জৱাহৰলাল নেহৰু আৰু জনসংঘৰ উত্থান
স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী হিচাপে পণ্ডিত জৱাহৰলাল নেহৰু প্রথম অৱস্থাত সমগ্র দেশবাসীৰ সন্মুখত এক জাতীয় নায়কৰ ৰূপত উদ্ভাসিত হৈ উঠিছিল৷ স্বাধীনতা অর্জনৰ বিষয়ত চর্দাৰ বল্লভভাই পেটেলৰ অৰিহণা নেহৰুৰ তুলনাত কোনো গুণে কম নাছিল যদিও মহাত্মা গান্ধীৰ আশীর্বাদৰ বলতে জৱাহৰলাল নেহৰুৰে স্বৰাজোত্তৰ ভাৰতৰ প্রথম প্রধানমন্ত্রী হোৱাৰ সৌভাগ্য লাভ কৰে৷ স্বাধীনতা লাভৰ অব্যৱহিত পাছ মুহূর্ততে পণ্ডিত নেহৰুৰ নেতৃত্বত এখন জাতীয় চৰকাৰে কার্যভাৰ গ্রহণ কৰে আৰু তেওঁৰ মন্ত্রীসভাত কেইবাজনো অনাকংগ্রেছী ব্যক্তিয়েও স্থান পাইছিল৷ সেইসকলৰ ভিতৰত ড০ শ্যামাপ্রসাদ মুখার্জী আছিল অন্যতম৷ কিন্তু দেশখনে বিভাজিত ৰূপত স্বাধীনতা লাভ কৰাৰ প্রায় দুমাহ পিছতে প্রথমটো ৰাষ্ট্রীয় সংকটে গা কৰি উঠে৷ ১৯৪৭ চনৰ অক্টোবৰ মাহত কোনো আগজাননী নিদিয়াকৈ পাকিস্তানে কাশ্মীৰ আক্রমণ কৰে৷ সেই সময়ত পাকিস্তান এখন নৱগঠিত দেশ হিচাপে ইয়াৰ সেনাবাহিনী নিচেই চালুকীয়া অৱস্থাতে আছিল আৰু সামৰিক দিশত ভাৰত সেই দেশৰ তুলনাত বহুগুণে শক্তিশালী আছিল৷ তথাপি পাক বাহিনীয়ে প্রথমটো আঘাতত কাশ্মীৰৰ প্রায় এক তৃতীয়াংশ ভূমি অধিকাৰ কৰি লয়৷ সেই মুহূর্তত ভাৰতে ইচ্ছা কৰা হ’লে গোটেই পশ্চিম পাকিস্তানখনকে নিজ অংগীভূত কৰি ল’ব পাৰিলেহেঁতেন৷ পিছে সেয়াতো দূৰৰে কথা, পাকিস্তানে অন্যায়ভাৱে দখল কৰি লোৱা কাশ্মীৰৰ এক তৃতীয়াংশ ভূমি উদ্ধাৰ কৰিবৰ বাবেও একো সামৰিক কার্যব্যৱস্থা গ্রহণ নকৰি তাৰ পৰিৱর্তে পাকিস্তানৰ আক্রমণ আৰু ভূমি দখলৰ বিষয়টো ৰাষ্ট্রসংঘত উত্থাপন কৰিয়েই ভাৰত ক্ষান্ত থাকে৷ এনেদৰেই স্বাধীন ভাৰতৰ প্রথমটো অংগচ্ছেদৰ ঘটনা সংঘটিত হয়৷ এই দুর্ভাগ্যজনক ঘটনাৰ বাবে ইতিহাসবিদ আৰু সেই সময়ৰ ৰাজনৈতিক বিশ্লেষকসকলে প্রধানমন্ত্রী নেহৰুৰ দুর্বল স্থিতিকে দায়ী কৰে৷ পাকিস্তানৰ প্রতি পণ্ডিত নেহৰুৱে কিয় ইমান নৰম দৃষ্টিভংগী গ্রহণ কৰিছিল, সেই কথা চিৰকালৰ বাবে এক সাঁথৰৰ ৰূপত ৰৈ গ’ল৷
১৯৫০ চনত অন্য এক ঘটনাই পুনৰায় ভাৰতৰ ৰাষ্ট্রীয় জীৱনক গভীৰভাৱে প্রভাৱিত কৰে৷ সেই বছৰটোত তেতিয়াৰ পূব পাকিস্তানৰ পৰা ভাৰতলৈ হিন্দু বাঙালীৰ এক বৃহৎ সোঁত বয়৷ ভাৰতলৈ নতুনকৈ প্রব্রজন ঘটা প্রায় পঞ্চাশ লাখ শৰণার্থীক দেশখনত পুনর্সংস্থাপিত কৰাৰ বিষয়টোৰ প্রতি ভাৰত চৰকাৰে যি গুৰুত্ব প্রদান কৰিব লাগিছিল, সেই ক্ষেত্রত অনেক শিথিলতা দৃষ্টিগোচৰ হয়৷ চৰকাৰৰ এনে দায়িত্বহীনতাৰ কঠোৰ সমালোচনা কৰি ড০ শ্যামাপ্রসাদ মুখার্জীয়ে কেন্দ্রীয় মন্ত্রীসভাৰ পৰা পদত্যাগ কৰে৷ এইজনা সিংহপুৰুষৰ নেতৃত্বতে ১৯৫১ চনৰ ২১ অক্টোবৰৰ দিনা ‘ভাৰতীয় জনসংঘ’ নামেৰে এটা নতুন ৰাজনৈতিক দলে জন্মলাভ কৰে৷ ১৯৫২ চনত দেশৰ প্রথমটো সাধাৰণ নির্বাচন অনুষ্ঠিত হয়৷ এই নির্বাচনত কিন্তু কংগ্রেছেই নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমর্থ হৈছিল৷ প্রথম লোকসভাত জনসংঘকে ধৰি আটাইকেইটা বিৰোধী দলৰ প্রতিনিধিসকলে লাভ কৰা আসনৰ সংখ্যা ডেৰকুৰিৰ ওচৰে–পাঁজৰেহে আছিল৷ সেয়ে হ’লেও সমূহ বিৰোধী সাংসদৰ অনানুষ্ঠানিক নেতা আছিল ড০ শ্যামাপ্রসাদ মুখার্জী৷ লক্ষণীয়ভাৱে জাতীয় মন্ত্রীসভাৰ সদস্য হিচাপে থকাৰ সময়ৰে পৰা ড০ মুখার্জী প্রধানমন্ত্রী নেহৰুৰ কঠোৰতম সমালোচকৰূপে পৰিচিত হৈছিল৷ ৰাষ্ট্রীয় স্বার্থজড়িত বিষয়সমূহক সুৰক্ষা দিয়াত চৰকাৰ ব্যর্থ হোৱা যেন দেখিলেই তেওঁ সিংহৰ দৰে গর্জন কৰি উঠিছিল৷ ফলত আৰম্ভণিৰে পৰা নেহৰুৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছিল ড০ মুখার্জীৰ গভীৰ যুক্তিপূর্ণ তথা আদর্শনিষ্ঠ সমালোচনা৷ সংসদত চকুৰে মনিব নোৱৰা ধৰণে সংখ্যালঘু হোৱা সত্ত্বেও গণতান্ত্রিক শাসন ব্যৱস্থাত এটা দায়িত্বশীল বিৰোধী পক্ষৰ কৰণীয় আটাইখিনিয়েই পৰম দৃঢ়তাৰে পালন কৰিছিল ড০ মুখার্জীৰ নেতৃত্বাধীন ভাৰতীয় জনসংঘই৷ ভাৰতীয় ৰাজনীতিৰ বাবে অতিশয় দুর্ভাগ্যৰ কথা আছিল এয়ে যে এইজনা ত্যাগী ব্যক্তিয়ে দেশৰ সবাতোকৈ দায়বদ্ধ ৰাজনৈতিক দলটোৰ অধ্যক্ষ হিচাপে দুটা বছৰো সম্পূর্ণ কৰিবলৈ নাপালে৷ ১৯৫৩ খ্রীষ্টাব্দৰ ২৩ জুনৰ দিনা শ্বেখ আব্দুল্লাৰ নেতৃত্বাধীন জম্মু–কাশ্মীৰ চৰকাৰৰ কাৰাবন্দী অৱস্থাত ড০ মুখার্জীয়ে শ্রীনগৰত এক অতিকে ৰহস্যজনক পৰিস্থিতিত মৃত্যুক আঁকোৱালি ল’ব লগা হয়৷ সেই সময়ত অনেকেই ভাবিছিল যে ড০ মুখার্জীৰ প্রয়াণৰ লগে লগে ভাৰতীয় জনসংঘৰ বন্তিগছিও নির্বাপিত হ’ল৷ কিন্তু পৰৱর্তী কালছোৱাত ৰাষ্ট্রীয়তাবাদবিৰোধী চক্রসমূহৰ এই আশা অসাৰ প্রতিপন্ন কৰি জনসংঘই দোপতদোপে নিজ দলৰ সাংগঠনিক বিস্তাৰ ঘটাইছিল৷ তাৰ লগতে দলটোৰ নেতৃবৃন্দই এই কথাও প্রমাণ কৰি দেখুৱাইছিল যে ব্যক্তিৰ মৃত্যু অনিবার্য, কিন্তু আদর্শৰ মৰণ কদাপি নহয়৷ মৃত্যুৰ পূর্বে ড০ শ্যামাপ্রসাদ মুখার্জীয়ে যি আদর্শৰ বীজ ৰোপণ কৰি থৈ গ’ল, তাৰ পৰাই ভাৰতীয় জনসংঘই এক মহীৰূহৰ ৰূপ ধাৰণ কৰিছিল৷
গণতান্ত্রিক শাসন পদ্ধতিত দায়িত্বশীল বিৰোধী পক্ষৰ ভূমিকা কিমান মহত্ত্বপূর্ণ, সেই কথা সকলোৱে জানে৷ পিছে ভাৰতত স্বাধীনতাৰ ঠিক পিছতে যিকেইটা বিৰোধী দল গঠিত হৈছিল, তাৰ অধিকাংশৰে সুনির্দিষ্ট আদর্শ বুলিবলৈ একো নাছিল৷ তেনে কেইবাটাও দলৰ জন্মদাতা আছিল এচাম হাতাশাগ্রস্ত প্রাক্তন কংগ্রেছী৷ ক’বলৈ গ’লে তেনে একাধিক বিৰোধী দলৰ স্থিতি আছিল নেতাসর্বস্ব৷ সিবোৰৰ বিপৰীতে জনসংঘই একমাত্র আদর্শবাদী দল আছিল৷ মন কৰিবলগীয়া যে ৰাষ্ট্রীয়তাবাদৰ নৈষ্ঠিক প্রবক্তা আছিল ভাৰতীয় জনসংঘ৷ ত্যাগৰ যি সর্বোচ্চ আদর্শ এই দলৰ প্রতিষ্ঠাতাগৰাকীয়ে থাপনাত থাপি থৈ গৈছিল, সেই আদর্শ পৰৱর্তী কালৰ জনসংঘৰ নেতাসকলৰ সিৰাই সিৰাই প্রবাহিত হৈ আছিল৷ নির্বাচনত জয়লাভ কৰাটোৱেই এই ৰাষ্ট্রীয়তাবাদী দলটোৰ সদস্যসকলৰ সর্বশেষ উদ্দেশ্য নাছিল৷ তাৰ বিপৰীতে নেহৰু যুগৰ কংগ্রেছীসকলৰ একমাত্র লক্ষ্য হৈ পৰিছিল যিকোনো প্রকাৰে নির্বাচনত জয়ী হৈ শাসন–ক্ষমতা হস্তগত কৰাটো৷ সেই সময়ত কংগ্রেছ দলটোৰ প্রধান সুবিধা দুটা আছিল– ১) দেশৰ বাবে স্বাধীনতা আনি দিয়াৰ কৃতিত্ব আৰু ২) দলটোৰ সর্বোচ্চ নেতা জৱাহৰলাল নেহৰুৰ ব্যক্তিত্বৰ সন্মোহন৷ এই দুয়োটা বিষয়ক লৈয়েই পণ্ডিত নেহৰুৱে গভীৰ আত্মসন্তুষ্টি লাভ কৰিছিল৷ চৰকাৰ আৰু দলীয় মঞ্চত তেওঁৰ কথাই সর্বশেষ কথাৰূপে পৰিগণিত হৈছিল৷ কংগ্রেছ দলৰ সভাপতিজন সদায় নেহৰুৰ হাতৰ পুতলা আছিল৷ এবাৰ পুৰুষোত্তম দাস টেণ্ডন নামৰ ৰাষ্ট্রীয়তাবাদী আদর্শবিশিষ্ট এজনা ব্যক্তি কংগ্রেছৰ সভাপতি নির্বাচিত হোৱা কথাটো নেহৰুৰ পছন্দ হোৱা নাছিল৷ যাৰ বাবে সভাপতি নির্বাচিত হোৱাৰ পিছতে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছিল৷ ইয়াৰ পৰা এটা কথাই প্রতীয়মান হয়, কংগ্রেছ দল ৰাষ্ট্রীয়তাবাদী আদর্শৰ দুর্ঘোৰ বিৰোধী আছিল৷ তেনেহ’লে এইখিনিতে প্রশ্ণৰ উদয় হয় যে সেই সময়ৰ প্রধানমন্ত্রীগৰাকী আৰু তেওঁৰ দলে অনুসৰণ কৰা আদর্শটো কি আছিল? আন ক্ষেত্রত এই কথা স্পষ্ট নহ’লেও অর্থনীতিৰ বেলিকা কংগ্রেছীসকলে সততে সমাজবাদৰ শ্লোগান দিছিল৷ কিন্তু তেওঁলোকে পতিয়ন নিয়াব পৰাকৈ সমাজবাদৰ সংজ্ঞা দাঙি ধৰিব পৰা নাছিল৷ জনসংঘ দলৰ সেই সময়ৰ প্রধান সম্পাদক দীনদয়াল উপাধ্যায়েহে ইয়াৰ এটা বিশ্বাসযোগ্য ব্যাখ্যা দাঙি ধৰিবলৈ সমর্থ হৈছিল৷ পণ্ডিত উপাধ্যায়ে কৈছিল যে সমাজবাদৰ ধাৰণাটোৱেই ভাৰতীয় নহয়৷ ই সম্ভৱতঃ পুঁজিবাদ আৰু সাম্যবাদৰ Communism) মাজৰ স্তৰ এটাকে সূচায়৷ কিন্তু উপাধ্যায়ৰ মতে সমাজবাদৰ অর্থ সাম্যবাদৰহে বেছি কাষ চপা৷ সেয়ে সমাজবাদে ভাৰতবাসীৰ বাবে বিশেষ তাৎপর্য বহন নকৰে৷
এনেদৰে বিগত শতিকাৰ পঞ্চাশৰ দশকটোত কংগ্রেছ দলে একো নির্দিষ্ট আদর্শ সাৰোগত নকৰাকৈ উমানতে দেশখন পৰিচালনা কৰিবলৈ অগ্রসৰ হৈছিল৷ ফলত প্রধানমন্ত্রী নেহৰুৱে যিফালেই খোজ দিছিল, তাতেই উজুটি খাবলগীয়া হৈছিল৷ দেশৰ ভিতৰতে হওক অথবা আন্তর্জাতিক ক্ষেত্রতে– নেহৰুৰ প্রমাদী নীতিসমূহক ভাৰতীয় জনসংঘই ক্ষুৰধাৰ সমালোচনা কৰিছিল৷ মন কৰিবলগীয়া যে কংগ্রেছৰ দৃষ্টি আছিল নির্বাচনকেন্দ্রিক, কিন্তু জনসংঘৰ নীতি আছিল সংগঠনকেন্দ্রিক৷ যাৰ ফলত প্রতিষ্ঠা হোৱাৰ পৰা এক দশকৰ ভিতৰতে ইয়াৰ সংগঠন সমগ্র দেশলৈকে প্রসাৰিত হৈছিল৷ দলটোৰ জনসংযোগ কার্যক্রম আছিল অতুলনীয়৷ নেহৰু চৰকাৰৰ ৰাষ্ট্রীয় স্বার্থবিৰোধী নীতিসমূহৰ সুসংগঠিত ৰূপত প্রতিবাদ কৰিবলৈ জনসংঘই দেশব্যাপী ধর্ণা, জন–সমাৱেশ, প্রতিবাদী সমদল আদিৰ আয়োজন কৰিছিল৷ আনহাতে, কিছুমান বিষয়ক লৈ জনসংঘ কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে আইনী যুদ্ধতো অৱতীর্ণ হৈছিল৷ পঞ্চাশৰ দশকৰ শেষৰ পিনে নেহৰু চৰকাৰে পশ্চিমবংগৰ জলপাইগুৰিৰ সমীপৱর্তী বেৰুবাৰী নামৰ এলেকাটো পাকিস্তানক গতাবলৈ সিদ্ধান্ত লৈছিল৷ এই সন্দর্ভত জনসংঘই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিলত ন্যায়ালয়ে ৰায় দিলে যে সংবিধান সংশোধন নকৰাকৈ চৰকাৰে এনেদৰে ভূমি হস্তান্তৰ কৰিব নোৱাৰে৷
নেহৰুৰ বৈদেশিক নীতি সন্দর্ভতো জনসংঘ সততে সৰৱ আছিল৷ চীনে তিব্বতৰ স্বাধীনতা হৰণ কৰাৰ পিছত জনসংঘৰ নেতৃবৃন্দই ভাৰত চৰকাৰক সময়োপযোগী সকীয়নি দি আহিছিল যে চীনৰ দৰে আগ্রাসী মনোভাবৰ দেশ এখনক বিশ্বাসত লোৱা অনুচিত৷ কিন্তু পণ্ডিত নেহৰুৱে তাৰ প্রতি কর্ণপাত নকৰিলে৷ তেওঁ বাণ্ডুং Bandung) সন্মিলনত তদানীন্তন চীনা প্রধানমন্ত্রী চৌ এন লাইৰ সৈতে সম্পাদন কৰা পঞ্চশীল চুক্তিকে ধিয়াই বহি থাকিল৷ ইতিমধ্যে চীনে ভাৰতৰ লাডাখ সীমান্তৰো কেইবাহাজাৰ বর্গকিলোমিটাৰ ভূমি বেদখল কৰি লোৱা কথাটোও প্রায় আওকাণ কৰি নেহৰুৱে ১৯৫৯ চনত চীনা প্রধানমন্ত্রী চৌক দিল্লীলৈ নিমন্ত্রণ কৰিলে৷ নেহৰুৰ এই সিদ্ধান্তৰ প্রতিবাদত জনসংঘই ৰাজধানী চহৰখনত এক বিশাল প্রতিবাদী কার্যসূচীৰ আয়োজন কৰাটো সেই সময়ৰ এটা অতি উল্লেখযোগ্য ৰাজনৈতিক সংঘটন আছিল৷ এনে আন বহুতো ইছ্যুতো জনসংঘৰ প্রবল বিৰোধৰ বাবে জৱাহৰলাল নেহৰুৱে তেওঁৰ জীৱনৰ অন্তিম বছৰকেইটাত কোনো এটা সিদ্ধান্ত গ্রহণৰ পূর্বে বহুবাৰ চিন্তা কৰিবলগীয়া হৈছিল৷ তাৰ বিপৰীতে ভাৰতীয় জনসংঘৰ দূৰদর্শী নেতৃবৃন্দই দিয়া কিছুমান আগজাননী পৰৱর্তী কালত এনেদৰে ফলিয়াইছিল যে অনেকে এই দলটোক ‘ৰাজনৈতিক জ্যোতিষী’ আখ্যা দিছিল৷ এনে সফল ভৱিষ্যদ্বাণীসমূহৰ ভিতৰত ভাৰতৰ ওপৰত ১৯৬২ চনত হোৱা চীনৰ পাশৱিক আক্রমণৰ ঘটনাই আছিল প্রকৃষ্ট উদাহৰণ৷