৰ বাবে গছৰ প্রয়োজন৷ ফলত মই গছবোৰ নকটাৰ সিদ্ধান্ত লৈছিলোঁ আৰু অশেষ কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিছিলোঁ৷ এতিয়া মোৰ সমগ্র বস্তিটো কেৱল শগুনেই নহয়, হাইঠা, কপৌ, কুলি, সাপ, নেউল আদি বিভিন্ন জীৱ–জন্তুৰে ভৰি পৰিছে৷ নিতৌ ৰাতিপুৱা চৰাইবোৰ বাহিৰলৈ গুচি যায় আৰু সন্ধিয়া উভতি আহে৷ বিভিন্ন জীৱ–জন্তু মোৰ ঘৰতো প্রৱেশ কৰে৷ এতিয়া এই পশু–পক্ষী আৰু জীৱ–জন্তুবোৰ পৰিয়ালৰ সদস্যভুক্ত হৈছে৷

সুকন্যা : থলুৱা বনৌষধিৰে ‘ভেষজ প্রসাধন’ প্রস্তুত ড০ মধুমিতা শইকীয়াৰ

শগুনক লৈ মানুহৰ মাজত বিভিন্ন ধৰণৰ অন্ধবিশ্বাস আছে৷ এই সম্পর্কীয় কিবা অভিজ্ঞতাৰ সন্মুখীন হৈছে নেকি?
আচলতে ১০০টা গুণৰ অধিকাৰী হোৱা বাবেহে এইবিধ চৰাইক শগুন বুলি কোৱা হয়৷ মই সিহঁতক শগুন বুলি নকওঁ, নিজৰ সন্তান বুলিহে ভাবোঁ৷ এই চৰাইবিধক লৈ মানুহৰ মাজত বিভিন্ন অন্ধবিশ্বাস আছে৷ এই অন্ধবিশ্বাসৰ বলি হৈ এতিয়াও চুবুৰীয়াৰ বহু লোক মোৰ ঘৰলৈ নাহে৷ আজিকালি মোৰ বিষয়ে সংবাদ মাধ্যমত কিছু প্রচাৰ হোৱা বাবে পূর্বতে নহা কিছুমান মানুহ আমাৰ ঘৰলৈ আহিবলৈ লৈছে৷ মই পিছে এইবোৰ অন্ধবিশ্বাস মানি নলওঁ৷ কাৰণ শগুনে মৰা শ খাই সমাজৰ পৰিৱেশ বিশুদ্ধ কৰি ৰাখিছে৷ এসময়ত বহুতে মোক মাৰিবলৈ লৈছিল৷ মই ল’ৰা দুটাক বুকুত সাবটি বহুদিন উজাগৰী নিশা অতিবাহিত কৰিছোঁ৷ চৰাই–চিৰিকটিবোৰ খেদিবলৈ মোৰ বস্তিৰ কাষৰ সকলো জংঘল কাটি পেলোৱা হৈছে৷ তেওঁলোকে ভাবে যে সেই জংঘলবোৰ কাটি পেলালে আমাৰ বস্তিৰ জীৱ–জন্তুবোৰ ভয়তে পলাই যাব৷ আনকি মই কাৰোবাৰ ঘৰলৈ গ’লে তেওঁলোকে গা ধুইছিল৷ সকলোৱে মোক শগুনৰ দৰে অশুচি বুলি জ্ঞান কৰিছিল৷ যাৰ ফলত মই একেবাৰে অস্পৃশ্য হৈ পৰিছিলোঁ৷ এনে বিভিন্ন প্রতিঘাত নেওচি মই বন্যপ্রাণী সংৰক্ষণত আত্মনিয়োগ কৰি আহিছোঁ৷ এতিয়া মোৰ বস্তিত অর্ধশতাধিক শগুনে বাস কৰে৷

বনৰীয়া পশু–পক্ষীসমূহক আপুনি নিজৰ সন্তানৰ দৰে জ্ঞান কৰে৷ সিহঁতক লৈ আপোনাৰ ধাৰণা কেনে?
এতিয়ালৈ আমাৰ বস্তিত শগুনে ৬০টাৰো অধিক পোৱালি জগাই ডাঙৰ কৰিছে৷ কুলি চৰাইবোৰে প্রতিবছৰে মার্চ মাহত আকৌ ইয়ালৈ আহে৷ মই চৰাইবোৰক প্রয়োজনীয় খাদ্য যোগান ধৰিব নোৱাৰোঁ৷ সিহঁত সদায় পুৱা খাদ্য বিচাৰি যায়৷ সন্ধিয়া উভতি নহালৈকে মই উদ্বিগ্ণ হৈ অপেক্ষা কৰি থাকোঁ৷ নিজৰ সন্তান বাহিৰলৈ ওলাই গৈ উভতি নাহিলে মাতৃৰ মনত সৃষ্টি হোৱা উদ্বিগ্ণতা মই চৰাইজাকক লৈ অনুভৱ কৰোঁ৷ এবাৰ আমাৰ ঘৰৰ পৰা কিছু দূৰত খাদ্যত বিহ দি মানুহে ২৫টা শগুন নিধন কৰিছিল৷ সিহঁতৰ পোৱালিবোৰে মাকক নাপাই চিঞৰ–বাখৰ কৰিছিল৷ গছৰ ওপৰলৈ গৈ মই খাদ্য যোগান ধৰিব পৰা নাছিলোঁ৷ এনেদৰে তিনি দিন অতিবাহিত হোৱাৰ পাছত ক’ৰবাৰ পৰা ১০জনীমান শগুন আহি পোৱালিবোৰক উদ্ধাৰ কৰিছিল আৰু সিহঁতক অন্য ঠাইলৈ নি ডাঙৰ কৰিছিল৷ মই সদায় শগুনবোৰলৈ লক্ষ্য কৰি থাকোঁ৷ সিহঁতে পোৱালিবোৰ অলপ ডাঙৰ হ’লেই বাহৰ পৰা ঠেলি দি উৰিবলৈ শিকায়৷ কেতিয়াবা মাটিত পৰি দুখ পালে পোৱালিবোৰ উদ্ধাৰ কৰি শুশ্রূষা কৰোঁ আৰু পুনৰ এৰি দিওঁ৷ মোক আনে অশুচি বুলি ক’লেও এইবোৰ কার্যই আমাক যথেষ্ট আনন্দ দিয়ে৷ সেইবাবে মই কোনো কথাৰে প্রত্যুত্তৰ নিদিওঁ৷

সুকন্যা : মঞ্চ–চলচ্চিত্র জগতৰ বিশিষ্ট অভিনেত্রী চেতনা দাসৰে সাক্ষাৎকাৰ

এইবিধ চৰাইৰ সংৰক্ষণৰ বাবে আগবাঢ়ি আহোঁতে পৰিয়ালৰ লগতে সমাজৰ পৰা বাধাৰ সন্মুখীন হৈছিল নেকি?
পৰিয়ালৰ পৰা এইক্ষেত্রত মই কোনো বাধাৰ সন্মুখীন হোৱা নাছিলোঁ৷ সমাজৰ অধিকাংশ লোকৰ পৰাই তীব্র বাধাৰ সন্মুখীন হৈছিলোঁ যদিও একাংশ লোকে মোক যথেষ্ট সহায়ো কৰিছিল৷ মোৰ সৰু ল’ৰা কৃষ্ণ দত্তই এইক্ষেত্রত বিশেষভাৱে সহায় কৰিছিল৷ সি মাজতে কেইবছৰমান কামৰ সন্ধানত মুম্বাইলৈ গৈছিল যদিও মই অসুবিধাৰ সন্মুখীন হোৱাত তেওঁক ঘৰলৈ ওভতাই আনিছিলোঁ৷ ইয়াৰ উপৰি মোৰ ছাত্র ধ্রুৱজ্যোতি চেতিয়া, অধ্যাপক মানসপ্রতিম দত্ত, শিক্ষাব্রতী বিমান সন্দিকৈ আৰু মোৰ দেওৰ তথা অধ্যাপক ড০ অমল দত্তই মোক বিশেষভাৱে সহযোগিতা আগবঢ়াই আহিছে৷ পশু–পক্ষী অসুস্থ হৈ পৰিলে আৰু অন্য সকলো ধৰণৰ অসুবিধাৰ সময়ত তেওঁলোকে মোক সহায় কৰে৷ শেহতীয়াভাৱে মোৰ বিষয়ে প্রচাৰ হোৱাত বন বিভাগৰ বিষয়াসকল, নাবার্ডৰ কর্তৃপক্ষ আৰু জিলা প্রশাসনৰ বিষয়াসকলে মোক উৎসাহিত কৰিবলৈ লৈছে৷

আপুনি সুদীর্ঘকাল পক্ষী সংৰক্ষণৰ বাবে কৰি অহা আত্মোৎসর্গৰ স্বীকৃতিৰূপে ২০২৫ চনৰ অসম গৌৰৱ বঁটাৰ বাবে নির্বাচিত হৈছে৷ এইক্ষেত্রত আপোনাৰ অনুভৱ কেনে?
মই দীর্ঘদিন ধৰি নিঃস্বার্থভাৱে পশু–পক্ষীৰ সংৰক্ষণৰ বাবে কাম কৰি আহিছোঁ৷ এনে এটা সন্মানৰ কথা মই কেতিয়াও ভবা নাছিলোঁ৷ হঠাতে অহা এই সু–সংবাদে মোক অভিভূত কৰিছিল আৰু মই ভাষা হেৰুৱাই পেলাইছিলোঁ৷ সন্মানীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই অভাগিনীয়ে দুষ্প্রাপ্য শগুনকে ধৰি বিভিন্ন পশু–পক্ষীৰ সংৰক্ষণৰ হকে কাম কৰি অহা বুলি জানিব পাৰি মোক এই বঁটাৰে সন্মানিত কৰিছে৷ এনে সন্মানে নিশ্চিতভাৱে মোক প্রকৃতি সুৰক্ষাৰ বাবে কাম কৰিবলৈ অনুপ্রাণিত কৰিব৷ মই অন্তৰৰ পৰা মুখ্যমন্ত্রীগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ তেওঁ দীর্ঘায়ু হওক আৰু অসমৰ বাবে অধিক ভাল কাম কৰি যাবলৈ শক্তি লাভ কৰক৷

পশু–পক্ষীৰ সংৰক্ষণৰ ক্ষেত্রত আপুনি চৰকাৰ অথবা অন্য ব্যক্তি তথা প্রতিষ্ঠানৰ পৰা কিবা সহায় লাভ কৰিছে নেকি?
এইপর্যন্ত মই চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় পোৱা নাই৷ অৱশ্যে এই কামৰ বাবে মই কেতিয়াও সহায় বিচাৰি চৰকাৰৰ ওচৰত আবেদন জনোৱা নাই৷ মই নিঃস্বার্থভাৱে আৰু মনৰ ভিতৰৰ পৰা পশু–পক্ষীৰ প্রতি থকা ভাল পোৱাৰ বাবে এই কার্যত নিয়োজিত হৈ আছোঁ৷ মোৰ একাংশ ছাত্র আৰু শুভাকাংক্ষীয়ে মোক এই কামৰ বাবে উৎসাহিত কৰি আহিছে যদিও তেওঁলোকৰ পৰাও মই আর্থিক সহায় বিচৰা নাই৷ মোৰ ক্ষুদ্র উদ্যানখনৰ পশু–পক্ষী তথা গছ–গছনিৰ সুৰক্ষাৰ বাবে তেওঁলোকে আগবাঢ়ি আহিছে৷ মোৰ বাবে সেয়াই যথেষ্ট৷

আপুনি এই পর্যন্ত অতিবাহিত কৰা জীৱন কালত কোনো অবাঞ্ছিত তথা স্মৰণীয় ঘটনাৰ সন্মুখীন হৈছে নেকি?
মোৰ জীৱনৰ অধিকাংশ সময় অতি কষ্টৰে অতিবাহিত কৰিছোঁ৷ খুব কম বয়সতে স্বামীৰ মৃত্যু হোৱাত মই আর্থিক দীনতাৰ সন্মুখীন হৈছিলোঁ৷ তেওঁ গছৰ পৰা পৰি প্রায় চাৰি বছৰ শয্যাগত হৈ আছিল৷ সেই সময়ছোৱা মোৰ বাবে আছিল অতিশয় দুর্বিষহ৷ তেওঁ কিছুবছৰ জীয়াই থাকিলে হয়তো ইমান সংকটৰ সন্মুখীন নহ’লোঁহেঁতেন৷ অৱশ্যে এতিয়া মোৰ দৈনন্দিন জীৱনৰ সংগী হৈ পৰিছে পশু–পক্ষীসমূহ৷ এবাৰ কুলি চৰাইৰ এটা পোৱালি বাহৰ পৰা সৰি পৰিছিল৷ মই তাক ঘৰলৈ আনি নিজৰ সন্তানৰ দৰে প্রতিপাল কৰিছিলোঁ৷ লাহে লাহে পোৱালিটো উৰিব পৰা হৈছিল৷ তাৰ পিছতো সি মোৰ ঘৰ এৰি যোৱা নাছিল৷ দিনটোত এবাৰ হ’লেও সি আমাৰ ঘৰলৈ আহাৰ গ্রহণ কৰিবলৈ আহিছিল৷ এতিয়াও সি মার্চ মাহ পৰিলে উৰি আহি আমাৰ ঘৰত পৰে আৰু চিঞৰি চিঞৰি মৰম বিচাৰে৷ এই অভিজ্ঞতা নিশ্চিতভাৱে মোৰ বাবে সদায় স্মৰণীয় হৈ থাকিব৷

 আপুনি অন্য কোনো বঁটা–বাহন লাভ কৰিবলৈ সক্ষম হৈছে নেকি?
মোক স্থানীয় বিভিন্ন সংগঠনে সন্মান প্রদান কৰি আহিছে৷ এতিয়া অসম গৌৰৱ বঁটা মোৰ বাবে হ’ব জীৱনৰ উল্লেখযোগ্য স্বীকৃতি৷ শেহতীয়াভাৱে মোক নাবার্ডে আমন্ত্রণ জনাই মোৰ কাম–কাজৰ বাবে সম্বর্ধনা জনাইছে৷ ইয়াৰ উপৰি লখিমপুৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্রয়ো মোক সম্বর্ধনা জ্ঞান কৰিছে৷ ইয়াৰ উপৰি জিলা বন বিষয়া, জিলা উপায়ুক্তৰ লগতে বিভিন্ন প্রশাসনিক বিষয়া মোৰ ঘৰলৈ আহি অথবা তেওঁলোকৰ কার্যালয়ত অভিনন্দন জনাইছে৷

সুকন্যা : ভাৰতীয় বক্সিং দলৰ প্রশিক্ষক প্রণামিকা বৰাৰে সাক্ষাৎকাৰ

আপুনি কিছু বছৰ শিক্ষকতাৰ বৃত্তি অৱলম্বন কৰিছিল৷ কিন্তু বিগত কেইবছৰমান আপুনি দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে৷ এই সম্পর্কে আপুনি কিবা ক’ব নেকি?
মই প্রাথমিক বিদ্যালয়ত ২০০১ চনৰ পৰা শিক্ষয়িত্রী ৰূপে কাম কৰিছিলোঁ৷ কিন্তু কোনো সমস্যাৰ বাবে মই ২০০১ চনৰ পৰা ২০০৭ চনলৈহে দৰমহা লাভ কৰিছিলোঁ৷ মাজতে বিগত চাৰি বছৰমান ১০,০০০কৈ দৰমহা লাভ কৰিছিলোঁ যদিও এতিয়া সেই ধন পাবলৈ সক্ষম হোৱা নাই৷ হয়তো দুদিনমান পিছত এনেকৈয়ে মই অৱসৰ গ্রহণ কৰিম৷ ইয়াৰ পিছত মোৰ পৰিয়ালত পুনৰ আর্থিক সংকটে দেখা দিব৷ এই বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে বিবেচনা কৰিলে সুখী হ’ম৷

আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা সম্পর্কে জনাব নেকি?
মই জীয়াই থকালৈকে প্রকৃতি আৰু বন্যপ্রাণী সংৰক্ষণৰ বাবে কাম কৰি যোৱাৰ সংকল্প গ্রহণ কৰিছোঁ৷ ভৱিষ্যতে মোৰ বাৰীখন সংৰক্ষণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ৷ কাৰণ মোৰ সৰু উদ্যানখন ধ্বংস কৰি চৰাইবোৰ খেদি পঠিয়াবলৈ সকলোৱে গছ কাটিবলৈ উদগ্রীৱ হৈ আছে৷ সেইবাবে মই জিলা বন বিষয়াক এই বিষয়ে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকৰ ফালৰ পৰা উদ্যানখনৰ সুৰক্ষা প্রদান কৰে৷ তেওঁ মোক এইক্ষেত্রত আশ্বাস প্রদান কৰিছে আৰু নিৰাপত্তা সুনিশ্চিত কৰিব বুলি জানিবলৈ দিছে৷ সেয়া হ’লে মোক জীৱনত আন একোৰে প্রয়োজন নহ’ব৷

You might also like