নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীৰ বিক্ষোভত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ পুনৰ শতাধিক শিক্ষার্থীৰ প্রতিবাদত উত্তাল হৈ পৰিল গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ৷ ক’ভিড পৰিস্থিতিৰ বাবে অনিয়মীয়া পাঠদানৰ মাজেৰেই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা কার্যত ক্ষোভ প্রকাশ কৰি প্রশাসনিক ভৱনৰ সন্মুখত শ শ শিক্ষার্থীয়ে প্রতিবাদ সাব্যস্ত কৰে৷ বিশেষকৈ স্নাতকোত্তৰ শাখাৰ প্রথম আৰু তৃতীয় ষাণ্মাসিকৰ অফলাইন পৰীক্ষাৰ দিন পিছুৱাই দিয়াৰ লগতে ক’ভিড আক্রান্ত শিক্ষার্থীৰ বাবে অনুষ্ঠিত কৰিবলগীয়া বিশেষ পৰীক্ষাৰ দিন ঘোষণাৰ দাবীৰে শিক্ষার্থীসকলে প্রতিবাদ সাব্যস্ত কৰে৷ ক্ষুব্ধ শিক্ষার্থীসকলে প্রশাসনিক ভৱনৰ সন্মুখত কেইবাঘণ্টাজোৰা অৱস্থানেৰে প্রতিবাদ সাব্যস্ত কৰে৷

উল্লেখ্য যে যোৱা ২১ জানুৱাৰীৰ পৰা স্নাতকোত্তৰ শাখাৰ প্রথম আৰু তৃতীয় ষাণ্মাসিকৰ অফলাইন পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ লগতে বহুসংখ্যক শিক্ষার্থী আক্রান্ত হোৱাত এই পৰীক্ষা পিছুৱাই দিয়া হয়৷ পৰৱর্তী সময়ত কাইলৈৰ পৰা এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ ফলত এই শিক্ষার্থীসকল ক্ষুব্ধ হৈ পৰে৷ বিশেষকৈ ক’ভিডৰ বাবে বহু শিক্ষার্থীয়ে পৰীক্ষাৰ প্রস্তুতি কৰিব নোৱাৰা বাবে পিছুৱাই দিবলৈ দাবী উত্থাপন কৰি আহিছে৷ সেয়েহে আজি এই শিক্ষার্থীসকলে পৰীক্ষাৰ পূর্বে অন্ততঃ ২০ দিনৰ অধ্যয়ন বিৰতি প্রদান কৰিবলৈ দাবী উত্থাপন কৰিছে৷ পৰৱর্তী সময়ত শিক্ষার্থীসকলৰ প্রতিবাদত সেও মানি গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই স্নাতকোত্তৰ আৰু আৰু ইণ্টিগ্রেটেড এম–কমৰ হ’বলগীয়া পৰীক্ষাসমূহ পিছুৱাই দিয়ে৷ পৰৱর্তী সময়ত এই পৰীক্ষাসমূহৰ দিন প্রকাশ কৰা হ’ব বুলিও এক জাননীৰ জৰিয়তে সদৰী কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই৷

You might also like