নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱনমিত গণতন্ত্র

নাগৰিকত্ব সংশোধনী আইন (কা)ক লৈ দেশজুৰি প্রতিবাদৰ জোৱাৰ উঠাৰ সময়তে গণতন্ত্রৰ সূচকত ভাৰত দহটা স্থান অৱনমিত হোৱাৰ বাতৰিয়ে চিন্তাৰ উদ্রেক ঘটাইছে৷ লণ্ডনস্থিত ইক’নমিষ্ট ইণ্টেলিজেন্স ইউনিটৰ গণতন্ত্রৰ সূচক প্রতিবেদনক লৈ কেন্দ্রীয় চৰকাৰে এইপর্যন্ত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷ সাধাৰণতে ভাৰত চৰকাৰে এনেধৰণৰ নেতিবাচক বার্তা কঢ়িওৱা আন্তঃৰাষ্ট্রীয় সমীক্ষা বা প্রতিবেদনক পোনছাটেই নাকচ কৰি আহিছে৷ কিন্তু ইয়াৰ বিপৰীতে ইতিবাচক বা প্রশংসাসূচক আন্তঃৰাষ্ট্রীয় প্রতিবেদন বা সমীক্ষাক লৈ একেখন চৰকাৰেই প্রয়োজনতকৈ অধিক উৎসাহিত হোৱাও পৰিলক্ষিত হয়৷ ইক’নমিষ্ট ইণ্টেলিজেন্স ইউনিটৰ সূচকত ভাৰতৰ স্থান ঊর্ধ্বগামী হোৱা হ’লে নিশ্চিতভাৱে চৰকাৰে ইয়াক লৈ গৌৰৱ কৰাই নহয়, বিবৃতিও প্রকাশ কৰিলেহেঁতেন৷ যিহেতু ইক’নমিষ্ট ইণ্টেলিজেন্স ইউনিটৰ প্রতিবেদনত ভাৰতৰ ক্ষয়িষ্ণু গণতন্ত্রক লৈ অত্যন্ত উদ্বেগজনকভাৱে নেতিবাচক তথ্য প্রকাশ কৰা হৈছে, সেয়ে চৰকাৰে মৌনতা অৱলম্বন কৰাটো অলপো অস্বাভাৱিক নহয়৷ প্রশংসা আৰু সমালোচনাক সমদৃষ্টিৰে গ্রহণ কৰাটো হ’ল এখন গণতান্ত্রিক চৰকাৰৰ অন্যতম প্রধান বৈশিষ্ট্য৷ এইক্ষেত্রত পূর্বৰে পৰা ভাৰত যদি পিছপৰি আছিল, তেন্তে এতিয়া আৰু বেছি পিছপৰি যোৱা বুলি ভবাৰ থল আছে৷ ইক’নমিষ্ট ইণ্টেলিজেন্স ইউনিটৰ সূচকত পাঁচটা দিশ বিবেচনা কৰা হয়৷ সেইকেইটা হ’ল– নির্বাচনী প্রক্রিয়া, চৰকাৰৰ কাম–কাজ, ৰাজনৈতিক অংশগ্রহণ, ৰাজনৈতিক সংস্কৃতি আৰু সামাজিক স্বাধীনতা৷ ২০১৯ চনৰ এই প্রতিবেদন মতে নির্বাচনী প্রক্রিয়াত ভাৰতে ৮.৬৭ পইণ্ট, চৰকাৰৰ কাম–কাজত ৬.৭৯ পইণ্ট, ৰাজনৈতিক অংশগ্রহণত ৬.৬৭ পইণ্ট, ৰাজনৈতিক সংস্কৃতিত ৫.৬৩ পইণ্ট আৰু সামাজিক স্বাধীনতাত ৬.৭৬ পইণ্ট লাভ কৰিছে৷ গড় হিচাপত ৬.৯ পইণ্ট লাভ কৰি ভাৰতে ১৬৭খন দেশৰ ভিতৰত ৫১সংখ্যক স্থান লাভ কৰিছে৷ নির্বাচনী প্রক্রিয়াৰ বাদে আন আটাইকেইটা দিশতে ভাৰতৰ অৱস্থা অত্যন্ত হতাশাজনক৷ বিশেষকৈ ৰাজনৈতিক সংস্কৃতিত মাত্র ৫.৬৩ পইণ্ট লাভ কৰাটো উদ্বেগৰ বিষয়৷ চৈধ্য বছৰৰ পূর্বে ইক’নমিষ্ট ইণ্টেলিজেন্স ইউনিটে প্রথমবাৰৰ বাবে এই বার্ষিক প্রতিবেদন প্রকাশ কৰিছিল৷ এইবাৰেই ভাৰত গণতন্ত্রৰ সূচকত ইমান তললৈ অৱনমিত হ’বলগীয়া হ’ল৷ জম্মু–কাশ্মীৰত অনুচ্ছেদ ৩৭০ আৰু ৩৫ (এ) বাতিলৰ লগতে ৰাজ্যখনৰ বিশেষ মর্যাদা কর্তন কৰাৰ ফলত হোৱা আন্তঃৰাষ্ট্রীয় প্রতিক্রিয়াৰ পৰিণতিস্বৰূপেই ভাৰতীয় গণতন্ত্রৰ ওপৰত প্রশ্ণবোধক চিন আহি পৰিছিল৷ গণতন্ত্রৰ সূচকতো ইয়াৰ প্রভাৱ পৰাটো নিশ্চিত৷ তদুপৰি ৰাজ্যখনৰ ৰাজনৈতিক নেতাসকলক চৰকাৰে যিদৰে গৃহবন্দী কৰি ৰখাৰ লগতে ইণ্টাৰনেট–ম’বাইল সেৱা বন্ধ কৰিলে, তাক লৈয়ো সমগ্র বিশ্বত তীব্র চর্চা হৈছিল৷ এয়া ভাৰতৰ আভ্যন্তৰীণ বিষয় হ’লেও আন্তঃৰাষ্ট্রীয় প্রতিক্রিয়া নহ’ব বুলি ভবাটো ভুল৷ কেন্দ্রীয় চৰকাৰে এনে প্রতিক্রিয়াক কঠোৰ ভাষাৰে নস্যাৎ কৰিছিল ঠিকেই, কিন্তু ইয়াৰ দ্বাৰা নিশ্চিতভাৱে দেশখনৰ প্রতি বিশ্ববাসীৰ মনোভাব সলনি কৰাটো সম্ভৱ নহয়৷

গণতন্ত্রৰ সূচকত ভাৰতৰ স্থান অৱনমিত হোৱাৰ সময়ত স্বাভাৱিকতে ‘কা’বিৰোধী আন্দোলনক লৈ চৰকাৰী পক্ষৰ প্রতিক্রিয়া চর্চাৰ বিষয় হৈ পৰিছে৷ দেশৰ বিশালসংখ্যক লোকে ইয়াৰ তীব্র বিৰোধিতা কৰাৰ পিছতো চৰকাৰে কোনোধৰণৰ পর্যালোচনাৰ প্রয়োজনবোধ কৰা নাই৷ ইয়াৰ অর্থ হ’ল যিসকল লোকে এই আইনখন নিবিচাৰে তেওঁলোকৰ ওপৰত আইনখন জোৰ–জবৰদস্তি জাপি দিব খোজা হৈছে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আনকি এইবুলিও উল্লেখ কৰিছে যে ‘কা’বিৰোধী শক্তিয়ে যিমানেই প্রতিবাদ নকৰক কিয় চৰকাৰে ‘কা’ কার্যকৰী কৰিবই৷ ইয়াৰ দ্বাৰা গৃহমন্ত্রীজনে আলোচনাৰ দুৱাৰ একপ্রকাৰ বন্ধ কৰি দিছে৷ অর্থাৎ যিসকল লোক অসন্তুষ্ট তেওঁলোকক দ্বিতীয়বাৰ চিন্তা নকৰাকৈ গৃহমন্ত্রীজনে ৰুক্ষ ভাষাৰে নাকচ কৰিছে৷ এখন গণতান্ত্রিক দেশৰ চৰকাৰত যদি এনেধৰণৰ মনোভাবে গা কৰি উঠে, তেন্তে সেই দেশখনক ত্রুটিপূর্ণ গণতন্ত্র বুলিয়ে চিহ্ণিত কৰা হয়৷ ভাৰতো ইয়াৰ দিশতে আগবাঢ়িছে নেকি? এই প্রশ্ণ এতিয়া বহুতেই উত্থাপন কৰিছে৷ নাগৰিকে শান্তিপূর্ণভাৱে প্রতিবাদ কৰাটো গণতন্ত্রৰ অবিচ্ছেদ্য অংগ৷ বিশ্বৰ সর্ববৃহৎ গণতন্ত্রতে শান্তিপূর্ণ প্রতিবাদক কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা কৰাটো অত্যন্ত দুর্ভাগ্যজনক৷

You might also like