নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০৩১ত ধ্বংস হ’ব আন্তর্জাতিক মহাকাশ আস্থান

আমেৰিকান গৱেষণা সংস্থা নাছাৰ ঘোষণাঃপ্রশান্ত মহাসাগৰত খহি পৰিব আইএছএছ

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ মহাকাশত আস্থান গঢ়ি লৈ জ্যোতির্বিজ্ঞানীসকলে বিশ্বব্রহ্মাণ্ড সন্দর্ভত গৱেষণা চলাবলৈ সক্ষম হৈছে যদিও এই মহাকাশ আস্থানৰ স্থায়িত্ব নাই৷ ‘আন্তর্জাতিক মহাকাশ আস্থান’ (আই এছ এছ) ২০৩০ চনলৈহে কার্যক্ষম হৈ থাকিব৷ ইয়াৰ পাছতে আই এছ এছ ধ্বংস হ’ব বুলি আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই সদৰী কৰিছে৷ সংস্থাটোৱে শেহতীয়াকৈ সদৰী কৰা অনুসৰি ২০৩১ৰ প্রথম ভাগতে প্রশান্ত মহাসাগৰত পৰিব এই আন্তর্জাতিক মহাকাশ আস্থান৷ প্রশান্ত মহাসাগৰৰ পইণ্ট নেম’ হিচাপে পৰিচিত অঞ্চলটোত আই এছ এছ ধ্বংস হ’ব বুলি মহাকাশ গৱেষণা সংস্থাটোৱে সদৰী কৰাৰ লগে লগে বিষয়টোক লৈ বিশেষ চর্চা চলিছে সংবাদ মাধ্যমত৷

উল্লেখনীয় যে পৃথিৱী গ্রহৰ এই পইণ্টটোৱেই হৈছে আটাইতকৈ মহাকাশৰ পৰা আটাইতকৈ দূৰত থকা অঞ্চল৷ এই অঞ্চলটোকে মহাকাশ যানৰ সমাধি ক্ষেত্র হিচাপে জনা যায়৷ বহু পুৰণি কৃত্রিম উপগ্রহ আৰু মহাকাশ আৱর্জনা গৈ ইতিমধ্যে প্রশান্ত মহাসাগৰৰ এই অঞ্চলটোত পৰিছে৷ ২০০১ চনত ৰাছিয়ান মহাকাশ আস্থান মিৰৰো পতন ঘটিছিল পইণ্ট নেম’ত৷ নাছাৰ তৰফৰ পৰা এই কথাও সদৰী কৰা হৈছে যে ভৱিষ্যতে মহাকাশৰ কাম–কাজ বাণিজ্যিক খণ্ডৰ পৰা পৰিচালনা হ’ব৷ স্মর্তব্য যে আই এছ এছ পাঁচটাকৈ গৱেষণা সংস্থাৰ এক উমৈহতীয়া প্রকল্প আছিল৷ ১৯৯৮ চনৰ পৰা ই পৃথিৱীৰ কক্ষপথত ঘূৰি আছে৷ ২০০০ চনৰ পৰা আই এছ এছত নভচৰ ৰখা হৈছে৷ আই এছ এছৰ মাইক্র’গ্রেভিটি পৰীক্ষাগাৰৰ পৰা তিনি সহস্রাধিক গৱেষণা তথা পৰীক্ষা চলোৱা হৈছে৷ লক্ষণীয়ভাৱে ২০২৪ চনলৈহে ই কার্যক্ষম হৈ থাকিব বুলি পূর্বে ঘোষণা কৰা হৈছিল৷ পাঁচোটা মহাকাশ গৱেষণা সংস্থাই সন্মতি প্রদান কৰিলেহে ইয়াৰ কার্যকালৰ সময়সীমা ২০৩০লৈ বৃদ্ধি কৰা হ’ব৷ আই এছ এছৰ পতন ঘটিলেও ইতিমধ্যে বাণিজ্যিক খণ্ডত মহাকাশ গৱেষণাৰ বিভিন্ন কাম–কাজ দ্রুতগতিত আৰম্ভ হৈছে৷ গতিকে আই এছ এছৰ পতনৰ পিছতো মহাকাশ গৱেষণাৰ ক্ষেত্রত নতুন মহাকাশ আস্থান গঢ়ি উঠাৰ সম্ভাৱনা আছে৷ নাছাৰ মুখ্য কার্যালয়ৰ এগৰাকী বিষয়ববীয়া ফিল মেকএলিষ্টাৰে উল্লেখ কৰা অনুসৰি ব্যক্তিগত খণ্ডত মহাকাশ গৱেষণাৰ কাম–কাজ অধিক দ্রুতগতিত আগবঢ়াই নিয়াটো সম্ভৱ৷ কাৰণ ব্যক্তিগত খণ্ড হৈছে প্রযুক্তিগত আৰু বিত্তীয় দিশৰ পৰা বিভিন্ন গৱেষণা তথা উন্নয়ন আগবঢ়াই নিবলৈ অধিক সমর্থ৷ অৱশ্যে এইক্ষেত্রত নাছাৰ দৰে গৱেষণা সংস্থাবোৰে সদায় সহযোগিতা আগবঢ়াই যাব লাগিব বুলিও মেকএলিষ্টাৰে ঘোষণা কৰিছে৷

You might also like