নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহ চক্ৰৰ নায়িকা গ্ৰেপ্তাৰ : অপহৃত পিতা পুত্ৰ উদ্ধাৰ

নিয়মীয়া বার্তা, ৩ জুন: আজি হোজাই আৰক্ষীয়ে গুৱাহাটীৰ পৰা এগৰাকী নাৰী সৰবৰাহৰ লগত জড়িত নাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে হোজাইৰ পৰা অপহৃত পিতা পুত্ৰক উদ্ধাৰ কৰে । আজি পুৱতি নিশা হোজাই আৰক্ষীয়ে গুৱাহাটীত অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকৰী চক্ৰৰ মুল নায়িকা গ্ৰেপ্তাৰ কৰে৷ ধৃত মহিলা গৰাকীৰ নাম ছাবিনা ইয়াছমিন ৷ হোজাইৰ আৰক্ষী অধীক্ষক বৰুন পূৰকায়স্থৰ এক গোপন খবৰৰ ভিত্তিত গুৱাহাটীৰ সাতগানৰ এটি ব্যক্তিগত ফ্লেটৰ পৰা হোজাই আৰু ডবকাৰ এটি বৃহত আৰক্ষীৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মহিলা গৰাকীক৷ ধৃত মহিলাগৰাকীৰ বিপক্ষে প্ৰৱঞ্চনাৰে অসমৰ বিভিন্ন প্ৰান্তৰ মহিলা, যুৱতীক বহিঃৰাষ্ট্ৰত সৰবৰাহ কৰাৰ অভিযোগ আছে ৷ ভুৱা নথি পত্ৰৰে বিভিন্ন জনৰ নামত আন্তঃৰাষ্ট্ৰীয় পাৰপত্ৰ প্ৰস্তুত কৰি দিয়ৰো অভিযোগ আছে মহিলাগৰাকীৰ বিৰুদ্ধে৷ যোৱা পহিলা মাৰ্চত আৰক্ষীয়ে মহিলা গৰাকীৰ ডবকাৰ বাসগৃহত অভিযান চলাই জব্দ কৰিছিল ২৫ খনকৈ আন্তঃৰষ্ট্ৰীয় পৰপত্ৰৰ লগতে বিভিন্ন বিধবা ,মহিলা যুৱতীৰ প্ৰমান পত্ৰ জব্দ কৰিছিল৷ এই মহিলা গৰাকীৰ বিপক্ষে জিলা খনৰ বিভিন্ন থানাত কেইবাটাও গোচৰ পঞ্জীয়ন হৈ আছে৷ ইমান দিনে মহিলা গৰাকীয়ে আৰক্ষীৰ চকুত ধূলি দি পলায় আছিল ৷ এই প্ৰৱঞ্চক মহিলা গৰাকীৰ বিৰুদ্ধে হোজাই থানাত দুটা গোচৰ ক্ৰমে 189/22, 97/22 নম্বৰ গোচৰ থকাৰ লগতে ডবকা থানাত 72/22 নম্বৰ আন এটা গোচৰ ৰুজু হৈ আছে৷ উক্ত গোচৰ সমুহত ইতিপুৰ্বে আৰক্ষীয়ে গিয়াছ উদ্দিন,ৰৌছ উদ্দিন আৰু কামাল উদ্দিনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰন কৰিছে৷ চাবিনাৰ সৈতে গুৱাহাটীৰ পাটপত্ৰৰ মুখ্য কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰীৰ সৈতে সু সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷ হোজাইৰ বৰুন পুৰকায়স্হই এক সংবাদ মেল যোগে এই অন্তৰাষ্ট্ৰীয় নাৰী সৰবৰাহ চক্ৰৰ নায়িকা চাবিনাৰ কু কৰ্মৰ সৈতে জড়িত প্ৰতিজন লোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হব৷ উল্লেখযোগ্য যে, ধৃত চাবিনা হোজাই আৰক্ষীৰ এক প্ৰকাৰ মূৰৰ কামোৰনি হৈ পৰিছিল৷ ধৃত মহিলা গৰাকীৰ নেতৃত্বত এটা চক্ৰই একাংশ সহজ সৰল মহিলা যুৱতীক বিভিন্ন প্ৰলোভন দি ভুৱা প্ৰমান পত্ৰৰে পাচপোৰ্ট প্ৰস্তুত কৰি বিদেশলৈ পঠিয়াই এক প্ৰকাৰ নিষিদ্ধ ব্যাৱসায় আৰম্ভ কৰিছিল ৷ বৰ্তমান চাবিনাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷চাবিনাৰ জেৰাত আৰু বহু ৰৌ বৰালি আৰক্ষীৰ জালত পৰাৰ সম্ভৱনা আছে৷ ইফালে কালি হোজাইৰ বৰদলৈ কলনীৰ পৰা অপহৃত দুই পিতা পুত্ৰক আৰক্ষীৰ এটা দলে আজি গুৱাহাটীৰ পৰা উদ্ধাৰ হোৱাৰ লগতে মুস্তাফা নামৰ অপহৰণকাৰী এটাক আৰক্ষীয়ে আটক কৰে । জানিব পৰা মতে যোৱা সন্ধিয়া হোজাইৰ বৰদলৈ কলনীৰ মুস্তাফা নামৰ লোক জনে আব্দুল নুৰৰ ঘৰলৈ গৈ ব্যৱসায়িক সংক্ৰান্তত কথা পাতিবলৈ এজন মানুহ আহিছে বুলি ঘৰৰ পৰা উলিয়াই এনে । পিতৃৰ পিছে পিছে পুত্ৰ জাকিৰ বৰভূঞা ওলাই আহে । সেই সময়ত ঘৰৰ বাহিৰত ৰৈ থকা তিনিখন গাড়ীত জোৰকৈ পিতা পুত্ৰক অপহৰণ কৰি লৈ যায় । পৰিয়ালৰ লোক হোজাই আৰক্ষীৰ দ্বাৰস্থ হোৱাত আৰক্ষীয়ে তদন্ত কৰি থকাৰ সময়তে আজি গুৱাহাটীৰ হাতীগাঁও থানাৰ সন্মুখত পিতা পুত্ৰক আৰক্ষীয়ে উদ্ধাৰ কৰে । অপহৰণকাৰীয়ে পিতা পুত্ৰক থানাৰ সন্মুখত এৰি যোৱা বুলি জনায় পিতা পুত্ৰই ইফালে আৰক্ষীয়ে এই অপহৰণৰ লগত জড়িত মুস্তাফাক আটক কৰে । ব্যৱসায়িক কেন্দ্ৰীক সংঘাতৰ বাবেই এই কাণ্ড সংঘটিত হোৱা বুলি জনা যায় ।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like