ফিফা বিশ্বকাপত নৰৱে’ৰ গোপন অস্ত্র ৩০০ কেজি মাছ…
ডিজিটেল ডেস্ক, ৫ জুন : অন্ত পৰিল সুদীর্ঘ ২৮ বছৰীয়া অপেক্ষাৰ৷ ১৯৯৮ চনৰ পিছত প্রথমবাৰৰ বাবে ফিফা বিশ্বকাপৰ মঞ্চত দেখা যাব নৰৱে’ক৷ যদিও তেওঁলোকে ৬খনকৈ বিশ্বকাপত স্থান লাভ কৰিব নোৱাৰিলে, এইবাৰ সেই ব্যর্থতা অতিক্রম কৰি ফিফা বিশ্বকাপত ভাগ ল’বলৈ ওলাইছে আলিং হালাণ্ড আৰু মার্টিন অ’ডেগার্ডৰ দলটোৱে৷
ইতিমধ্যে নৰৱে’ দলটো আমেৰিকাত উপস্থিত হৈছে৷ অৱশ্যে খেলপথাৰত নমাৰ পূর্বে নৰৱে’ৰ দলটোৱে আন এক কাৰণত শিৰোনাম দখল কৰিছে৷ দলটোৱে বিশ্বকাপৰ বাবে প্রায় ৩০০ কেজি কেঁচা মাছ আৰু ১১৬ কেজি নৰৱে’ৰ বিখ্যাত ব্রাউন চীজ লৈ গৈছে৷ যদিও কথাটো আচৰিত যেন লাগে তথাপি ইয়াৰ আঁৰত এটা বিশেষ পৰিকল্পনা আছে৷ নৰৱে’ই খাদ্যক অতি গুৰুত্ব দিয়ে যাতে ফুটবলাৰসকলে নিজৰ শ্রেষ্ঠখিনি দিব পাৰে৷ সেইবাবে দলটোৰ সৈতে আছে দুজন বিখ্যাত শ্বেফ এৰন এস্পেলেণ্ড আৰু এৰিক টাফটে৷ শ্বেফ দুজনে হালাণ্ড–অ’ডেগার্ডৰ বাবে বিশেষ খাদ্য প্রস্তুত কৰিব৷
নৰৱে’ৰ শ্বেফসকলে বিশ্বাস কৰে যে উত্তম খাদ্যৰ বাবে নৰৱে’ৰ উত্তম উপাদানৰ প্রয়োজন৷ গতিকে স্থানীয় বজাৰৰ ওপৰত নির্ভৰ কৰাৰ পৰিৱর্তে দেশৰ পৰা মাছ, পনীৰ আদি খাদ্য সামগ্রী লগত লৈ আহিছে৷ বিশেষকৈ ৰঙা মাছ আৰু ব্রাউন চীজক নৰৱে’ৰ খাদ্য সংস্কৃতিৰ এক গুৰুত্বপূর্ণ অংশ হিচাপে দেখা যায়৷ এৰন এস্পেলেণ্ডে কয় যে নৰৱে’ৰ পৰা আমেৰিকালৈ প্রায় আধা টন মাছ পঠোৱাটো কোনো সহজ কাম নহয়৷ কিন্তু আমি ফুটবলাৰসকলৰ বাবে উচ্চমানৰ খাদ্যৰ আয়োজন কৰাৰ বাবে এই উদ্যোগ লৈছোঁ৷ উল্লেখ্য যে ১৬ জুনত ইৰাকৰ বিৰুদ্ধে খেলি নৰৱে’ই বিশ্বকাপত অভিযান আৰম্ভ কৰিব৷