নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগৰীবাৰীৰ আটানীত বিধ্বংসী অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা,৩ফেব্ৰুৱাৰী :- বগৰীবাৰীৰ আটানী আৰক্ষী চকীৰ অন্তৰ্গত আটানী বজাৰত কালি নিশা ১০:৩০মান বজাত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত চাৰিটা পৰিয়ালৰ বাসগৃহৰ লগতে সকলোধৰণৰ সা সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যকৰ পৰিৱেশ বিৰাজ কৰে।

প্ৰাপ্ত বাতৰি মতে, কালি নিশা হঠাতে হোৱা বৈদ্যুতিক বিজুতিৰ ফলত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ নিমিষতে  অঞ্চলটোত বসবাস কৰা বৈদ্যনাথ মালাকাৰ, সঞ্জীৱ মালাকাৰ, অজয় মালাকাৰ, সঞ্জয় মালাকাৰৰ বাসগৃহ জুয়ে আগুৰি ধৰে।  পিছত জুইৰ লেনিহান শিখাই সগগ্ৰ অঞ্চলটোত ভয়াৱহ  ৰূপ লয় আৰু পৰিয়ালকেইটাৰ ঘৰৰ ভিতৰত থকা সকলো নথি পত্ৰ, সা সামগ্ৰী জুইত সম্পূৰ্ণৰূপে জাহ যায়।

পিছত স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত ৰাইজৰ সহযোগত  অগ্নিনিৰ্বাপক বহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডৰ ফলত পৰিয়ালকেইটাৰ প্ৰায় ১০ লক্ষাধিক টকাৰ সা সম্পত্তি সম্পূৰ্ণৰূপে ধ্বংস হয় । আৰ্থিকভাৱে   জুৰুলা পৰিয়ালকেইটাই সৰ্বস্ব হেৰুৱাই মুকুলি আকাশৰ তলত থাকিবলগীয়া হৈছে । অগ্নিকাণ্ডই নি:শেষ কৰা পৰিয়ালকেইটাক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰৰ ওচৰত স্থানীয় ৰাইজে দাবী জনায়।

প্ৰেৰক : পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like