নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্থনীতিলৈ প্রত্যাশা

মহামাৰী ক’ভিড–১৯ৰ দুটাকৈ ঢ়ৌৱে দেশৰ অর্থনীতিৰ ৰাজহাড় বেঁকা কৰাৰ পাছত পৰিস্থিতি কিছু সুস্থিৰ হৈছিল৷ উদ্যোগকে ধৰি বিভিন্ন খণ্ডই গতি লাভ কৰাৰ সমান্তৰালভাৱে আকাশলংঘী দাম বৃদ্ধি হ’লেও একপ্রকাৰ স্বাভাৱিক অৱস্থা লাভ কৰিছিল বজাৰ–ব্যৱসায়–বাণ্৷ কিন্তু ইয়াৰ মাজতে এক নতুন প্রত্যাহ্বান ৰূপে থিয় দিছে সংহাৰী ভাইৰাছবিধৰ নতুন ভেৰিয়েণ্ট অমিক্রন৷ ভাৰতত দিনকদিনে অমিক্রন আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত অর্থনীতিক লৈ পুনৰ আশংকা সৃষ্টি হৈছে৷ অকল আশংকা সৃষ্টি হোৱাই নহয়, ইতিমধ্যে ইয়াৰ বিৰূপ প্রভাৱ অর্থনৈতিক খণ্ডত পৰাটো কার্যতঃ নিশ্চিত হৈ পৰিছে৷ কিয়নো লকডাউন বলৱৎ নকৰিলেও কেইবাখনো ৰাজ্যই ইতিমধ্যে অমিক্রনৰ সম্ভাব্য ভয়াৱহ সংক্রমণ প্রতিৰোধকল্পে জাৰি কৰিছে কেতবোৰ বাধা–নিষেধ৷ পৰৱর্তী সময়ত হয়তো ইয়াতকৈও অধিক কঠোৰ বাধা–নিষেধ জাৰি কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে৷ যদিহে সেয়া হয়, তেন্তে দেশৰ অর্থনীতিয়ে লাভ কৰা গতিত স্থবিৰতা আহি পৰিব৷ ভাৰতত ইতিমধ্যে অমিক্রন আক্রান্ত লোকৰ সংখ্যাই ১,৫০০ৰ সংখ্যা অতিক্রম কৰিছে৷ একেদৰে নতুনকৈ বাঢ়িছে ক’ৰোনা সংক্রমণৰ সংখ্যাও৷ এনে পৰিস্থিতিত সমগ্র বিষয়টোক লৈ দেশবাসী স্বাভাৱিকতে চিন্তিত হৈ পৰিছে৷ অৱশ্যে ইয়াৰ মাজতে এক প্রত্যাশাজনক খবৰ দিছে ভাৰতীয় ৰিজার্ভ বেংক (আৰ বি আই) আৰু মূল্যায়নকাৰী সংস্থা ইনভেষ্টমেণ্ট ইনফৰমেচন এণ্ড ক্রেডিট ৰেটিং এজেন্সী অৱ ইণ্ডিয়া লিমিটেড (ইক্রা)–এ৷ যোৱা বুধবাৰে আৰ বি আয়ে প্রকাশ কৰা আর্থিক স্থিতিশীলতা সম্পর্কীয় প্রতিবেদনত উল্লেখ কৰা অনুসৰি চলিত বিত্তীয় বর্ষৰ দ্বিতীয়ার্ধত দেশৰ অর্থনীতি ক’ভিডকালৰ অন্ধকাৰাচ্ছন্ন পৰিৱেশ অতিক্রমি যথেষ্ট গতি লাভ কৰিছে৷ বিশেষকৈ ক’ভিডকালত উপযুক্ত নীতি আৰু মহামাৰীৰ সংক্রমণ নিয়ন্ত্রণৰ ক্ষেত্রত অর্থনৈতিক খণ্ডৰ পৰিস্থিতি মোকাবিলা কৰাত সক্ষম হোৱা বুলিও কোৱা হৈছে আৰ বি আইৰ এই প্রতিবেদনত৷ তদুপৰি চৰকাৰৰ কৰ আদায়ৰ পৰিমাণ সন্তোষজনক হাৰত বৃদ্ধি হোৱাৰ কথাও আৰ বি আয়ে উল্লেখ কৰিছে৷ সেইদৰে ‘ইক্রা’ৰ শেহতীয়া এক প্রতিবেদনত দাবী কৰা অনুসৰি চলিত ২০২১–২২ আৰু আগন্তুক ২০২২–২৩ বিত্তীয় বর্ষত ভাৰতৰ প্রকৃত মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) বৃদ্ধিৰ হাৰ ৯ শতাংশৰ আশে–পাশে থাকিব৷ অমিক্রনৰ সংক্রমণ তথা তৃতীয় ঢ়ৌৰ আশংকা সত্ত্বেও জি ডি পি বৃদ্ধিৰ এই সম্ভাব্য হাৰত অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব বুলি মূল্যায়নকাৰী সংস্থাটোৱে প্রকাশ কৰিছে৷ যদিহে বাস্তৱত দুয়োখন প্রতিবেদনৰ তথ্যই পৰিস্ফুট হয়, তেন্তে সংকটকালতো দেশৰ অর্থনীতিৰ বাবে এয়া এক প্রত্যাশাপূর্ণ দিশ হ’ব৷
দেশৰ অর্থনীতিয়ে গতি লাভ কৰা বুলি প্রতিবেদনত উল্লেখ কৰিও একে সময়তে আৰ বি আয়ে কেতবোৰ সংশয়জনক দিশৰো অৱতাৰণা কৰিছে৷ ভাৰতৰ শীর্ষ বেংকটোৰ মতে ক্রমবর্ধমান মূল্যবৃদ্ধি এতিয়াও উদ্বেগজনক বিষয়৷ সেইদৰে বেচৰকাৰী বিনিয়োগ–চাহিদা, এই দুয়োটাই বর্তমানেও প্রাক্ ক’ৰোনা কালতকৈও নিম্ন স্থানত আছে৷ তাৰ মাজতে দেশত আৰম্ভ হৈছে অমিক্রনৰ সংক্রমণ৷ এনে প্রেক্ষাপটত কেন্দ্রীয় চৰকাৰে চলিত বিত্তীয় বর্ষত ৰাজকোষ ঘাটিৰ লক্ষ্যমাত্রা বান্ধি হয়তো ৰাখিব নোৱাৰিব৷ অমিক্রন তথা শেহতীয়াকৈ পুনৰ আৰম্ভ হোৱা ক’ভিডৰ সংক্রমণৰ ফলত যাতে দেশৰ অর্থনীতি পূর্বৰ দৰে সাংঘাটিক ধৰণে ক্ষতিগ্রস্ত নহয়, তাৰ প্রতি লক্ষ্য ৰাখি আৰ বি আই আৰু ‘ইক্রা’ই সর্বাধিক গুৰুত্ব আৰোপ কৰিছে প্রতিষেধক প্রদানত৷ ইক্রাৰ মুখ্য অর্থনীতিবিদ অদিতি নায়াৰে এই সম্পর্কত সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য অনুসৰি অহা মার্চ মাহৰ ভিতৰত ৮৫ শতাংশৰ পৰা ৯০ শতাংশ পর্যন্ত প্রাপ্তবয়স্ক লোকে প্রতিষেধক পোৱাৰ সম্ভাৱনা আছে৷ সেইদৰে ১৫ৰ পৰা ১৮ বছৰ বয়সৰ লোকসকলকো প্রতিষেধক প্রদানৰ পদক্ষেপ গ্রহণ কৰিছে চৰকাৰে৷ তদুপৰি বুষ্টাৰ ড’জ প্রদানৰ কথাও ঘোষণা কৰা হৈছে৷ প্রতিষেধকে অমিক্রনৰ সংক্রমণ কিমান প্রতিহত কৰিব পাৰে, সেয়া লক্ষণীয় হ’ব বুলি মন্তব্য কৰিছে ইক্রাৰ মুখ্য অর্থনীতিবিদগৰাকীয়ে৷ পিছে সেয়া যি কি নহওক, অমিক্রন–ক’ৰোনাৰ সুৰক্ষাৰ ঢ়াল স্বৰূপে সম্প্রতি বিবেচিত হৈছে প্রতিষেধক গ্রহণ কৰাটো৷ চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষই প্রতিজন লোকে যাতে প্রতিষেধক লাভ কৰে, সেয়া নিশ্চিত কৰা উচিত৷ সমান্তৰালভাৱে এতিয়াও প্রতিষেধক লোৱাৰ পৰা আঁতৰি থকা নাগৰিকসকলে নিজেও আগবাঢ়ি আহিব লাগিব৷ ইয়াৰ অন্যথা দেশ হয়তো আন এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব৷ লগে লগে অমূলক হ’ব আৰ বি আই–ইক্রাৰ প্রত্যাশাপূর্ণ বার্তা৷

You might also like