অইল ইণ্ডিয়া লিমিটেডৰ নৱনিৰ্বাচিত চি এম ডি ডঃ ৰঞ্জিত ৰঠ
কৃষ্ণা গগৈ, দুলীয়াজান, ১০ মাৰ্চঃ ভাৰত চৰকাৰৰ পাব্লিক এন্টাৰপ্ৰাইজ চিলেকচন ব’ৰ্ডে কালি অনুষ্ঠিত কৰা অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পদৰ সাক্ষাৎকাৰত নিৰ্বাচিত হৈছে ডঃ ৰঞ্জিত ৰঠ। উল্লেখযোগ্য যে এই পদৰ বাবে অইল ইণ্ডিয়াকে ধৰি অন্যান্য ৰাজহুৱা খণ্ডৰ মুঠ ৫ গৰাকী শীৰ্ষ বিষয়াই আবেদন কৰিছিল। ইয়াৰ ভিতৰত অইল ইণ্ডিয়াৰ বিত্ত সঞ্চালক হৰিশ মাধৱ, সঞ্চালক (অপাৰেচন) পংকজ গোস্বামী, কাৰ্যবাহী সঞ্চালক অগাধ মেধিৰ লগতে বহিঃৰাজ্যৰ মাদ্ৰাজ ফাৰ্টিলাইজাৰ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক চাৰাভানান ইউ, মিনাৰেল এক্সপ্লৰেচন ক’ৰপৰেশ্যন লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডঃ ৰঞ্জিত ৰঠে অইল ইণ্ডিয়াৰ চি এম ডি প্ৰাৰ্থী হিচাপে পাব্লিক এন্টাৰপ্ৰাইজ চিলেচন ব’ৰ্ডৰ দ্বাৰা আয়োজিত সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল। পুৱা ৯.৩০ বজাৰ দুপৰীয়া ১২.৩০ বজালৈ নতুন দিল্লীস্থিত পাব্লিক এন্টাৰপ্ৰাইজ ভৱনত অনুষ্ঠিত হৈছিল এই সাক্ষাৎকাৰ প্ৰক্ৰিয়া । অহা জুনত অৱসৰ গ্ৰহণ কৰিবলগীয়া অইলৰ বৰ্তমানৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰৰ স্থলাসিভিক্ত হ’ব ড° ৰঠ । ইতিমধ্যে নৱনিৰ্বাচিত চি এম ডি হিচাপে ডঃ ৰঠৰ নাম চিলেকচন ব’ৰ্ডে প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।