ঐতিহ্যৰ সংৰক্ষণ
ঐতিহ্যৰ সংৰক্ষণ বুলি ক’লেই প্রাচীন ঘৰ–মন্দিৰ আদিৰ দৰে নির্মাণ কিছুমানৰ কথাহে পোনে পোনে মনলৈ অহাৰ কাৰণ হ’ল ইয়াৰ দৃশ্যৰূপটিৰ প্রভাৱ৷ প্রাচীন মন্দিৰ এটিয়ে দর্শকগৰাকীক যি ক্ষিপ্রতাৰে অতীতৰ গৌৰৱ, স্মৃতি আৰু সময়লৈ লৈ যায়, তাৰ তুলনাত সাহিত্য অথবা অন্য শিল্পবস্তুৱে সেই অনুভৱ সৃষ্টি কৰিব নোৱাৰে৷ এশ বছৰ পুৰণি ঘৰ এটিক যেনেদৰে ঐতিহ্যপূর্ণ সংৰক্ষণ সম্পদ হিচাপে বিবেচনা কৰা হয়, একে সময়ৰ পুৰণি কিতাপ, পেইণ্টিং বা গীত একোটিক কিন্তু ঠিক তেনে ধৰণে সাধাৰণতে চোৱা নহয়৷ কিন্তু ঐতিহ্য সংৰক্ষণৰ কথা আহিলে এই আটাইবোৰ কথাই আহি পৰিব লাগে৷ এই কথাবোৰক আইনৰ দৃষ্টিৰে সুৰক্ষা দিয়া হৈছে আৰু ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কেইবাখনো আইনে এই সুৰক্ষাৰ কথাটো নিশ্চিত কৰিছে৷ কিন্তু বাস্তৱত দেখা যায় যে ইমানবোৰ আইন–কানুন থকাৰ পিছতো অসমত ঐতিহ্য সম্পদৰ ওপৰত অত্যাচাৰ চলিছে আৰু সম্পদবোৰ ধ্বংস হৈ গৈ আছে৷ কিছুমান সম্পদ ৰক্ষণাবেক্ষণৰ অভাৱত নষ্ট হৈ গৈছে আৰু কিছুমান নষ্ট হৈছে চৰকাৰী বিষয়াৰ অতপালিত৷ ঐতিহ্য সংৰক্ষণৰ কথাবোৰ চোৱাচিতা কৰিবলৈ চৰকাৰৰ বিভাগ আছে, সেই বিভাগে যদি ঠিক মতে কাম কৰা নাই, তেনেহ’লে তাক চাবলৈকেও বিভাগ আছে, বিধায়কসকল আছে, অন্ততঃ তেওঁলোকে বিধানসভাত এই বিষয়ৰ সমস্যা আৰু বিভাগীয় গাফিলতিৰ কথাবোৰৰ উত্তৰ বিচাৰি বিভাগীয় মন্ত্রীক প্রশ্ণ কৰিব পাৰে৷ কিন্তু কোনো বিধায়কেই ঐতিহ্য সংৰক্ষণক লৈ বিধি প্রণয়ন কৰিব পৰাকৈ কিবা প্রশ্ণ কৰা বা বিধানসভাত কিবা উত্থাপন কৰা চকুত পৰা নাই৷ এটা মন্দিৰৰ ৰক্ষণাবেক্ষণ বা এটা পুখুৰীৰ পাৰ বন্ধোৱা কামটোৰ বাবে চৰকাৰৰ বিভাগ থাকে, কিন্তু ৰাজ্যখনৰ সামগ্রিক ঐতিহ্য সংৰক্ষণৰ কথাটো বিধিগতভাৱে পৰিচালনা কৰিবলৈ আৰু পৰিৱর্তিত সময়ৰ লগত খাপ খুৱাই বিধিবোৰ প্রণয়ন কৰাৰ দৰে গুৰুত্বপূর্ণ কাম এটা কৰিবলৈ বিধায়কসকলৰ বিশেষ আগ্রহ থকাটো ক’তোৱেই প্রতিফলিত হোৱা নাই৷
অসমত ঐতিহ্য ৰক্ষাৰ ক্ষেত্রত দেখা দিয়া প্রধান সমস্যাটি হৈছে বিভিন্ন বিভাগৰ মাজত থাকিবলগীয়া সমন্বয়ৰ অভাৱ৷ দীঘলীপুখুৰীৰ পাৰত অসম চৰকাৰৰ এটা বিভাগে চাহ দোকান খুলিব, ঐতিহ্য সংৰক্ষণৰ দায়িত্বত থকা বিভাগটোৱে তাৰ অনুমতি দিব নে নিদিব, সেই কথাৰ সঠিক সিদ্ধান্ত কোনে ল’ব পাৰিব, সেই কথাটোতো বহু বিষয়া নিশ্চিত নহয়৷ শিলপুখুৰী এটা প্রাচীন ঐতিহ্যসম্পদ হয় নে নহয়, সেই কথা বিভাগে খাটাং কৰি দিব পাৰিলে তাৰ পাৰত ৰাজহুৱা শৌচালয়ৰ নির্মাণ সম্ভৱ নহ’লহেঁতেন৷ এই কামটো কৰিবলৈ যিগৰাকী বিষয়াই প্রস্তাৱ কৰে আৰু যিগৰাকীয়ে প্রস্তাৱটো গৃহীত বুলি কয়, তেওঁলোক দুয়োজনৰ ঐতিহ্য–চেতনা আৰু সৌন্দর্য–চেতনা নাই বুলি সহজেই ক’ব পাৰি৷ চৰকাৰী বিষয়াৰ অজ্ঞতা আৰু তেওঁক ঘেৰি থকা তোষামোদকাৰীসকলৰ উৎপাততেই অসমৰ বহু সম্পদ নষ্ট হৈছে৷ শিৱসাগৰৰ শিৱদৌলত দক্ষিণ ভাৰতীয় ভাস্কর্যৰ আর্হিৰ গৰুৰ মূর্তি স্থাপন কৰা সময়ত সেই কামত আগভাগ লোৱা চৰকাৰী বিষয়াজনক কোনেও মনত পেলাই দিব নোৱাৰিলেনে যে ঐতিহ্য স্থানত কোনো নতুন নির্মাণ হ’ব নোৱাৰে৷ শিৱসাগৰত থকা অলেখ উকীল–এডভ’কেটৰ কোনো এজনে সেই বিষয়াৰ সন্মুখত আইনখন জোকাৰি দিব নোৱাৰিলেনে? অসমৰ সর্বত্র এনে কামৰ উদাহৰণ বিয়পি আছে৷ গুৱাহাটীৰ এটা পুৰণি ঘৰক নতুনকৈ সজাই তাক হেৰিটেজ হাউছজাতীয় নাম এটাৰে পৰিচয় কৰাই দিব খোজা হৈছে৷ কিন্তু কথা হ’ল, পুৰণি ঘৰ একোটা সংৰক্ষণ কৰাৰ ক্ষেত্রত বহু ধৰণৰ কথা মনত ৰাখিবলগীয়া হয়, যাতে ঘৰটোৰ বা ঠাইডোখৰৰ পুুৰণি দৃশ্যৰূপটো সলনি নহয়৷ এনে কামৰ বাবে চৰকাৰৰ বিভাগত প্রশিক্ষিত মানুহ থাকে৷ কিন্তু সেই কথাবোৰ বিচাৰ নকৰি নতুনকৈ ৰং দি ঘৰটো চিকচিকীয়া কৰিলেই তাক ঐতিহ্য সংৰক্ষণ কৰা বুলি ক’ব নোৱাৰি৷ ঐতিহ্যৰ দৃশ্যৰূপটো ধ্বংস কৰা মানেই ঐতিহ্য সম্পদৰ মূল্য নষ্ট কৰা৷ অথচ এই কামটো অসমত বাধাহীনভাৱে চলি আছে৷ ঐতিহ্য শব্দটোৰে নাম দিলেই এটা ঘৰ ঐতিহ্যপূর্ণ হৈ নাযায়৷ ঐতিহ্য কিহত নিহিত হৈ থাকে, সেই কথা নজনাকৈয়ে বহু বিষয়াই সিদ্ধান্ত লৈ বহু সম্পদ নষ্ট কৰি আহিছে৷ এই বিভাগবোৰৰ দায়িত্বত থকা মন্ত্রীসকলে এই বিষয়ে সোনকালেই সিদ্ধান্ত নল’লে অসমৰ আৰু বহু সম্পদ যে নষ্ট হৈ যাব, তাত কোনো সন্দেহ নাই৷