সুকন্যা : মেঘাজ ফুডৰ স্বত্বাধিকাৰী মেঘালী বৰা
উৎপল কুমাৰ কলিতা
এইখন অসমৰে এগৰাকী নাৰী৷ যিগৰাকী নাৰীয়ে প্রমাণ কৰিছে পুৰুষৰ সমানে আগবাঢ়িছে আজিৰ নাৰীও৷ তেওঁ আজি কর্মৰ মাজেদি সমাজৰ আন দহগৰাকী নাৰীৰ আদর্শ হৈ পৰিছে৷ নাম তেওঁৰ মেঘালী বৰা৷ সম্প্রতি থলুৱা সম্পদৰে উদ্যোগীক ৰূপ দি মেঘা ফুড প্রডাক্টৰ জৰিয়তে চিনাকি হৈ পৰিছে মেঘালী বৰা৷
হাতত মাত্র ৫০০ টকা লৈ এদিন ব্যৱসায়িক যাত্রা আৰম্ভ কৰিছিল মেঘালী বৰাই৷ শূন্যৰ পৰা শিখৰলৈ সেই যাত্রা আছিল কষ্ট, সহিষ্ণুতা, ধৈর্য আৰু অধ্যৱসায়ৰ যাত্রা৷ সেয়া আছিল ১৯৯৭ চন৷ তেতিয়া গিৰিয়েকৰ কর্মসূত্রে মেঘালী বৰা আছিল নাজিৰাত৷ কিন্তু হঠাৎ পতিৰ ব্যৱসায় বেয়া হোৱাত পৰিয়ালটোলৈ নামি আহিহিল গভীৰ সংকট৷ সেই আর্থিক সংকটৰ জোৰা মাৰিবলৈ মেঘালীয়ে বিভিন্ন স্থানত চাকৰি বিচাৰিছিল৷ কিন্তু দ্বাদশ শ্রেণীলৈ উত্তীর্ণ মেঘালীয়ে চাকৰি এটা যোগাৰ কৰিব পৰা নাছিল৷ ইফালে কোলাত আছে চাৰিমহীয়া কেঁচুৱা সন্তান৷ এনেতে এদিন তেওঁ ভাবিলে নাৰিকলৰ লাড়ু বনাই বিক্রী কৰাৰ কথা৷ তেতিয়া তেওঁৰ হাতত আছিল মাত্র ৫০০ টকা মূলধন৷ সেই ৫০০ টকা মূলধন খৰচ কৰি তেওঁ নাৰিকলৰ লাড়ু তৈয়াৰ কৰি পেকেট কৰি কাষৰ যিখন দোকানৰ পৰা গেলামালৰ সামগ্রী ক্রয় কৰিছিল সেইখন দোকানত বিক্রীৰ বাবে ৰাখিছিল৷ প্রথম পদক্ষেপতে তেওঁ ভাল সঁহাৰি লাভ কৰিছিল৷ এটা নাৰিকলৰ লাড়ুত তিনিটকাকৈ বিক্রী কৰিছিল তেতিয়া৷ কিন্তু দুদিনতে লাড়ুৰ বিক্রী শেষ হৈছিল৷ সেয়া আছিল ১৯৯৭ চনৰ মার্চ মাহ৷ ইফালে এপ্রিলত ৰঙালী বিহু সেয়ে বিহুক লক্ষ্য কৰি তেওঁ অধিক লাড়ু বিক্রী কৰাৰ বাবে কাম চলাই গ’ল৷ নিশা ১২–১ বজালৈ কোলাত কেঁচুৱা লৈ লাড়ু তৈয়াৰ আৰু পেকেজিং কৰি সেইবোৰ দোকানত দিছিল৷ তেনেকৈ মার্চ মাহৰ পৰা বিহুলৈ প্রায় ১৫ হাজাৰ টকা তেওঁৰ হাতলৈ আহিছিল৷ এয়াই আছিল মেঘালী বৰাৰ জীৱনৰ টার্নিং পইণ্ট৷ ইয়াৰ পাছত আৰু কোনোদিনে তেওঁ পাছলৈ ঘূৰি চাব লগা হোৱা নাই৷
এই সময়তে তেওঁৰ মনলৈ আহিছিল এখন বহীৰ কথা, যিখন বহী তেওঁৰ লগত আছিল৷ সৰুতে মাকে মহিলা সমিতিৰ যোগেদি এক খাদ্য প্রস্তুতকৰণৰ প্রশিক্ষণ লৈছিল আৰু বহীখনত সেই খাদ্য প্রস্তুতকৰণৰ প্রণালী সম্পর্কে লিপিবদ্ধ আছিল৷ সেই বহীখন চাই তেওঁ নাৰিকলৰ লাড়ুৰ লগতে জলকীয়াৰ আচাৰ, আমৰ আচাৰ, সৰিয়হৰ আচাৰ, খাৰলি, কাহুদী আদি সহজতে আৰু কম মূলধনতে কৰিব পৰা খাদ্য–সামগ্রী প্রস্তুত আৰম্ভ কৰিলে আৰু বিক্রীৰ সুবিধা হোৱাকৈ ১০ টকীয়া সৰু সৰু পেকেট কৰি দোকানে দোকানে বিক্রীৰ বাবে যোগান ধৰা কাম আৰম্ভ কৰিলে৷ এইক্ষেত্রত তেওঁ প্রকাশ কৰে– ‘প্রথম অৱস্থাত মই বা মোৰ স্বামীয়ে দোকানে দোকানে সামগ্রী বিক্রীৰ বাবে সংকোচবোধ কৰিছিলোঁ৷ কিন্তু এদিন এজন বন্ধুৱে ক’লে ক্ষুদ্র হ’লেও তুমি এতিয়া প্রতিষ্ঠানৰ মালিক৷ মালিক হ’বলৈ কিহৰ সংকোচ৷ এই কথাৰ পৰা আমাৰ সংকোচ আঁতৰি গ’ল৷’
ইয়াৰ পাছত ব্যৱসায়ক স্থায়ী ৰূপ দিয়াৰ উদ্দেশ্যে যোৰহাটলৈ আহি এটা ঘৰ ভাৰাত লৈ কাম আৰম্ভ কৰিলে৷ ইয়াত তেওঁলোকে আৰম্ভ কৰিলে কর্দ্দৈ আৰু বেলৰ চৰবত প্রস্তুত কৰা কাম৷ ইয়াৰ বাবে মেঘালী বৰাই শিৱসাগৰত ব্যৱহূত কাঁচৰ বটল কেনেকৈ নিৰাপদভাৱে পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিব পাৰি তাৰ প্রশিক্ষণ ল’লে আৰু বীয়েৰ বাৰৰ পৰা খালী বটলবোৰ আনি তাক বিশুদ্ধ কৰি চৰবত পেকিং কৰি বিক্রী আৰম্ভ কৰিলে৷ ইয়াৰ পাছত তেওঁ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ফার্মাছ ফেয়াৰত তেওঁৰ সামগ্রীসহ অংশগ্রহণৰ সুযোগ পালে৷ ইয়াত তেওঁ বিশেষভাৱে ৰবাব টেঙৰ জুছ প্রদর্শন কৰিছিল৷ ইয়াতে হয়তো তেওঁৰ ভাগ্য সুপ্রসন্ন আছিল৷ এই প্রদর্শনী চাবলৈ আহিছিল এগ্রিকালচাৰ প্রচেছ ফুড এক্সপ’ট ডেভেলপমেণ্ট অথৰিটীৰ ক্ষেত্রীয় সঞ্চালক বিদ্যুৎ বৰা৷ বৰাই ৰবাব টেঙাৰ জুছ দেখি আপ্লুত হ’ল আৰু দিল্লীত অনুষ্ঠিত এপেডাৰ ‘আহাৰ’ শীর্ষক খাদ্য প্রকৰণ বাণিজ্য মেলাত অংশগ্রহণৰ বাবে মেঘালীক সুবিধা কৰি দিলে৷ এই প্রদর্শনীত বহু বিদেশী লোকৰ পৰাও ৰবাব টেঙাৰ জুছে বিশেষ সমাদৰ পাইছিল৷ ইয়াৰ পাছত তেওঁ নেডফিয়ে মহীশূৰত আয়োজন কৰা এক প্রশিক্ষণতো ভাগ লোৱাৰ সুবিধা পায়৷ ইয়াৰ পাছতে মেঘালী বৰাই ‘মেঘাজফুড প্রডাক্ট’ নামৰ তেওঁৰ উৎপাদিত সামগ্রীৰ এটা ব্রেণ্ড আৰম্ভ কৰিলে আৰু চৰকাৰীভাৱে এফ পি অ’ লাভ কৰিলে৷ বর্তমান মেঘাজফুড অসমৰ এক চিনাকি থলুৱা উদ্যোগীক ব্রেণ্ড হিচাপে পৰিচিত হৈ পৰিছে৷ মেঘালী বৰাই অন্য দহ–বাৰগৰাকী মহিলাক তেওঁৰ কামৰ সহযোগী হিচাপে কর্মসংস্থাপন দিব পাৰিছে৷ বর্তমান তেওঁ ক’লা জামুৰ চৰবত, বেলৰ চৰবত, নেমু–আদাৰ চৰবত, অৰেঞ্জ চৰবত, কুঁজী থেকেৰাৰ চৰবত, ভোট–জলকীয়া, খৰিচা, কুঁজী থেকেৰা, আম, বেল, কর্দৈ, আমলখি আদি থলুৱা ফলৰ আচাৰ, জাম, জেলী তৈয়াৰ কৰি বজাৰত উলিয়াই দি আছে৷ বাঁহ গাজৰ পৰা তেওঁ বাৰটা প্রডাক্ট তৈয়াৰ কৰিছে৷ মাছৰুমৰ পৰাও তেওঁ বিভিন্ন খাদ্য প্রস্তুত কৰি অহিছে৷ ইতিমধ্যে তেওঁ অসমৰ থলুৱা সামগ্রীৰে প্রস্তুত কৰা এনে খাদ্য–সামগ্রী লৈ দেশ–বিদেশৰ বিভিন্ন স্থানৰ প্রদর্শনীত অংশ লৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ইয়াৰ উপৰি তেওঁ অসমৰ গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন প্রান্তত তেওঁৰ উৎপাদিত সামগ্রী বিপণন কৰিছে৷ বিভিন্ন আত্মসহায়ক গোট আৰু কৃষকৰ পৰা কেঁচামাল ক্রয় কৰি তেওঁলোককো এখন বজাৰ পোৱাত সহায় কৰি দিছে৷ তেওঁ অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন স্থানত এনে খাদ্য প্রস্তুতকৰণ সম্পর্কীয় প্রশিক্ষণো দি আহিছে৷ তেওঁ ব্যক্ত কৰা মতে ‘অসমত উৎপাদিত থলুৱা ফল–মূলৰ পৰা খাদ্য সংসাধন প্রক্রিয়া যথেষ্ট সহজ আৰু কম মূলধনেৰে ইয়াক আৰম্ভ কৰিব পাৰি৷ মই নিজেও থলুৱা ফল–মূলৰ কাম কৰি আহিছো আৰু প্রশিক্ষার্থীসকলকো সেই কার্যত উদগনি দি আহিছো৷ ইয়াৰ জৰিয়তে থলুৱা কৃষকসকলেও এখন বজাৰ লাভ কৰিব৷ ইতিমধ্যে তেওঁ উত্তৰ–পূব ক্ষুদ্র উদ্যোগ সন্থাৰ ‘উদ্যোগ প্রেৰণা বঁটা’, ‘আউট ষ্টেণ্ডিং পার্ফমেঞ্চ ৱমেন এমপাৱাৰমেণ্ট বঁটা আদি লাভ কৰিছে৷ শূন্যৰ পৰা শিখৰলৈ মেঘালী বৰাৰ এই যাত্রা চিহ্ণিত হৈছে জয়যাত্রা ৰূপে৷
ফোন : ৯৩৯৪৯–২২৫২৭