সুকন্যা : সহস্রজনক আত্মসংস্থাপনৰ বাট মুকলি মাজুলীৰ মমী পেগুৰ
উৎপল কুমাৰ কলিতা
ব্রহ্মপুত্রই পলসেৰে সমৃদ্ধ কৰা উর্বৰ ভূমি মাজুলী৷ মাজুলীত আছে কৃষিকর্মৰ প্রচুৰ সম্ভাৱনা৷ এনে সম্ভাৱনাকে তুলি ধৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে এতিয়া বহু যুৱক–যুৱতী, মহিলাৰ মাজত স্বাৱলম্বনৰ সোপান ৰচনা কৰিছে এগৰাকী যুৱ উদ্যোগী মমী পেগুই৷
উচ্চশিক্ষিত মমী মাজুলীৰ জেংৰাইমুখ কুমাৰগাঁৱৰ যুৱতী৷ এটি উপান্ত কৃষক পৰিয়ালৰ কন্যা মমীৰ কৃষি কর্মৰ প্রতি প্রথমতে বিশেষ গুৰুত্ব নাছিল৷ তেওঁ সৰুৰ পৰা পিতৃ–মাতৃয়ে খেতি কৰা দেখিছিল, কিন্তু খেতিৰ পৰা কেৱল খাই–বৈ থকাহে দেখিছিল, সঞ্চয় বা উচ্চ কোনো সপোন পূৰণৰ পথ নাছিল৷ সেয়ে খেতিৰ প্রতি মমীৰ প্রথমে কোনো ৰাপ নাছিল৷ কিন্তু উচ্চ শিক্ষা সমাপ্ত কৰাৰ পাছত মমীয়ে এটা চিন্তা আৰম্ভ কৰিলে৷ মাজুলীৰ এই উপান্ত কৃষক পৰিয়ালবোৰৰ বাবে কিবা অতিৰিক্ত উপার্জনৰ পথ সৃষ্টি কৰিব পাৰি নেকি বা তেওঁলোকক কৃষি কর্মৰ জৰিয়তে অধিক আগবঢ়াই নিব পাৰি নেকি এই লৈ মমীয়ে প্রথমে নিজ গাঁও জেংৰাইমুখ কুমাৰপাৰাত সৰুকৈ আৰম্ভ কৰিলে এখন কৃষি পাম৷ এশ শতাংশ জৈৱিক কৃষি পদ্ধতিৰে মমীয়ে এই কৃষিপামৰ জৰিয়তে সফলতা লাভ কৰাৰ পাছত কৃষিকর্মৰ প্রতি আগ্রহ বাঢ়িল৷ ইয়াৰ পাছত মমীয়ে মাজুলী জিলা কৃষি বিজ্ঞান কেন্দ্রত জৈৱিক সম্পর্কীয় প্রশিক্ষণ লৈ মাজুলী জিলা কৃষি বিভাগৰ সহযোগত আৰু হৰতিকালচাৰ মিছন ফৰ নর্থ ইষ্ট এণ্ড হিমালয়ান ষ্টেটছৰ সহায়ত সেউজ গৃহ পদ্ধতিত আৰম্ভ কৰে এখন কৃষি নার্ছাৰী৷ আৰিগ নার্ছাৰী নামেৰে আৰম্ভ কৰা এই নার্ছাৰীত তেওঁ জৈৱিক কৃষিৰ বাবে বিশেষ পদ্ধতি অৱলম্বন কৰিলে৷ চাং আৰু মাটি পদ্ধতিত তেওঁ বিলাহী, ভোট জলকীয়া, বন্ধাকবি, ফুলকবি, বেঙেনা আদি বিভিন্ন পাচলিৰ খেতি আৰম্ভ কৰিলে মমীয়ে৷ ইয়াৰ বাবে নার্ছাৰীৰ ভিতৰতে কেঁচু সাৰ আৰু পচন সাৰ উৎপাদন কৰি সেইবোৰ খেতিত প্রয়োগ কৰে৷ নার্ছাৰীত উৎপাদন কৰা আৰম্ভ কৰিলে বিভিন্ন স্থানীয় ফুলো৷
এই সম্পর্কত মমীয়ে প্রকাশ কৰা মতে ‘মই সম্পূর্ণ বহনক্ষম কৃষি পদ্ধতিত গুৰুত্ব দিছোঁ৷ কৃষি ক্ষেত্রত তিনিটা কথাত গুৰুত্ব দিয়া অতি প্রয়োজন৷ সেয়া হ’ল– ভাল অর্থনৈতিক উপার্জন৷ পৰিৱেশৰ সুৰক্ষা আৰু মানুহৰ সুস্বাস্থ্য ৰক্ষা৷ মই এই তিনিওটা কথাত গুৰুত্ব দিওঁ৷ আনহাতে থলুৱা বীজ, প্রাকৃতিক কৃষি অন্যতম গুৰুত্বপূর্ণ কথা৷ জৈৱিক পদ্ধতিত খেতি কৰাৰ পাছত মই অনুভৱ কৰিছো ৰাসায়নিক সাৰ, কীটনাশকৰ কৃষিকর্মত কোনো প্রয়োজন নাই৷’ এইদৰে জৈৱিক কৃষি কর্মত আত্মনিয়োগ কৰি মমীয়ে সফলতা লাভ কৰাৰ পাছত তেওঁ উপলব্ধি কৰিলে যে তেওঁৰ লগতে তেওঁ স্থানীয় মহিলাসকলকো আগুৱাই নিব লাগিব৷ এই সম্পর্কত মমীয়ে কয়– ‘মই মোৰ কৃষিৰ লগত জড়িত মাৰ কষ্ট আৰু অর্থনৈতিক অৱস্থা সৰুৰে পৰা দেখিছিলো৷ সেয়ে মনত দৃঢ়তা ল’লো মাৰ দৰে কষ্ট কৰিও সফলতা নোপোৱা মহিলাসকলৰ বাবে কিবা এটা কৰাৰ৷’
এই লৈ মমীয়ে প্রথমতে আৰম্ভ কৰিলে জৈৱিক সাৰ প্রস্তুতৰ কাম৷ ইয়াৰ বাবে প্রথমতে মমীয়ে ৩২গৰাকী মহিলাক লৈ আৰম্ভ কৰিলে মেটেকাৰ পৰা জৈৱিক সাৰ প্রস্তুতৰ কাম৷ এইক্ষেত্রত তেওঁ প্রকাশ কৰা মতে– ‘মাজুলীৰ অন্যতম সমস্যা হৈছে পানীমেটেকা৷ ই খাল, বিল, জলাশয়বোৰ আগুৰি ধৰি মাছ তথা জলজ প্রাণীৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে৷ পথাৰৰ জলসিঞ্চনত প্রভাৱ পেলায়৷ মহ আৰু শামুকৰ সৃষ্টি কৰে৷ সেয়ে মহিলাসকলক লগত লৈ এই পানীমেটেকাৰ পৰা পচন সাৰ প্রস্তুত কৰা কাম আৰম্ভ কৰিলোঁ৷ এই পচন সাৰত আৱশ্যকীয় কার্বন, নাইট্র’জেন, ফছফৰাছ থাকে৷ এই সাৰে মাটিৰ ভৌতিক বৈশিষ্ট্য উন্নত কৰে আৰু মাটিৰ উর্বৰতা বৃদ্ধি কৰে৷ প্রথম দুমাহতে আমি ১০০০ কিলোগ্রাম জৈৱিক পচন সাৰ উৎপাদন কৰিলো আৰু পৰৱর্তী সময়ত উৎপাদনী শক্তি বৃদ্ধি কৰি ৬০০ কিলোগ্রাম পানীমেটেকাৰ পৰা পচন সাৰ প্রস্তুত কৰি দুই লক্ষাধিক টকা উপার্জন কৰিবলৈ সক্ষম হ’লোঁ৷ আমাৰ এই সাৰৰ প্রতি কৃষকৰ পৰা যথেষ্ট সঁহাৰি আছিল অভূতপূর্ব৷ আমি কৃষকে যিমান দাবী কৰিছিল সিমান পচন সাৰ যোগান ধৰিব পৰা নাছিলো৷ বহু কৃষকে টন হিচাপত পচন সাৰ বিচাৰিছিল৷’ ইয়াৰ পাছত মমীয়ে পচন সাৰৰ পেকেজিং আৰু বিপণন সম্পর্কে প্রশিক্ষণ দি তেওঁলোকক বাণিজ্যিক উৎপাদক হিচাপে গঢ়ি তুলিছিল৷ ইয়াৰ পাছত বহু মহিলাই এই কামৰ প্রতি আগুৱাই আহে৷ পানীমেটেকাৰ পৰা জৈৱিক সাৰ প্রস্তুত কৰি এগৰাকী মহিলাই ৫–১০ হাজাৰ টকা উপার্জন কৰিবলৈ লৈছে৷ এই কার্যৰ দ্বাৰা জৈৱিক কৃষি কার্যই নতুন গতি লাভ কৰে, বহু মহিলাই স্বাৱলম্বনৰ বাট মুকলি কৰে আৰু মাজুলীৰ বহু জলাশয়, পথাৰ পানীমেটেকাৰ পৰা মুক্ত হয়৷ গুৱাহাটীৰ সোণাপুৰস্থ ফার্মাছ লার্নিং চেণ্টাৰৰ প্রতিষ্ঠাপক বিশিষ্ট প্রাকৃতিক পদ্ধতিৰ কৃষক সমীৰ বৰদলৈৰ তত্ত্বাৱধানত প্রাকৃতিক, বহনমান কৃষি কর্মৰ শিক্ষা লাভ কৰা মমীয়ে নাৰীসকলৰ মাজত জৈৱিক কৃষিৰ প্রসাৰ আৰু জৈৱিক সাৰ, কীটনাশক প্রস্তুতিৰ জাগৰণ অনাৰ বাবে ৰিগবো নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ জন্ম দি মহিলাসকলৰ মাজত কাম কৰি আছে৷ এইক্ষেত্রত মমীয়ে কয়– মই বহনক্ষম কৃষি ব্যৱস্থাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছোঁ৷ কৃষি আৰু পৰিৱেশ সংৰক্ষণ একেলগে হ’ব লাগে৷ কৃষকসকলে এনে পদ্ধতি গ্রহণ কৰিব লাগে, যিয়ে পৰিৱেশৰ ক্ষতি নকৰে আৰু যিটো মানুহৰ অস্তিত্বৰ বাবে গুৰুত্বপূর্ণ৷ থলুৱা খাদ্য, থলুৱা অর্থনীতি, পৰিৱেশগত–প্রাকৃতি কৃষি সম্পর্কে মোৰ অভিজ্ঞতা মই বিলাই দিব বিচাৰোঁ৷ প্রতিগৰাকী নাৰীকে স্বাৱলম্বী কৰিব বিচাৰোঁ, সমাজক স্বাস্থ্যসন্মত খাদ্য যোগান ধৰিব বিচাৰোঁ৷’ মমীয়ে ৰিগবো নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ নেতৃত্ব দি যুৱ সমাজকো স্বাৱলম্বিতা আৰু সমাজ সেৱাৰ প্রতি আগ্রহান্বিত কৰি তুলিছে৷ মমীয়েAssam Social Enter prenership councilৰ সভাপতিৰ দায়িত্বতো আছে৷ স্নাতকোত্তৰ ডিগ্রীধাৰী মমীয়ে জৈৱিক কৃষিৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে বহুজনকো স্বাৱলম্বী কৰাৰ বাবে চলাই থকা প্রয়াস সঁচাকৈ আদর্শনীয়৷ বহুজনৰ বাবে আজি প্রেৰণাৰ আলোক মমী পেগু৷
ফোন : ৯৩৯৪৯২২৫২৭