নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশ বিভাজনৰ পাছতো একাত্ম আছিল দুই সম্ৰাজ্ঞী, ‘নো মেনছ লেণ্ড’ত সাক্ষাৎ

বিশেষ বাৰ্তা, ৭ফেব্ৰুৱাৰীঃ ভাৰতীয় উপমহাদেশক ৰাজনৈতিক অস্ত্রোপচাৰ কৰি যিমানেই কাঁটা তাঁৰ ঠিয় নোহোওঁক কিয়, সেয়াই কেতিয়াও সংগীত, চিনেমা, সংস্কৃতিক বিচ্ছিন্ন কৰিব নোৱাৰে। লতা মংগেশকাৰ দিল্লীত যিমানে সমাদৃত, ইছলামাবাদতো সিমানেই। একেই কথা প্রযোজ্য নুৰ জাহানৰ ক্ষেত্রতো। তেওঁলোকৰ সংগীতে একাকাৰ কৰি দিয়ে কলকাতা-কৰাচীক। দেশ বিভাজনৰ পাছত ‘মল্লিকা এ তৰান্নুম’নুৰ জাহানে জন্মভেটিতেই ওভোতাৰ সিদ্ধান্ত লৈছিল। বহু অনুৰাগীৰ মতে সেই ঘটনাত ক্ষত-বিক্ষত হৈছিল সুৰসম্রাজ্ঞী লতাও।

সুৱদী গায়িকাৰ সমান্তৰালকৈ নিখুঁত উর্দু উচ্চাৰণৰে চল্লিশৰ দশকত সফলতাৰ শীৰ্ষত উঠিছিল নুৰ জাহান। এই দুই শিল্পীক মিলাইছিল ‘বড়ী মা’ (১৯৪৫)এ। এই চিনেমাখনত একেলগে অভিনয় কৰিছিল লতা আৰু নুৰ জাহান। এবাৰ লতাই কৈছিল, ‘ক’বলৈ দ্বিধাবোধ নকৰোঁ, প্রত্যেকৰে যিদৰে ৰোল মডেল থাকে, মোৰো আদর্শ আছিল নুৰ জাহান। শৈশৱৰ পৰা তেওঁৰ গান শুনি ডাঙৰ হৈছোঁ।’ আন পিনে নুৰ জাহানেও বাৰে বাৰে স্বীকাৰ কৰিছিল, লতাৰ প্রতিভাত তেওঁ মুগ্ধ।
ইয়াৰ এখোপ ওপৰলৈ গৈ তেওঁলোকৰ সম্পর্কও আছিল মধুৰ। দেশ স্বাধীন হোৱাৰ পাছত এবাৰ অমৃতসৰলৈ গাতৰ ৰেকর্ডিং কৰিবলৈ গৈছিল লতা। মুখ্য উদ্দেশ্য সংগীত হ’লেও নুৰ জাহানৰ সৈতে এবাৰ দেখা কৰাও গোপন ইচ্ছা আছিল।

প্রসংগক্ৰমে উল্লেখনীয়, নুৰ জাহান আছিল লাহোৰত। অমৃতসৰৰ পৰা সীমান্ত পাৰ হৈ যাবলৈ লাগে বহু ঘণ্টা। আবেগবিহ্বল হৈ লতাই ফোন কৰিছিল নুৰ জাহানক। তেতিয়া টেলি যোগাযোগ ইমান সহজলভ্য নাছিল। কিন্তু দুই সম্রাজ্ঞীয়ে এপৰ ধৰি কথা পাতিছিল। দীর্ঘ ফোনালাপৰ পাছত দেখা কৰাৰ ইচ্ছা যেন আৰু তীব্রতৰ হৈ উঠিছিল। লতাৰ ঘনিষ্ঠ বন্ধু তথা সুৰকাৰ ৰামচন্দ্র হৈ উঠিল ত্রেতা মধুসূদন। ব্যক্তিগত যোগাযোগ কামত লগাই দুই কিংদন্তী শিল্পীৰ মিলনৰ বন্দোবস্ত কৰে ৰামচন্দ্রই। শেষত অৱশ্যে কোনেও সীমান্ত পাৰ হ’ব নালাগিল। ‘নো মেনছ লেণ্ড’ত উপস্থিত হ’ল দুয়োৱে। এনে ভাৱে গোটেই আয়োজন কৰা হৈছিল যাতে কোনো দেশৰ চৰকাৰে বিব্রত নহয়। ইয়াৰ বহু বছৰ পাছত ১৯৮২ চনত কনচার্টৰ বাবে মুম্বাইলৈ আহিছিল নুৰ জাহান। অনুষ্ঠানত পাৰফর্ম কৰিছিল লতাই। লগ পাইছিল দুই মহাৰথীয়ে।

You might also like