ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াই নিদ্ৰা হৰণ কৰিছে ছয়গাঁৱৰ আমবাৰীবাসীক
নিয়মীয়া বাৰ্তা, ছয়গাঁও, ২০ মেঃ ৰাজ্যত কেবাদিন ধৰি নেৰানেপেৰা বৰষুণ অহাৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ লগে উপনৈ সমূহৰ বাঢ়নি পানীয়ে খেতি পথাৰ তথা জনজীৱন বৃহৎ ক্ষতিসাধন কৰিছে । এই নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াই নিদ্ৰা হৰণ কৰিছে ছয়গাঁৱৰ আমবাৰীবাসী ৰাইজৰ। এফালে ভৰা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ তাণ্ডৱ আনহাতে পকীকৰণ কৰি থকা মথাউৰিত খহনীয়াৰ ভয়ংকৰ ৰূপ। দক্ষিণ কামৰূপৰ পলাশবাৰী আৰু গুমী সংযোগী নৱ নিৰ্মিত মথাউৰিৰ আমবাৰী-কান্দুলিমাৰী পথৰ সংযোগী স্থানত প্ৰায় এসপ্তাহ ধৰি হোৱা বৰষুণৰ ফলত একাংশ খহাৰ বাবে প্ৰতিদিনে ভয়-শংকাৰ মাজেৰে দিন-ৰাতি পাৰ কৰিছে অঞ্চলবাসীয়ে। কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, বৃদ্ধৰ পৰা গৰ্ভৱতী মহিলালৈ সকলোৱে কৰিব লগা হৈছে মৰণক-শৰণ কৰি বিপদ সংকুল যাত্ৰা। যদিহে সেই স্থানত ব্ৰহ্মপুত্ৰৰ মথাউৰি ছিগি পানী সোমাই তেতিয়া পলাশবাৰী, ছয়গাঁও আৰু বকো সমষ্টিৰ বৃহৎ অঞ্চল বানপানীৰ কবলত পৰিব বুলি শংকা কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে, ছয়গাঁৱৰ আমবাৰী, কান্দুলিমাৰীৰ লগতে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৭-৮ খন গাঁৱৰ ৰাইজে যাতায়ত ক্ষেত্ৰত ভুগিব লগা হৈছে নৰক যন্ত্ৰণা৷ সমান্তৰালকৈ, সময়ৰ পূৰ্বে চপাব লগা হৈছে বৰো ধানৰ লগতে ইৰি ধানৰ খেতিও৷ যাৰ বাবে ভয়- সংকটত কাটিব লগীয়া হৈছে কেঁচা ধান। আনহাতে, ৰাইজৰ অভিযোগ এসপ্তাহতকৈ অধিক সময়ৰ পিছতো সংশ্লিষ্ট বিভাগ আৰু কৰ্তৃপক্ষই এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই ভয়ংকৰ সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰো অনুৰোধ জনাইছে অঞ্চলটোৰ ৰাইজে। এই ক্ষেত্ৰত মুখ্যমন্ত্রী তথা স্থানীয় ৰাইজে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ’ব লক্ষণীয়।