নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ আগন্তুক বাজেটঃ প্রশস্ত কৰক জৈৱিক কৃষি ব্যৱস্থা

যোৱা দিনকেইটাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেইবাটাও অভিনৱ চিন্তা–ধাৰণা প্রকাশ কৰিছে– আগন্তুক বাজেটখনত সন্নিৱিষ্ট কৰ্বিলৈ৷ দৃঢ়তাৰে কৈছে– ভাল কামত পুঁজিৰ অভাৱ নহয়– আমাক সামগ্রিক উন্নয়ন লাগে৷ ৰাইজৰ অভাৱবোৰ দূৰ হ’ব লাগে– যাতে জনজীৱন সুচল হয়, ৰাজ্যখনৰ আর্থিক বিকাশ ত্বৰান্বিত হয়৷ কেইদিনমানৰ আগতে গুৱাহাটী বিশ্ববিদ্যালয়ত দিয়া অতি তাৎপর্যপূর্ণ ভাষণত কৈছিল শৈক্ষিক সাধনাত নতুনত্ব আনিবলৈ যি সহায় লাগে দিবলৈ তেখেত প্রস্তুত৷ অসমৰ সৰু ৰ চহৰেবাৰৰ ক্ষেত্রত গ্রহণ কৰা হৈছে নতুন নতুন পৰিকল্পনা– উদ্যান, প্রেক্ষাগৃহ, প্রশাসনিক ৱস্থাপনা ইত্যাদিৰ জৰিয়তে৷
এনে এক প্রত্যয়পূর্ণ পৰিৱেশতে চৰকাৰখনৰ দৃষ্টি আকর্ষণ কৰ্বি বিচাৰিছোঁ আন এটা বিষয়লৈ– যিটো ভীষণ চর্চাৰ বিষয় হৈ পৰিছে বিশেষকৈ চহৰাঞ্চলৰ বাসিন্দাসকলৰ মাজত৷ বিষয়টো হ’ল– দৈহিক স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক ৰাসায়নিক দ্রব্য ব্যৱহূত বজাৰৰ শাক–পাচলি আৰু ফলমূলসমূহ৷ ৰাইজে বিষয়টোৰ পৰা দেখিও শিকিছে, ঠেকিও শিকিছে৷ জানিও গ্রহণ কৰি আছে, যিহেতু ইয়াৰ গত্যন্তৰ নাই৷ মানৱ দেহত এনে কীটনাশক বা বেমাৰনাশক ঔষধৰ প্রভাৱ প্রকাশ পায় এলানি অসুখৰ মাজেৰে আৰু কেতিয়াবা জটিল ৰোগৰ ক্বলত পৰেগৈ৷ অতি স্বাস্থ্য সচেতন  ব্যক্তিয়েও আক্রান্ত হৈ চিকিৎসকক বেমাৰৰ কাৰণ সম্পর্কে প্রশ্ন কৰিলে– সাধাৰণতে ভেজাল খাদ্য, বিশেষকৈ শাক–পাচলিলৈকে আঙুলিয়ায়৷ সত্য কথা, যিখন ৱস্থা পত্র prescription)ৰ ঔষধ লৈ আপুনি যিটো বেগত ঘৰমুৱা হয়, সেই একেই বেগতে পাচলিও ঘৰ পায়হি, অর্থাৎ কাৰক আৰু বিধানৰ একে সময়তে গৃহ প্রৱেশ ঘটে৷ এনে চক্রৱৎ প্রক্রিয়া চলি আছে ঘৰে ঘৰে৷ এফালে চিকিৎসকৰ স্ততাৰ শেষ নাই আৰু আনফালে লেবৰেটৰী তথা ঔষধ কোম্পানীৰ জয় জয়–ময় ময় অৱস্থা৷ আমাৰ মনোবৃত্তিও,‘it’s a part of life’ বিধৰ হৈছেগৈ৷ এবাৰ অনুভৱ কৰকচোন– আজি ভূমিষ্ঠ হোৱা শিশুটোৱেও যদি মাতৃদুগ্ধৰ মাজেৰেই গ্রহণ কৰিছে বিষাক্তchlorinated hydrocarbon, আমি কেনে সভ্যতাৰ গ্রাসত পৰিছোঁ The Times of India কাকতত Pesticides on your plate’ শীর্ষক এটা বাতৰিত পঢ়িছিলোঁ– ৰাজধানী দিল্লীত উপলব্ধ পাচলিৰ শতকৰা নব্বৈ ভাগতে কীটনাশক দ্র্ব্যৰ অৱস্থিতি ধৰা পৰিছে– যদিওPermissible limit সম্পর্কে তাত উল্লেখ নাছিল৷ অসমৰ এনে সমীক্ষা চকুত পৰা নাই, আজি উল্লেখ কৰ্বিৰ মন আছিল৷
শস্য ৰক্ষাৰ বাবে ব্যৱহূত অনানুমোদিত ৰাসায়নিক দ্র্ব্যৰ ভয়াৱহতাৰ দিশটো সামৰি এবাৰ চোৱা যাওক– এনে দ্রব্য ব্যৱহাৰৰ কাৰণ কি? কীট–পতংগৰ পৰা ৰক্ষা কৰিবলৈ, উৎপাদন দ্ধি কৰিবলৈ, আবতৰীয়া উৎপাদনৰ যোগেদি জাৰত অধিক দাম পাবলৈ, গ্রাহকৰ বাবে দেখনীয়াৰ কৰিবলৈ আৰু সংৰক্ষণ কৰিবলৈ– এনেবোৰ দ্রব্য ব্যৱহাৰ কৰে৷ এইখিনিলৈকে আমাৰ ক’ব লগা নাই, যদিহে সেইসমূহ অনুমোদনপ্রাপ্ত আৰু সঠিক গাঢ়তাত প্রয়োগ কৰে৷ কিন্তু অতি গুৰুতৰ দিশসমূহ হ’ল– জনাই–নজনাই অতিমাত্রাত প্রয়োগ, সীমাহীন গাঢ়তাত প্রয়োগ, লুকাই–চুৰকৈ অনুমোদন নথকা ঔষধৰ ৱহাৰ, নিষিদ্ধ ঘোষিত দ্রব্যৰ ৱহাৰ, ম্যাদ উকলা সামগ্রীৰ ৱহাৰ, অনুপযুক্ত সময়ত প্রয়োগ, কাৰিকৰী পৰামর্শৰ উলংঘা কৰাৰ প্রৱণতা, গ্রাহকৰ স্বাস্থ্যৰ প্রতি সম্পূর্ণ অৱহেলা৷ এনেেবাৰ সমস্যাৰ পৰা পৰিত্রাণ পাবলৈ কিছু ৱস্থাপনাও আছে– যিবোৰ সন্নিৱিষ্ট হৈছে pesticides act, plant quarantine act – যিবোৰক ৱহাৰৰ বাবে থাকিব লাগে Pesticides quality control laboratory, Pesticides Residue Analytical Laboratory, কিন্তু সমগ্র ৱস্থাটোৱেই যেন অৱহেলাৰ এলান্ধুৱে ঢ়াকি ৰাখিছে৷
স্থিতাৱস্থাৰ এনে বিশ্লেষণ ইমানতে সামৰি, জনস্বাস্থ্যৰ সুৰক্ষাৰ খাতিৰত, সদনৰ আগন্তুক বাজেট অধিৱেশনৰ প্রাকক্ষণত, সংবেদনশীল চৰকাৰখনৰ বিত্তমন্ত্রী মহোদয়াৰ দৃষ্টি আকর্ষণ কৰাৰ মানসেৰে নিম্নউল্লেখিত বিষয়কেইটা আগবঢ়োৱা হ’ল–
১৷ সদ্যহতে, সমগ্র অসমতে নহ’লেও,Vegetable busket হিচাপে খ্যাত– ৰপেটাৰোড, খাৰুপেটীয়া, মৰিগাঁও, নগাঁও আৰু কামৰূপ জিলাত, স্থাপন হ’ব লাগে সংহত ৰূপত একোটাকৈ পূর্ণাং Pesticides Residue Analytical Laboratory, Pesticides Quality Control Laboratory, Biocontrol Laboratory আৰু বিভিন্ন জৈৱ সামগ্রী উৎপাদন কেন্দ্র– যাতে কৃষকৰ বাবে সহজলভ্য হয়৷
২৷ উৎপাদনথলী আৰু শাক–পাচলিবোৰ গুৱাহাটীৰ দৰে হৎ জাৰসমূহত প্রৱেশৰ আগে আগে পর্যাপ্ত নমুনা াsampling-ৰ ব্যৱস্থা হ’ লাগে৷
৩৷ কৃষি সামগ্রীৰ দোকানৰ ভঁৰালবোৰৰ সঘনাই নিৰীক্ষণ হ’ লাগে৷
৪ Organic Certification যিহেতু ব্যয়্বহুল গতিকেOrganically produced জাতীয় এটা ব্যৱস্থা চিন্তা কৰ্বি পাৰি৷
৫৷ কৃষকক জৈৱিক কৃষিৰ বিষয়ে সজাগ কৰিবলৈ পর্যাপ্তmotivational কার্যসূচীৰ প্রয়োজন হ’ব৷ আমাৰ দৃষ্টিত, উপৰিউক্ত ৱস্থাৱলীৰেই স্বাস্থ্যসন্মত শাক–পাচলি উপলব্ধ হোৱাটো নিশ্চিত কৰি তুলিব৷
উল্লেখনীয় যে বিশ্বৰ বহু ৰাষ্ট্র আৰু ভাৰতৰ কোনো কোনো ৰাজ্যই উৎপাদন বৃদ্ধিৰ নামত এক ৰসায়নসর্বস্ব পথেৰে আগবাঢ়ি এতিয়া পিছুৱাই আনি natural farmingক অত্যাধুনিক ৰূপত সজাই জৈৱ উৎপাদন ৱস্থালৈ যাব বিচাৰিছে, যাতে মাটি, পানী আৰু জল্বায়ু প্রদূষণমুক্ত হৈ ৰয়৷ এক কথাত, জৈৱ কৃষি ৱস্থাক গ্রহণ কৰাটো সময়ৰ আহ্বান আৰু ইয়াৰ কোনো বিকল্প নাই৷ পর্যায়ক্রমে আৰু অঞ্চলবিশেষে, নির্দিষ্ট শস্যক লৈ পৰিকল্পিতভাৱে আগবাঢ়িব লাগিব৷ ই এক সময় সাপেক্ষ কৌশল হ’ব পাৰে৷ এইক্ষেত্রত আমি চিকিম ৰাজ্যৰ আর্হি গ্রহণ কৰিব নোৱাৰোঁ কিছু বাস্তৱ কাৰণত৷ কিন্তু শাক–পাচলিৰ নামত ৰবিহ খোৱা ন্ধ হ’বই লাগিব৷ কেন্দ্রীয় চৰকাৰে উত্তৰ–পূবকOrganic hub হোৱাটো বিচাৰিছে৷ অসম এইটো অঞ্চলৰ বাবে এইক্ষেত্রতrole model হ’ব পাৰে৷ আমাৰ দৃষ্টিৰে, দিনে দিনে গুৰুত্ব দ্ধি পাই অহা জৈৱিক কৃষি ৱস্থাৱলীক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ স্বার্থত ৰাজ্যখনত জৈৱিক কৃষি ৱস্থাপনা অনুষ্ঠান বাInstitute of organic farming and management জাতীয় এক অনুষ্ঠান গঢ়ি তুলিব পাৰি৷ কাৰণ এইটোspecialization–ৰ যুগ৷ বিষয়টোৰে যিহেতু কৃষকৰ আর্থিক দিশটো আৰু সর্েবাপৰি জনস্বাস্থ্যৰে জডিত, আগন্তুক বাজেটখনত ঠাই পালে সকলোৰে মংগল৷ গীতাতো কৈছে– আহাৰ শুদ্ধ হ’লে, চিত্ত হয় শুদ্ধ, চিত্ত শুদ্ধ হ’লে, মন হয় শুদ্ধ আৰু সেই শুদ্ধ মনৰ দ্বাৰা সকলো চিন্তা–ভাবনা, কর্মও শুদ্ধ৷

 

-ড০ হর্ষজ্যোতি বৰুৱা, লেখক কৃষি বিভাগৰ অৱসৰপ্রাপ্ত সঞ্চালক

You might also like