“আইন এক অতি শক্তিশালী অস্ত্ৰ; কিন্তু আপুনি এই অস্ত্ৰৰে কাক সুৰক্ষা দিয়ে সেয়াহে গুৰুত্বপূৰ্ণ!”
-প্ৰণৱজ্যোতি মহন্ত
“The law is a very powerful weapon. What’s important is who we protect by using it.”
“আইন এক অতি শক্তিশালী অস্ত্ৰ। কিন্তু আপুনি এই অস্ত্ৰৰে কাক সুৰক্ষা দিয়ে সেয়াহে গুৰুত্বপূৰ্ণ কথা।”
‘জয় ভীম’ হৈছে ইৰুলুৰ আদীৱাসী সম্প্ৰদায়ৰ এহাল দম্পতী চেংগেনি আৰু ৰাজকণুৰ কাহিনী। এই ছবিখন ৯০ ৰ দশকত তামিলনাডুত সংঘটিত সঁচা ঘটনাৰ ওপৰত আধাৰিত এখন ছবি। ৰাজকণুক আৰক্ষীয়ে মিছা অভিযোগত গ্ৰেপ্তাৰ কৰে আৰু তাৰ পিছত তেওঁ আৰক্ষীৰ জিম্মাৰ পৰা নিৰুদ্দেশ হয়। এনে পৰিস্থিতিত, তেওঁৰ পত্নীয়ে তেওঁক বিচাৰিবলৈ উকীল চান্দ্ৰুৰ (অভিনেতা সূৰ্যই অভিনয় কৰা চৰিত্ৰ) আশ্ৰয় লয়।
জয় ভীমে ইয়াৰ প্ৰথম দৃশ্যৰ পৰাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰথম দৃশ্যত দেখা গৈছে যে কিছু লোক স্থানীয় কাৰাগাৰৰ পৰা ওলাই আহিছে আৰু তেওঁলোকৰ পৰিয়াল বাহিৰত অপেক্ষা কৰি আছে। বাহিৰলৈ ওলাই অহা লোকসকলক তেওঁলোকৰ জাতি-বৰ্ণ সোধা হয় আৰু যিসকল নিম্ন জাতিৰ তেওঁলোকক পুনৰ এটা পুৰণি গোচৰত অভিযুক্ত কৰি আৰক্ষীক গতাই দিয়া হয়।
‘জয় ভীম’ সুৰিয়াৰ কেৰিয়াৰৰ গুৰুত্বপূৰ্ণ ছবিৰ ভিতৰত অন্যতম। এই ছবিখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াক উপস্থাপন কৰাৰ কৌশল। ছবিখনত কেৱল নায়কৰ (সুৰিয়া) ওপৰতেই গুৰুত্ব দিয়া হোৱা নাই, বৰঞ্চ প্ৰকৃত ঘটনা অনুসৰি আন আন চৰিত্ৰবোৰৰ ওপৰতো সমানে গুৰুত্ব দি ছবিখন আগবঢ়াই লৈ গৈছে পৰিচালকে। ছবিখনৰ মাধ্যমেৰে ইয়াকে দেখুৱাব বিচৰা হৈছে যে ন্যায়পালিকা আৰু আৰক্ষী বিভাগে সাধাৰণ লোকৰ ন্যায়ৰ বাবে কেনেদৰে একেলগে কাম কৰা উচিত।
ছবিখনত ১৯৯৫ চনৰ কিছুমান ভয়াৱহ পৰিস্থিতিৰ বিষয়ে দেখুওৱা হৈছে। একে সময়তে, ছবিখনত ইয়াকো সম্পূৰ্ণ গুৰুত্ব দিয়া হৈছে যে আজিও দেশৰ বহু অঞ্চলত নিম্ন জাতিৰ লোকসকলৰ বাবে এই পৰিস্থিতি বিশেষ একো পৰিৱৰ্তন হোৱা নাই। আন ছবিবোৰত যিদৰে আৰক্ষীক চুপাৰ হিৰু ৰূপত দৰ্শকৰ আগত দেখুৱাবলৈ পৰিচালকে যত্ন কৰে তাৰ বিপৰীতে এই ছবিখনত আৰক্ষীৰ নিৰ্মম অত্যাচাৰৰ ভয়ংকৰ ৰূপক দেখুওৱা হৈছে। য’ত কোনেৱে আৰক্ষীৰ কবলৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে।
জয় ভীমত জাতি-ভিত্তিক বৈষম্যৰ বিষয়টোও যথেষ্ট গুৰুত্ব সহকাৰে দেখুওৱা হৈছে। ছবিখনত সুৰিয়াক এজন উকীলৰ চৰিত্ৰত সুন্দৰ অভিনয় কৰা দেখা গৈছে। একে সময়তে কেৱল সুৰিয়াই নহয়, আন সকলো চৰিত্ৰই ভাল প্ৰদৰ্শন কৰিছে। ছবিখনত বহুতো এনে দৃশ্য আছে যিবোৰ চোৱাৰ পাছত আপুনি ভাবিবলৈ বাধ্য হ’ব। “দেশত গণতন্ত্ৰ ৰক্ষা কৰিবলৈ, কেতিয়াবা একনায়কত্বৰ প্ৰয়োজন হয়” আৰু “আইন অন্ধ, কিন্তু যদি আজি এই আদালত বোবাও হৈ পৰে তেনেহলে সমস্যা হ’ব”– এনেকুৱা ধৰণৰ কিছুমান সংলাপ আৰু দৃশ্যই ছবিখনক অধিক বিশেষ কৰি তুলিছে।