প্রত্যেকৰে জীৱন ব্রত–সামর্থ্য–গুণ আত্মাৰে পৰিচয় কৰাই দিয়াই শিক্ষকৰ দায়িত্ব
বোকাখাত কলেজ–কমাৰগাঁও কলেজত বত্তৃণতানুষ্ঠানত বিশিষ্ট সাহিত্যিক–অনুবাদক দিগন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ বৃহস্পতিবাৰে বোকাখাতৰ জেডিএছজি মহাবিদ্যালয়ত মহাবিদ্যালয়ৰ প্রয়াত শিক্ষক–কর্মচাৰী সোঁৱৰণী প্রথম বার্ষিক স্মাৰক বত্তৃণতানুষ্ঠান অনুষ্ঠিত হয়৷ জেডিএছজি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত অনুষ্ঠিত হোৱা বত্তৃণতানুষ্ঠানৰ আদৰণী ভাষণ আগবঢ়ায় মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ জয়ন্ত গগৈয়ে৷ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ অৰুণ বৰাই আঁত ধৰা সভাৰ বত্তৃণতানুষ্ঠান উদ্বোধন কৰে খাগৰিজান কলেজৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ড০ সাগৰ বৰুৱাই৷ বিশিষ্ট সাহিত্যিক, সাহিত্য অকাডেমিৰ অনুবাদ সাহিত্য বঁটাপ্রাপক তথা বিশিষ্ট চিন্তাবিদ দিগন্ত বিশ্ব শর্মাই সমল ব্যক্তি হিচাপে উপস্থিত থাকে৷ ‘ভাৰতৰ শিক্ষাদৃষ্টিত এভুমুকিঃ বিবেকানন্দ, শ্রীৰবিন্দৰ পৰা ইউনেস্ক’লৈ’ বিষয়ক বত্তৃণতানুষ্ঠানত ভাষণ প্রসংগত তেওঁ উল্লেখ কৰে– ‘মই যিখন কিতাপ অনুবাদ কৰাৰ বাবে সাহিত্য অকাডেমি বঁটা পাইছিলোঁ, মহাযোগী শ্রীৰবিন্দৰ ভাৰতীয় সংস্কৃতিৰ ভিত্তিৰ কিতাপখনত মহাযোগীয়ে কিতাপখনত এটা অতি গুৰুত্বপূর্ণ কথা কৈছে৷ তাজমহল এজন ৰজাৰ প্রণয় কাহিনীৰ ইন্দ্রিয় কার্য স্মৃতিচিহ্ণ মাত্র নহয়৷ আনকি চন্দ্র–সূর্যৰ পৰা কাটি উলিওৱা কোনো সন্মোহন যাদুমন্ত্রও নহয়৷ তেতিয়াহ’লে তাজমহল কি? মহাযোগীয়ে লিখিছে– যি প্রেম মৃত্যুক অতিক্রম কৰিও বাচি থাকে, সেই প্রেম সনাতন সপোন৷ আৰু সেই দৃষ্টিৰেই মই মোৰ অকৃত্রিম আশা ব্যক্ত কৰিছোঁ– এই প্রয়াত শিক্ষক–কর্মচাৰীসক্ আপোনালোকে মৃত্যুৰ পিছতো জীয়াই ৰখাৰ যি প্রচেষ্টা লৈছে, তাক মই শ্রদ্ধা জনাইছোঁ৷ মই কোনো পণ্ডিত নহয় আৰু মোৰ কোনো পাণ্ডিত্যও নাই৷ মোৰ জীৱনৰ এটা সময়ত বত্তৃণতা মোৰ প্রবৃত্তি আছিল৷ জীৱনৰ চাৰি–পাঁচ দশক ধৰি মই বত্তৃণতা দিছো৷ আজি বত্তৃণতা মোৰ প্রবৃত্তি নহয়৷ এতিয়া মোৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে৷’
প্রসংগক্রমে তেওঁ কয় যে আমি বৃহৎ পুঁজিপতিৰ দাসহে সৃষ্টি কৰিব বিচাৰোঁ৷ মহাযোগীয়ে ‘হিউমেন চার্কোল’ নামৰ এখন কিতাপৰ সভ্যতা আৰু বর্বৰ শিক্ষকতা নামৰ এক প্রবন্ধত লিখি গৈছে যে এইটো এটা বাণিজ্যিক যুগ, এইটো সাংস্কৃতিক যুগ নহয়, এইটো শৈক্ষিক যুগ নহয়৷ আমি যিটো যুগত বাস কৰিছোঁ আৰু পাঁচশ বছৰৰ পিছত মানুহে বর্বৰতাৰ ওপৰত গৱেষণা–পত্র লিখি পি এইচ ডি ডিগ্রী লাভ কৰিব৷ শর্মাই লগতে কয়– ‘যদি আধুনিক শিক্ষাই একমাত্র শিক্ষা, তেতিয়াহ’লে স্বামী বিবেকানন্দক কোনে শিক্ষা দিছিল? তেওঁৰ গুৰু ৰামকৃষ্ণ পৰমহংস ডিগ্রীধাৰী শিক্ষিত নাছিল৷ একলব্যক কোনে শিক্ষা দিছিল? লি’নার্ড’ দ্য ভিন্সি, বিবেকানন্দ বা জ্যোতিপ্রসাদৰহে জীৱন ব্রত আছিল নেকি? পৃথিৱীৰ প্রতিজন লোকৰে জীৱন ব্রত আছে৷ শিক্ষকসকলৰ দায়িত্ব হ’ল প্রত্যেকৰে জীৱন ব্রত, সামর্থ্য, গুণ আৰু আত্মাৰ স’তে পৰিচয় কৰাই দিয়া, তেতিয়া সকলোৰে ভিতৰত এক মন্দাকিনী ধাৰা প্রৱাহিত হ’ব৷’ বোকাখাত জেডিএছজি মহাবিদ্যালয়ৰ প্রেক্ষাগৃহৰ এই অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ মানসী ফুকন, পৰিচালনা সমিতিৰ সভাপতি ড০ বিভা বৰা, প্রাক্তন ভাৰপ্রাপ্ত অধ্যক্ষ বাবুলাল মোৰ, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, সাংবাদিক ৰাজীৱ বৰা, দিব্যজ্যোতি হাজৰিকা, প্রদীপ হাজৰিকা, অমৰ শর্মা, সমাজকর্মী অনিমেষ শইকীয়া আদিৰ লগতে মহাবিদ্যালয় শিক্ষক গোট, ছাত্র–ছাত্রীৰ উপস্থিতিত মহাবিদ্যালয়খনৰ মুখপত্র ‘জেডিএছজিয়ান’ আৰু তিনিখন গৱেষণা গ্রন্থ উন্মোচন কৰা হয়৷ আনহাতে, পুৱাৰ ভাগতে মহাবিদ্যালয়ৰ ভূমিদাতা যোগানন্দ দেৱ গোস্বামীৰ প্রতিমূর্তিত মাল্যার্পণ কৰাৰ লগতে মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ভৰত চন্দ্র মিশ্র, অজিত কুমাৰ বৰা, উপাধ্যক্ষ মহেন্দ্র নাথ শইকীয়া, অধ্যাপক বিমান বৰঠাকুৰ, দীপা দত্ত বৰঠাকুৰ, প্রবীণ চন্দ্র বৰঠাকুৰ, মৃদুল বৰুৱা, কর্মচাৰী আনোৱাৰ হুছেইন, পুতু আচার্য, বিলীন বৰা আৰু নির্মল ভৰালীৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জনায়৷ প্রয়াতসকলৰ পৰিয়ালৰ লোককো মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বর্ধনা জ্ঞাপন কৰা হয়৷
কমাৰগাঁও কলেজত ‘জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা’ শীর্ষক আলোচনা–চক্র
, মহুৰামুখ, কমাৰগাঁও ‘প্রতিগৰাকী ছাত্র–ছাত্রীৰ মাজত লুকাই থাকে সম্ভাৱনা৷ ইয়াৰ বিকাশৰ কাৰণে আমি সমাজে, পৰিয়ালে, অভিভাৱকে, শিক্ষক–শিক্ষয়িত্রীয়ে আৰু ৰাষ্ট্রই প্রতিটো মুহূর্তত ছাত্র–ছাত্রীক সহস্র উপায়েৰে কেৱল আৰু কেৱল উৎসাহিত কৰিব লাগে৷ জীৱনৰ লক্ষ্য সদায় সুউচ্চ হ’ব লাগে৷ সম্প্রসাৰণেই জীৱন, সংকোচনেই মৃত্যু৷ লক্ষ্যহীন জীৱন সদাদুর্বিষহ জীৱন৷ সংকীর্ণতাই জীৱন ৰুগীয়া কৰে৷’– বৃহস্পতিবাৰে কমাৰগাঁও কলেজৰ উদ্যোগত সোণালী জয়ন্তী উপলক্ষে আয়োজন কৰা ‘জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা’ শীর্ষক আলোচনা–চক্রত সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমি বঁটাপ্রাপক, সু–তার্কিক দিগন্ত বিশ্ব শর্মাই এনেদৰে কয়৷ মহাভাৰত, ৰামায়ণ, গীত–ভাগৱত, বেদ–উপনিষদ, ৰত্নাকৰৰ পৰা বাল্মিকীলৈ, ঋষি–মুনি, পণ্ডিত, মহৎ লোকৰ আদর্শ, সাধু কথা আৰু বিভিন্ন উপমাৰে জীৱনৰ সার্থকতা কেনেকৈ লাভ কৰিব পাৰি, সেই সন্দর্ভত দুঘণ্টাজোৰা ভাষণ দিয়ে বিশিষ্ট সাহিত্যিক দিগন্ত বিশ্ব শর্মাই৷ কঠোৰ সাধনা, ত্যাগ, আধ্যাত্মিকতাৰ জ্ঞান লাভৰ যোগেৰে আগুৱাই গ’লেহে সাধাৰণ জীৱনৰ পৰা মহাজীৱন লাভ কৰিব পাৰি বুলি গুৰুত্বপূর্ণ মন্তব্য কৰে তেওঁ৷ বিশিষ্ট সাহিত্যিক দিগন্ত বিশ্ব শর্মাক কলেজৰ অধ্যক্ষা ড০ বিজুলী বৰচেতিয়া আৰু শিক্ষক গোটৰ সভাপতি গৌতম কুমাৰ শইকীয়াই গ্রন্থ আৰু জাতীয় বস্ত্রৰে সম্বর্ধনা জনায়৷ কমাৰগাঁও কলেজৰ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা সোঁৱৰণী প্রেক্ষাগৃহত অনুষ্ঠিত আলোচনা–চক্রৰ আঁত ধৰাৰ লগতে শলাগ জ্ঞাপন কৰে অধ্যাপক অঞ্জন শইকীয়াই৷