নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাগিচাই বাগিচাই মদৰ ব্যাপক প্ৰচলনৰ কুপ্ৰভাৱঃ মদৰ ৰাগিত জ্বলাই দিলে নিজৰ ঘৰ

বিশেষ বাৰ্তা, ২৫ এপ্ৰিলঃ মৰিয়নিৰ প্ৰায়বোৰ চাহ বাগিচা আৰু গ্ৰামাঞ্চলত চুলাই মদৰ ব্যাপক প্ৰচলনৰ ফলত সৰ্বেত্ৰে তাৰ কুপ্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি দেখা দিয়া সময়তো মৰিয়নিৰ গাঁৱে -ভূঞে, নগৰে চহৰে, বাগিছাৰ লাইনে লাইনে উভৈনদী হৈ পৰিছে চুলাই মদ। চুলাই মদৰ গ্রাসত পৰি বহু লোকৰ জীৱনলৈ অমানিশা নামি আহিছে । মদৰ ব্যাপক প্ৰচলনে শৈক্ষিক ,সামাজিক পৰিবেশ বিনষ্ট কৰি পেলাইছে । মদৰ বাবেই বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত হোৱাও পৰিলক্ষিত হৈছে । কিছু দিন পূৰ্বে নাগিনীজান অঞ্চলত এজন মাতাল স্বামীয়ে মদৰ বাবেই পত্নীক অমানুষিকভাৱে হত্যা কৰিছিল । ইফালে যোৱা নিশাও সংঘটিত হয় আন এক ঘটনাৰ । মদৰ নিচাত মাতাল ব্যক্তিয়ে নিজৰ গৃহত অগ্নি সংযোগ কৰাৰ ফলত সমগ্ৰ ঘৰটো অগ্নিত জাহ যায় । ঘটনাটো মৰিয়নিৰ কাষৰে হাতীজুৰি চাহ বাগিচাৰ । বাগিচাখনৰ নতুন লাইনৰ ৰাজু ৰাও নামৰ সুৰামত্ত লোকজেন পত্নীৰ লগতে পৰিয়ালৰ বাকী সদস্যৰ লগত কাজিয়া লাগি মাৰ ধৰ কৰি ঘৰৰ পৰা খেদি পঠিয়ায় । ইয়াৰ পিছত মাতাল লোকজনে নিজৰ ঘৰটোত অগ্নি সংযোগ কৰে । অগ্নি সংযোগৰ ফলত ঘৰটো নিমিষতে জ্বলি ছাই হৈ যায়। আনকি ঘটনা সংঘটিত কৰি লোকজনে চুবুৰীয়া এঘৰত গৈ শুই থাকে । এই ঘটনা সংঘটিত হোৱাৰ পিছত হাতীজুৰি চাহ বাগিচাৰ গাঁও ৰক্ষী বাহিনীয়ে মৰিয়নি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ৰাজুক মৰিয়নি থানালৈ আনে । এই ঘটনাই সমগ্ৰ বাগিচাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । আনহাতে, বাগিচাৰ লগতে গ্ৰামাঞ্চলসমূহত চুলাই মদৰ প্ৰচলনৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা হাতত ল’বলৈ প্ৰশাসন, আৰক্ষীৰ প্ৰতি সচেতন ৰাইজে আহ্বান জনাইছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like