নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমতাৰ পৃথিৱী

একেটাই গ্রহ৷ কিন্তু মানুহ দুই প্রকাৰৰ৷ এক প্রকাৰৰ ভিতৰত আছে এমুঠিমান আৰু অন্য প্রকাৰ হৈছে ৯৯ শতাংশ৷ এমুঠিৰ হাতত আছে সম্পদৰ পাহাৰ আৰু ৯৯ শতাংশৰ বাবে কেৱল সমস্যা, দুর্ভিক্ষ তথা দুর্দশাগ্রস্ত জীৱন৷ পৃথিৱীজুৰি চলিছে এতিয়া এই অসমতা৷ এই অসমতাভৰা পৃথিৱীৰ আমি বাসিন্দা৷ শেহতীয়াকৈ ডাভোছত অনুষ্ঠিত হোৱা বিশ্ব অর্থনৈতিক ফ’ৰামৰ সন্মিলনৰ প্রাক্ক্ষণত অক্সফাম ইণ্টাৰনেচনেল নামৰ সংস্থাটোৱে বৈষম্যৰ এক ভয়াৱহ ছবি প্রকাশ কৰিছে৷ এই ভয়াৱহ ছবি অনুসৰি বিত্তৱানসকল সদায় অধিক সাম্রাজ্যৰ মালিক হৈ আহিছে আৰু গৰিষ্ঠসংখ্যক লোকৰ সমস্যা বৃদ্ধি পাইছে৷ দুর্দশাগ্রস্ত, দাৰিদ্র্যপীড়িত লোকৰ সমস্যা প্রতিদিনে অধিক গধুৰ হৈ আহিছে৷ বিশ্বৰ এমুঠি ধনকুবেৰে নিয়ন্ত্রণ কৰিবলৈ লৈছে সমগ্র গ্রহটোৰ আধাতকৈ বেছি সম্পদৰ সাম্রাজ্য৷ ভাৰততো একেই অসমতা বিৰাজমান৷ বিশ্বৰ দ্বিতীয় বৃহত্তম জনবহুল দেশখনত ধনকুবেৰবোৰৰ উত্থান ঘটিছে ৰকেটৰ গতিত৷ অক্সফামৰ তথ্য অনুসৰি ভাৰতত ২০১৮–১৯ বিত্তীয় বর্ষত কেন্দ্রীয় বাজেটত ধার্য কৰা ধনতকৈ অধিক ধনৰ গৰাকী হৈছে মুকেশ আম্বানী, আজিম প্রেমজী, সুনীল মিট্টালকে ধৰি ৬৩জন ধনকুবেৰ৷ দেশখনৰ ৯৫.৩৫ কোটি অর্থাৎ মুঠ জনসংখ্যাৰ ৭০ শতাংশৰ সম্পদৰ চাৰি গুণতকৈ অধিক সম্পত্তি কুক্ষিগত কৰিছে মাত্র ১ শতাংশ ধনকুবেৰে৷ পৃথিৱী গ্রহৰ পৰা দৰিদ্রতা দূৰীকৰণৰ বাবে ১৯টাকৈ দাতব্য সংস্থাই গঢ়ি তোলা অক্সফাম ইণ্টাৰনেচনেল নামৰ এই আন্তর্জাতিক প্রতিষ্ঠানটোৱে শেহতীয়াকৈ ‘টাইম টু কেয়াৰ’ শীর্ষক প্রতিবেদনত উল্লেখ কৰিছে যে অর্থনৈতিক বৈষম্য হ্রাসৰ ক্ষেত্রত কোনো দেশতেই নাই ব্যৱস্থা৷ গতিকে ব্যক্তিগত মালিকসকলৰ সম্পত্তি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ অকল উন্নত দেশসমূহতেই নহয়, এছিয়াৰ পৰা আফ্রিকালৈ ইউৰোপৰ পৰা লেটিন আমেৰিকালৈ সকলোতে ধনিক শ্রেণীৰ হাতত কুক্ষিগত হ’ব ধৰিছে পৃথিৱীৰ সম্পদ৷ অকল সেয়াই নহয়, এই অসমতাভৰা পৃথিৱীত বিভিন্ন সমস্যাৰ চিকাৰ হ’বলগীয়া হৈছে মহিলাসকল৷ অর্থনৈতিক বৈষম্যৰ প্রথম বলি হিচাবে অক্সফামে চিহ্ণিত কৰিছে মহিলাসকলক৷ সমগ্র আফ্রিকা মহাদেশৰ মহিলাসকলৰ সম্পত্তিতকৈ বিশ্বৰ মাত্র ২২জন ধনকুবেৰৰ সম্পত্তি বেছি৷ সমীক্ষা অনুসৰি বিশ্বৰ ৪৬০ কোটি জনসংখ্যাৰ হাতত থকা  সম্পত্তিতকৈ অধিক সম্পত্তি আছে ২,১৫৩জন ধনকুবেৰৰ হাতত৷ অর্থাৎ বিশ্বৰ ৬০ শতাংশ জনসংখ্যাৰ সম্পদতকৈও অধিক সম্পত্তি এই এমুঠি ধন কুবেৰে কুক্ষিগত কৰি ৰাখিছে৷

পৃথিৱীৰ দেশে দেশে চলি থকা গণতন্ত্রৰ নামত ধনতন্ত্র আৰু পুঁজিবাদ তথা বুর্জোৱা তন্ত্রই আজি অর্থনৈতিক বৈষম্য বৃদ্ধিত ইন্ধন যোগাই আহিছে৷ বিগত মাত্র এটা দশকত বিশ্বত কোটিপতিৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে৷ সংস্থাটোৰ ভাৰতৰ মুখ্য কার্যবাহী বিষয়া অমিতাভ বেহাৰে উল্লেখ কৰা অনুসৰি   সাধাৰণ পুৰুষ–মহিলাৰ ধনেৰেই এতিয়া বণিক গোষ্ঠীৰ সম্পদৰ পাহাৰ সৃষ্টি হৈছে৷ দেশৰ ভগ্ণ তথা দুর্দশাগ্রস্ত অর্থনীতিৰ প্রতিফল ভোগ কৰিছে সর্বসাধাৰণ জনতাই৷ কিন্তু অর্থনৈতিক মন্দা অৱস্থাৰ সময়তো ধনকুবেৰ আম্বানি, আদানিৰ দৰে ব্যৱসায়ীসকলে অধিক মুনাফা লাভ কৰিবলৈ সক্ষম হৈছে৷ মূল প্রশ্ণটো হৈছে, পৃথিৱীজুৰি অর্থনৈতিক এই অসমতাৰ কাৰণ কি৷ অক্সফাম ইণ্টাৰনেচনেলে ইয়াৰ বিস্তৃত বিশ্লেষণ আগবঢ়োৱা নাই যদিও সাধাৰণ মানুহৰ বাবেও এয়া বোধগম্য যে ৰাষ্ট্র পৰিচালনাৰ ব্যৱস্থাই এতিয়া এমুঠি ধনকুবেৰ কর্প’ৰেট গোষ্ঠীৰ স্বার্থক সুৰক্ষা প্রদান কৰি আহিছে৷ ভাৰতৰ দৰে দেশসমূহত ধনকুবেৰসকলৰ সম্পদৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব লৈছে শাসক গোষ্ঠীয়ে৷ কোটি কোটি সর্বসাধাৰণ লোকৰ প্রতি চৰকাৰে যি দায়িত্ব গ্রহণ কৰিব লাগিছিল তাক গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বিশ্বৰ বিভিন্ন দেশত সর্বসাধাৰণ জনতাৰ ওপৰত আৰোপ কৰা হৈছে নতুন নতুন কৰ–কাটল৷ দুর্নীতিগ্রস্ত কর্প’ৰেট গোষ্ঠীক চৰকাৰে সুৰক্ষা প্রদান কৰিছে জনসাধাৰণৰ পৰা কৰ সংগ্রহ কৰি৷ অকল ভাৰত বা অন্য উন্নয়নশীল দেশসমূহৰেই এই দুর্দশা নহয়৷ বিশ্বায়নৰ যুগত এতিয়া ব্যক্তিগত মালিকৰ সাম্রাজ্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ বিভিন্ন কর্প’ৰেট গোষ্ঠীয়ে গৃহভূমিৰ বাহিৰত গৈ সস্তা শ্রমৰ বিনিময়ত অধিক মুনাফা অর্জন কৰিবলৈ সক্ষম হৈছে৷ আনকি গৃহভূমিৰ বাহিৰত গৈ ইউৰোপীয় দেশসমূহৰ উপৰি আমেৰিকাৰ ধনকুবেৰসকলে দুখীয়া দেশসমূহত বিভিন্ন প্রতিষ্ঠানৰ মুখ্য কার্যালয় স্থাপন কৰি ‘আউট ছ’র্চিং ডেভেলপমেণ্ট’ৰ নামত সেই দেশৰ শ্রম শোষণ কৰি অধিক মুনাফা লুণ্ঠন কৰিছে৷ এনেদৰেই ধনকুবেৰবোৰৰ সম্পত্তিৰ সাম্রাজ্য প্রতি মুহূর্ততে ৰকেটৰ গতিত বৃদ্ধি পাইছে আৰু দুর্দশাগ্রস্ত লোকসকলৰ সমস্যা অধিক গধুৰ হৈছে৷ এয়াই এতিয়া আমাৰ পৃথিৱী৷ এমুঠিৰ হাতত আছে সমস্ত সুখ–স্বাচ্ছন্দ্য আৰু গৰিষ্ঠসংখ্যক দাৰিদ্র্য, বুভুক্ষাৰ চিকাৰ৷ সঁচাকৈয়ে এক অসমতা ভৰা পৃথিৱীৰ আমি বাসিন্দা৷

You might also like