নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ ৰাজ্যৰ নির্বাচনৰ পাছতে দেশত পেট্র’ল–ডিজেলে জ্বলাব জুই

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ আণুবীক্ষণিক ভাইৰাছ ক’ভিড–১৯সৃষ্ট পৰিস্থিতিত জীৱন–জীৱিকাৰ সংশয়ৰ সমান্তৰালভাৱে বজাৰত প্রতিবিধ সামগ্রীৰ আকাশলংঘী দামে ইতিমধ্যে পিষ্ট কৰিছে খাটিখোৱা সর্বসাধাৰণ জনতাক৷ ইয়াৰ মাজতে আন্তর্জাতিক বজাৰত প্রতিদিনে খাৰুৱা তেলৰ দৰ হোৰাহোৰে বৃদ্ধি পাবলৈ ধৰা বিষয়টোৱে উদ্বিগ্ণতাৰ সৃষ্টি কৰিছে৷ সম্প্রতি ভাৰতৰ দৰে দেশ এখনত খাৰুৱা তেলৰ আকাশলংঘী দাম বৃদ্ধিয়ে বিৰূপ প্রভাৱ পেলোৱাটো জনমানসত স্পষ্ট হোৱা নাই যদিও শীঘ্রে ইয়াৰ মাধমাৰ জনসাধাৰণৰ ওপৰত পৰাটো কার্যতঃ নিশ্চিত বুলি ইতিমধ্যে সম্ভাৱনা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে৷

বিশেষজ্ঞসকলে আশংকা প্রকাশ কৰা মতে, ক’ভিড–১৯ত তচনচ হৈ পৰা দেশৰ অর্থনীতিত খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে মোক্ষম আঘাত হানিব৷ ভাৰতে বছৰি প্রয়োজনীয় মুঠ খাৰুৱা তেলৰ ৮৬ শতাংশই আমদানি কৰে৷ প্রতিনিয়ত খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ ফলত এই আমদানিৰ বিপৰীতে ভাৰতে অতিৰিক্ত ধন ভৰিবলগীয়া হৈছে৷ এনেদৰে অতিৰিক্ত ধন ব্যয় হ’লেও বিগত প্রায় তিনি মাহ ধৰি দেশত পেট্র’ল–ডিজেলৰ দাম বৃদ্ধি পোৱা নাই৷ চর্চা অনুসৰি পাঁচ ৰাজ্য ক্রমে পঞ্জাব, উত্তৰ প্রদেশ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভাৰ সমাগত বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখিয়ে ইন্ধনৰ দাম বৃদ্ধিৰ ক্ষেত্রত কোনোধৰণৰ সিদ্ধান্ত লোৱা নাই কেন্দ্রীয় চৰকাৰে৷ কিন্তু এই পাঁচ ৰাজ্যৰ ভোটগ্রহণ তথা নির্বাচনী প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতেই কেন্দ্রীয় চৰকাৰে পেট্র’ল–ডিজেলৰ পুনৰ দাম বৃদ্ধি কৰিব৷ যদি সেয়াই হয়, তেন্তে ইয়াৰ লগে লগে দেশৰ বজাৰত দাম বৃদ্ধিৰ জুইকুৰাই আৰু অধিক ভয়ংকৰ হৈ উঠিব৷

কিয়নো পেট্র’ল–ডিজেলৰ লগত সম্পর্ক আছে পৰিবহণ ব্যৱস্থাটোৰ৷ দেশত খাদ্যকে ধৰি বিভিন্ন সা–সামগ্রী সাধাৰণতে পথযোগেই সৰবৰাহ কৰা হয়৷ এক কথাত ক’বলৈ গ’লে পাঁচ ৰাজ্যৰ নির্বাচনৰ পাছত পেট্র’ল–ডিজেলে দেশত জুই জ্বলাব৷ তদুপৰি আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ লেকামহীন দাম বৃদ্ধিয়ে অধিক বিধ্বস্ত কৰি পেলাব দেশৰ অর্থনীতিক৷ ইতিমধ্যে শ্বেয়াৰ বজাৰত ইয়াৰ প্রতিফলন ঘটা দেখা গৈছে৷ তদুপৰি এই বিষয়টোৰ লগত জড়িত হৈ আছে ভাৰতীয় মুদ্রাৰ মূল্য, মুদ্রাস্ফীতি, ৰাজহ ঘাটি আদিৰ দৰে দেশৰ অর্থনীতিৰ পৰিকাঠামোৰ গুৰুত্বপূর্ণ দিশসমূহ৷

উল্লেখ্য যে পূব ইউৰোপ আৰু মধ্যপ্রাচ্যত অব্যাহত থকা ভূ–ৰাজনৈতিক সংঘাতৰ পৰিণতিতে বিগত প্রায় এটা মাহৰ ভিতৰত আন্তর্জাতিক বজাৰত প্রতিবেৰেল ব্রেণ্ট খাৰুৱা তেলৰ দৰ ৭৫.২৯ ডলাৰৰ পৰা গৈ ৯১ ডলাৰ অতিক্রম কৰিছে৷ অর্থাৎ প্রায় এটা মাহৰ ভিতৰতে ১৭.৫৮ শতাংশ পর্যন্ত বৃদ্ধি হৈছে প্রতিবেৰেল ব্রেণ্ট খাৰুৱা তেলৰ দাম৷ তথ্য অনুসৰি ২০১৪ চনৰ অক্টোবৰ মাহৰ পাছত তথা সাত বছৰ তিনি মাহৰ ভিতৰত অপৰিশোধিত ইন্ধনৰ এনে দাম বৃদ্ধি সর্বাধিক৷ সমগ্র বিষয়টো সম্প্রতি ভাৰতৰ দৰে দেশ এখনৰ কাৰণে অতি স্পর্শকাতৰ ৰূপে বিবেচিত হৈছে৷

কিয়নো অহা ৩১ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন আৰম্ভ হ’ব আৰু ১ ফেব্রুৱাৰীৰ দিনা কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আগন্তুক ২০২২–২৩ বিত্তীয় বর্ষৰ বাবে বাজেট দখিল কৰিব৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে দাখিল কৰিবলগীয়া বাজেটৰ বাবে এক প্রত্যাহ্বান হ’ব বুলি বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে৷ তেওঁলোকৰ মতে, দাম বৃদ্ধিয়ে ভাৰতৰ বৈদেশিক মুদ্রাৰ বহিঃপ্রৱাহ, ৰাজহ ঘাটি আৰু মুদ্রাস্ফীতিত প্রত্যক্ষ প্রভাৱ পেলায়৷ শেহতীয়াকৈ যোৱা ১৯ জানুৱাৰীত বেংক অৱ বৰোডাৰ দ্বাৰা প্রকাশিত এক প্রতিবেদনত কোৱা হৈছে যে খাৰুৱা তেলৰ ১০ শতাংশ দাম বৃদ্ধিয়ে ভাৰতত প্রায় ০.৯ শতাংশ পাইকাৰী মূল্য সূচাংক (ডব্লিউ পি আই) বঢ়ায়৷ এই প্রতিবেদনখনত ইন্ধনৰ দাম বৃদ্ধিৰ পৰিপ্রেক্ষিতত ২০২২–২৩ আৰু ২০২৩–২৪ বর্ষৰ ডব্লিউ পি আইত ক্রমে ১২ শতাংশ আৰু ৬ শতাংশ মুদ্রাস্ফীতি ঘটোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ একেদৰে খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে গ্রাহক মূল্য সূচাংক (চি পি আই) মুদ্রাস্ফীতিতো লক্ষণীয় প্রভাৱ পেলাব বুলি কোৱা হৈছে একেখন প্রতিবেদনত৷ অকল সেয়াই নহয়, খাৰুৱা তেলৰ আন্তর্জাতিক বজাৰত সৃষ্টি হোৱা এনে অভাৱনীয় পৰিস্থিতিয়ে ডলাৰৰ তুলনাত হ্রাস কৰিব পাৰে ভাৰতীয় মুদ্রাৰ মূল্যও৷ ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত ২০১৯–২০ বিত্তীয় বর্ষত ২৭ শতাংশ আৰু ২০২০–২১ বিত্তীয় বর্ষত ২১ শতাংশ ভাৰতৰ খাৰুৱা তেলৰ আমদানি হ্রাস পাইছিল৷ চলিত ২০২১–২২ বিত্তীয় বর্ষত আমদানি কিছু বাঢ়িলেও পূর্বৰ অৱস্থালৈ ঘূৰি যোৱা নাই৷

প্রতিবেদনখনত কোৱা হৈছে যে ইন্ধনৰ দাম বৃদ্ধিৰ ফলত ভাৰতৰ কাৰেণ্ট একাউণ্ট ডেফিচিট (চি এ ডি) মুঠ ঘৰুৱা উৎপাদনৰ ০.৪ শতাংশ অর্থাৎ ১৫ বিলিয়ন ডলাৰ বাঢ়িব৷ যিটোৱে নেতিবাচক প্রভাৱ পেলাব ভাৰতীয় মুদ্রাৰ মূল্যত৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে ভাৰতীয় অর্থনীতিৰ আকাশলৈ কলীয়া ডাৱৰ কঢ়িয়াই অনাটো স্পষ্ট হৈছে শ্বেয়াৰ বজাৰৰ পৰাই৷ যোৱা সোমবাৰে বজাৰ মুকলি হোৱাৰ পাছতেই ছেনছেক্সৰ ১,৯৫৫ পইণ্ট অৱনমন ঘটে৷ নিফটীও ৫৯৬ পইণ্ট হ্রাস পাই হয়গৈ ১৭,০৫০৷ সপ্তাহৰ প্রথম দিনটোতেই বিনিয়োগকাৰীসকলে হেৰুৱাবলগীয়া হৈছিল প্রায় ৯ লাখ ১৫ হাজাৰ কোটি টকাৰ সম্পদ৷ সপ্তাহৰ অন্তিম দিনা অর্থাৎ হয়গৈ ৫৭,২০০.২৩৷ সেইদৰে নিফটী আছিল ১৭,১০১.৯৫৷ অর্থাৎ বিনিয়োগকাৰীসকলৰ শ্বেয়াৰ বজাৰত লোকচান অব্যাহত আছে৷ এনে অৱস্থাত খাৰুৱা তেলৰ আকাশলংঘী দাম বৃদ্ধিৰ বিষয়টোৱে উদ্বিগ্ণ কৰি তুলিছে বিনিয়োগকাৰীসকলক৷

You might also like