নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন প্ৰশাসনিক সম্পাদকসহ নেতা-কৰ্মীৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ কংগ্ৰেছ শূন্য হোৱাৰ দিশে ঢকুৱাখনা।বিজেপিৰ দখলত থকা ঢকুৱাখনাত এফালৰ পৰা খহিব ধৰিছে কংগ্ৰেছ ভেটি।কিছুদিনৰ পৰা ইজনৰ পিছত সিজনকৈ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ পিছতে আজি ঢকুৱাখনাত কেইবাজনো নেতা-কৰ্মীয়ে আনুষ্ঠানিক ভাবে গেৰুৱা বসন পিন্ধে। বিজেপিৰ ঢকুৱাখনা জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ এখন যোগদান সভাত আজি ঢকুৱাখনা ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন প্ৰশাসনিক সম্পাদক অনন্ত দাসসহ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৯ গৰাকী সদস্যই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰা প্ৰতিগৰাকী নেতা-কৰ্মীক ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক উপ-সভাপতি নৱ কুমাৰ দলেই নতুনকৈ যোগদান কৰা প্ৰতিগৰাকী সদস্যক গেৰুৱা বসন পিন্ধোৱাৰ লগতে সদস্য ভুক্তিৰ পৰিচয় পত্ৰৰে বিজেপিলৈ আদৰণি জনায়।যোগদান কাৰ্যসূচীত ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি সুনিল দলে,সাধাৰণ সম্পাদক বনশ্যাম গগৈ,বিষ্ণু দত্ত,ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাসকে ধৰি বিজেপি ঢকুৱাখনা জিলা সমিতি, মণ্ডল সমিতি তথা বিভিন্ন মৰ্চাৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like