নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়া ষ্টেচনত মানৱ সৰবৰাহকাৰীৰ জালত পৰা যুৱতীক উদ্ধাৰ, গ্ৰেপ্তাৰ দুই

নিয়মীয়া বাৰ্তা, ২৫ফেব্ৰুৱাৰীঃ ৰঙিয়া ষ্টেচনত বৃহস্পতিবাৰে নিশা ৰে’ল আৰক্ষীৰ অভিযানত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা এগৰাকী যুৱতীক উদ্ধাৰ কৰা হয়। মানৱ সৰবৰাহত জড়িতৰ অভিযোগত এগৰাকী মহিলাসহ দুজনক আৰক্ষীয়ে আটক কৰে। ধৃত সৰবৰাহকাৰী দুজন হৈছে ৰঙিয়াৰ জগদীশ শৰ্মা আৰু ঢেকীয়াজুলিৰ সুশীলা দেৱী। এক গোপন সূত্ৰৰ ভিত্তিত ৰঙিয়া ষ্টেচনত জিআৰপি আৰু ৰঙিয়া থানাৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই ষ্টেচনৰ পৰা ঢেকীয়াজুলিৰ যুৱতী এগৰাকীক উদ্ধাৰ কৰে। অভিযানকাৰী দলটোৱে লগতে সৰবৰাহকাৰী দুজনক আটক কৰে। দৰিদ্ৰ পৰিয়ালৰ যুৱতী গৰাকীক বহিঃৰাজ্যত বিয়া দিয়াৰ প্ৰলোভনেৰে সৰবৰাহকাৰীৰ দলটোৱে ৰেলেৰে নিবলৈ ওলোৱা মুহূৰ্ততে আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰী দুজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এনেদৰে বিয়াৰ প্ৰলোভনেৰে বহিঃৰাজ্যত যুৱতী বিক্ৰী কৰাৰ অভিযোগ আছে।

You might also like