নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চানডুবিত আঘাতপ্ৰাপ্ত হলৌ বান্দৰ উদ্ধাৰ 

নিয়মীয়া বাৰ্তা, ২৯ মার্চঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চানডুবি বিলৰ দাঁতিকাষৰীয়া কঁঠালগুৰিত আজি এটি আহত হলৌ বান্দৰ উদ্ধাৰ হয় ৷ জানিবপৰা মতে অসম মেঘালয় সীমান্তৱৰ্তী প্ৰাকৃতিক প্ৰাচুৰ্য্যৰে পৰিপুষ্ট তথা অঞ্চলটোৰ কঁঠালগুৰি গাঁৱত আঘাতপ্ৰাপ্ত হৈ হলৌ বান্দৰটিয়ে চটফটাই থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি বন বিভাগক খৱৰ দিয়ে। লগে লগে বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হলৌ বান্দৰটি উদ্ধাৰ কৰি লোহাৰঘাটলৈ আনি প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে। স্থানীয় লোকৰ পৰা জানিব পৰা অনুসৰি বিদ্যুতৰ তাঁৰত লাগি হলৌ বান্দৰটি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। ইফালে হলৌ বান্দৰটি ৰাজ্যিক চিৰিয়াখানলৈ প্ৰেৰণ ব্যৱস্থা গ্ৰহণ কৰা বুলি বনবিভাগে জানিবলৈ দিয়ে। উল্লেখ্য যে- বিলুপ্তপ্ৰায় হৈ পৰা উক্ত বান্দৰৰ প্ৰজাতিটো বৰ্তমানো উক্ত সীমান্তৱৰ্তী অঞ্চলটোত বিচৰণ কৰি আছে ৷ তেনেক্ষেত্ৰত বিদ্যুৎপৃষ্ট হৈ হলৌ বান্দৰটি গুৰুতৰভাৱে আহত হোৱা ঘটনাই প্ৰকৃতিপ্ৰেমী সকলোক দুখিতঃ কৰি তুলিছে ৷ আনহাতে, উক্ত বনভূমি এলেকাত বন্য জীৱকুলৰ সুৰক্ষাৰ স্বাৰ্থত মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ কেবল পদ্ধতি কৰিবলৈও সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী উথ্থাপন কৰিছে অঞ্চলস্থ প্ৰকৃতিপ্ৰেমী সকলে ৷

প্ৰেৰক নুৰুল ইছলাম

You might also like