ডিব্ৰুগড়ত পিষ্টলসহ আনলা সদস্য গ্ৰেপ্তাৰঃ ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ
বিশেষ বাৰ্তা, ১ জুনঃ ডিব্ৰুগড়ত পুনৰ মাৰণাস্ত্ৰসহ আনলা সদস্য গ্ৰেপ্তাৰক লৈ ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে। জানিব পৰা মতে ডিব্ৰুগড় পল্টনবজাৰস্থিত সেনাৰ ১৮নং গাড়োৱাল ৰেজিমেণ্ট আৰু ১৭১ নং চিআৰপিএফৰ যুটীয়া অভিযানত তৰুণ নায়ক নামৰ আনলাৰ কেডাৰ এজনক গ্ৰেপ্তাৰ কৰা হয়। ধৃত সদস্যজনৰ পৰা এটা পইন্ট ২২ পিষ্টল আৰু চাৰিটা সক্ৰিয় গুলীসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। ধৃত আনলাৰ কেডাৰজন গোলাঘাট জিলাৰ মেৰাপানীৰ ৰতনপুৰৰ জ্যোতি পথাৰৰ বুলি জানিব পৰা গৈছে। বৰ্তমানে আনলাৰ সদস্যজনক আৰক্ষীৰ হাতত গতাই দিয়াত আৰক্ষীয়ে আনলা সদস্যজনৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে যোৱা ১৪ মে’ত সুবল গড় আৰু লোকাছ কংগাড়ী নামৰ কাৰ্বি আংলঙৰ দুজন আনলা সদস্যই পিষ্টল আৰু গুলীসহ ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।
প্ৰেৰক বিভাস দুৱৰা