নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃ–মাতৃ, শহুৰ–শাহুৰে ফটো তুলি দিব লাগিব কর্মচাৰীয়ে

৬–৭ জানুৱাৰীত ৰাজ্য চৰকাৰৰ বিশেষ ছুটী

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ ৰাজ্য চৰকাৰে চৰকাৰী কর্মচাৰীসকলক পিতৃ–মাতৃ, শহুৰ–শাহুৰ সৈতে কটোৱাৰ বাবে অহা ৬–৭ জানুৱাৰীত বিশেষ ছুটীৰ ব্যৱস্থা কৰিছে৷ এই ছুটী লাভ কৰাৰ বাবে কর্মচাৰীসকলে ঊর্ধ্বতন কর্তৃপক্ষৰ ওচৰত আবেদন কৰিব লাগিব৷ আবেদন কৰিলেহে এই ছুটী লাভ কৰিব৷ আজি বিশ্বনাথত সাংবাদিকৰ আগত এই বিষয়ে মন্তব্য কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ৬–৭ জানুৱাৰীৰ উপৰি ৮ জানুৱাৰী দ্বিতীয় শনিবাৰ আৰু ৯ জানুৱাৰী দেওবাৰ হোৱা হেতু কর্মচাৰীসকলে চাৰি দিন পিতৃ–মাতৃ, শহুৰ–শাহুৰ সৈতে কটাব পাৰিব৷ অৱশ্যে ছুটীৰ পাছত উভতি আহি তেওঁলোকে পিতৃ–মাতৃ, শহুৰ–শাহুৰ সৈতে সেই দিনকেইটা কটোৱাৰ ১০–১২খন আলোকচিত্র সংশ্লিষ্ট ঊর্ধ্বতন কর্তৃপক্ষক জমা দিব লাগিব৷

তদুপৰি এই সম্পর্কত চৰকাৰে মুকলি কৰা প’র্টেলতো সেই আলোকচিত্র আপলোড কৰিব পাৰিব, যাতে সকলোৱে সেয়া চাব পাৰে৷ যিসকলে পিতৃ–মাতৃ, শহুৰ–শাহুৰ সৈতে সেই দিনকেইটা কটোৱাৰ আলোকচিত্র আপলোড নকৰে, তেওঁলোকৰ ক্ষেত্রত ৬–৭ জানুৱাৰীৰ দিন দুটা বিশেষ ছুটীৰ পৰিৱর্তে নৈমিত্তিক ছুটীৰ পৰা কর্তন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ অৱশ্যে ৰাজ্যৰ কোনো কর্মচাৰীয়ে ফাঁকি নিদিয়ে বুলি তেওঁৰ বিশ্বাস আছে বুলি কয়৷

আনহাতে, অহা বছৰৰ পৰা ৰাজ্যিক কর্মচাৰীক পিতৃ–মাতৃক লৈ ধর্মীয় স্থান পর্যটনৰো চৰকাৰে সুবিধা দিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইক্ষেত্রত প্রয়োজনত চৰকাৰে ধন যোগান ধৰিব৷ মুখ্যমন্ত্রীৰ মতে, পিতৃ–মাতৃৰ দর্শন লাভৰ পাছত কর্মচাৰীসকলে কর্মপ্রেৰণা লাভ কৰিব বুলি আশা ব্যক্ত কৰে৷

ইপিনে এতিয়াৰে পৰা ছাত্র–ছাত্রীসকলক বিদ্যালয়তেই জাতিৰ প্রমাণ–পত্র দিয়াৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নৱম বা দশম শ্রেণীত পঢ়ি থকা অৱস্থাতেই উপায়ুক্তৰ কার্যালয়ৰ পৰা বিষয়া গৈ ছাত্র–ছাত্রীসকলক জাতিৰ প্রমাণ–পত্র প্রদান কৰিব৷ বিদ্যালয়ত যিহেতু শিক্ষকৰ লগতে স্থানীয় ৰাইজো থাকে, সেয়ে কোনজন ছাত্র–ছাত্রী কোন জাতিৰ, সেয়া জনাত সুবিধাহে হ’ব৷ এই বছৰ নৱম শ্রেণীৰ পৰাই এই প্রক্রিয়া আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ বাবে জনসাধাৰণ উপায়ুক্তৰ কার্যালয়লৈ যোৱাৰ প্রয়োজন নাথাকিব৷ এই সন্দর্ভত অচিৰেই চৰকাৰে এছ অ’ পি প্রকাশ কৰিব৷

You might also like