নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত দহ মিনিটৰ বাবে জিলা উপায়ুক্ত হ’ল দশম শ্ৰেণীৰ ছাত্ৰী প্ৰিয়ংকা দাস!

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো আজি ১৫ বছৰৰ পৰা ১৮ বছৰৰ বয়সৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আজি ক’ভিড ভেকচিন প্ৰদান নামনি মাজুলীত শুভাৰম্ভ কৰা হয় । আজি পুৱা নামনি মাজুলীৰ খাৰজান পাৰ জনজাতি হাইস্কুলত মাজুলীৰ জিলা উপায়ুক্ত পুলক মহন্তই শুভাৰম্ভ কৰে । খাৰজানপাৰ জনজাতি হাইস্কুলৰ ১৮৪ জন ছাত্র ছাত্ৰীৰ মাজত কভিডৰ কভাস্কিন ভেকচিন প্ৰদান কৰি উক্ত ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰে । ছাত্র-ছাত্ৰীক ভেকচিন প্ৰদানৰ উক্ত শুভাৰম্ভ অনুষ্ঠান উপলক্ষে আজি পুৱা দহ বজাত খাৰজান পাৰ মিলিত কৃষ্টি সংঘত আৰম্ভ হয়। খাৰজানপাৰ জনজাতি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সমবেত সংগীতৰে শুভাৰম্ভ হোৱা ভেকচিন উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে আশা চুপাৰ ভাইজাৰ ৰুবী সভাপণ্ডিত আৰু খাৰজান পাৰ জনজাতি হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক ৰাজীৱ দত্ত ভূঞাই ।

মাজুলীৰ জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত উক্ত ভেকচিন শুভাৰম্ভ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্তয়ে । উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে উক্ত ১৫ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰত মাজুলীৰ ১৩৮খন হাইস্কুলৰ ১২০০০ ছাত্ৰ ছাত্ৰীক সামৰি ভেকচিন প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে । জিলাখনৰ ৪৩ খন বিদ্যালয়ৰ ২৭৫০ জন ছাত্র ছাত্ৰীক আজি ২১ টা চিকিৎসা গোটে ভেকচিন প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে।

উক্ত আৰম্ভণি অনুষ্ঠানত মাজুলী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ নীলকান্ত পেগুয়ে মাজুলীক ক’ভিড মুক্ত কৰাৰ বাবে সকলো পোন্ধৰ বছৰৰ উদ্বৰ ছাত্র ছাত্ৰীক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । তাৰপাছতে মাজুলীৰ জিলা উপায়ুক্ত পুলক মহন্তই পোন্ধৰ বছৰ ওপৰৰ ছাত্র ছাত্ৰীৰ ক’ভিড ভেকচিন প্ৰদান অনুষ্ঠান শুভাৰম্ভ কৰে ।

উপায়ুক্ত মহন্তই খাৰজানপাৰ জনজাতি হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্রী প্ৰিয়ংকা দাসক উপায়ুক্ত জনৰ আসনত বহুৱাই দহ মিনিটৰ বাবে ছাত্ৰীগৰাকীক মাজুলীৰ জিলা উপায়ুক্ত বুলি ঘোষণা কৰে । উপায়ুক্তৰ আসনত বহা দশম শ্ৰেণীৰ ছাত্ৰী প্ৰিয়ংকা দাসক স্বাস্থ্য বিভাগৰ এ এন এম নিলীমা বৰুৱাই প্ৰথমটো ক’ভিড ভেকচিন প্ৰদান কৰে । তাৰপাছত হাইস্কুল খনৰ ১৮৪ জন ছাত্ৰ-ছাত্ৰীক ক’ভিড ভেকচিন প্ৰদান কৰে ।

উক্ত উদ্বোধনী অনুষ্ঠানত মাজুলীৰ অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা , কাৰ্তিক কলিতা, মহকুমা প্ৰাথমিক স্বাস্থ্য বিষয়া ডা০ বিমল পেগু, মাজুলী জিলা বিদ্যালয় সমূহৰ উপ- পৰিদৰ্শক নৰনাথ গোঁহাই, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সৌৰভ বৰফুকন, বিদ্যালয় সহ – পৰিদৰ্শক কেশৱ দেউৰী , জিলা আঁচনি বিষয়া ৰিতুৰাজ হাজৰিকা আদি উপস্থিত থাকে । উক্ত ,অনুষ্ঠানত মাজুলী জিলা স্বাস্থ্য বিভাগৰ বহু বিষয়া- কৰ্মচাৰী ,স্বাস্থ্য কৰ্মী আদি উপস্থিত থাকে ।

প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড

You might also like