ক্রোধ
যোৱা শতিকাৰ ৬০ৰ দশকৰ মাজভাগত কেইবাবছৰ ধৰি মই বিলাতৰ ‘ছানডে’ টাইমছ’ নামৰ বিখ্যাত বাতৰিকাকতখন পঢ়িবলৈ সুযোগ পাইছিলোঁ৷ বিলাত–প্রবাসী মোৰ এজন আত্মীয়ই দুমাহ–তিনি মাহৰ মূৰে মূৰে কাকতখনৰ কেইবাটাও সংখ্যা এজাপ কৰি মোলৈ পঠিয়াই দিছিল৷ কাকতখনত প্রকাশিত অজস্র মননশীল প্রবন্ধই সেই সময়ত মোক যথেষ্ট চিন্তাৰ খোৰাক দিছিল৷ অৱশ্যে তেতিয়া কাকতখনত পঢ়া বেছিভাগ কথাই মই এতিয়া সম্পূর্ণৰূপে পাহৰি গৈছোঁ, কিছু কথা অৱচেতন মনত সঞ্চিত হৈ থাকিবও পাৰে মই নিজে সেই বিষয়ে নিশ্চিত নহয়৷ কিন্তু সেই সময়ৰ ছানডে’ টাইমছৰ কোনোবা এটা সংখ্যাত কবি ডব্লিউ এইচ অ’ডেনে লিখা এটা প্রবন্ধই মোৰ মনত ইমান দকৈ দাগ কাটিছিল যে প্রবন্ধটোৰ মূল কথাখিনি মই এতিয়াও পাহৰা নাই, জীৱন থকালৈকে মই পাহৰিব নোৱাৰিম৷
খ্রীষ্টিয়ানসকলৰ মতে, সাতটা পাপ(Sin) হ’ল আটাইতকৈ মাৰাত্মক৷ সেই সাতটা পাপ হ’ল দম্ভ বা অহমিকা(Pride), অর্থলোভ(Covetousness), কাম লালসা(Lust), ক্রোধ(anger), অতি ভোজন(Gluttony), পৰশ্রীকাতৰতা(Emuy) আৰু আলস্য(Sloth)৷
ছানডে’ টাইমছৰ সম্পাদকসকলে এবাৰ ৭জন বিখ্যাত লেখকক ৭টা পাপৰ বিষয়ে তেওঁলোকৰ নিজৰ মতামত জনাই একোটা প্রবন্ধ লিখিবলৈ আহ্বান কৰিলে৷ অর্থাৎ ৭জন লেখকৰ মাজত ৭টা পাপ ভগাই দিয়া হ’ল৷ বাকী ৬জন লেখক কোন কোন আছিল আৰু তেওঁলোকৰ ভাগত কি ‘পাপ’ পৰিছিল সেইবোৰ কথা মই এতিয়া সমূলি পাহৰি গৈছোঁ৷ কিন্তু খুব ভালকৈ মনত আছে যে অ’ডেনৰ ভাগত পৰিছিল ক্রোধ৷
অ’ডেনৰ প্রবন্ধটোৰ ভাবার্থ আছিল এয়ে যে তেওঁ খঙক পাপ বুলি নাভাবে৷ অ’ডেন নিজে আছিল এজন খঙাল মানুহ৷ কথাই কথাই তেওঁৰ খং উঠে৷ আনকি খঙতে মানুহক ঘুচিয়াই দিবলৈকো তেওঁৰ মন যায়৷ অ’ডেনে লিখিছে–‘কিন্তু মই ভালকৈয়ে জানো যে মোৰ খঙৰ উৎস মোৰ হূদয়খন নহয়, অর্থাৎ কথাই কথাই খং উঠাটো মোৰ চৰিত্রগত ত্রুটি নহয়৷ মোৰ খঙাল স্বভাৱৰ কাৰণটো সম্পূর্ণৰূপে শাৰীৰিক৷ সকলো সময়তে মোৰ খং উঠি থাকে৷ বিষত মোৰ কুম দুটা এনেকৈ নাচি থাকে যে সন্মুখত কাৰোবাক দেখিলেই তেওঁৰ কুম দুটাত ঘুচিয়াই দিবলৈ মোৰ মন যায়৷ মই ভালকৈয়ে জানো যে মোৰ মূৰৰ বিষ ভাল হ’লেই মোৰ খং নোহোৱা হৈ যাব৷ তেনেস্থলত মই খঙক পাপ বুলি গণ্য কৰোঁ কেনেকৈ?
অ’ডেনৰ প্রবন্ধটোৱে মোৰ মনত দকৈ ৰেখাপাত কৰাৰ অতি সৰল কাৰণটো আছিল এই যে সৰু কালৰ পৰাই মোৰ স্বভাৱটোও আছিল অতি খিংখিঙীয়া (এতিয়া কিন্তু নহয়), যাৰ কাৰণে মই আনক মনোকষ্ট দিয়াৰ উপৰি নিজেও অশেষ দৈহিক আৰু মানসিক যন্ত্রণাত ভুগিছিলোঁ৷ তদুপৰি মূৰ বিষ আছিল মোৰ চিৰলগৰীয়া৷ অ’ডেনৰ প্রবন্ধটো পঢ়াৰ আগতেই মই আত্মবিশ্লেষণ কৰি ভালকৈ জানিছিলোঁ যে মোৰ খংটো মোৰ মনৰ পৰা ওলোৱা বস্তু নহয়, বৰং মই নিজকে অতি শান্ত আৰু মৰমিয়াল স্বভাৱৰ মানুহ বুলিয়েই দাবী কৰিব খোজোঁ৷ কিন্তু সকলো সময়তে হৈ থকা মূৰৰ বিষৰ কাৰণেই কথাই কথাই মোৰ টিঙিচকৈ খং উঠে৷ মানুহে মোৰ খংটোহে দেখে, মূৰৰ বিষটো নেদেখে৷ ফলত মানুহৰ চকুত মই এজন বদমেজাজী খঙাল স্বভাৱৰ মানুহ৷ অ’ডেনৰ প্রবন্ধটো পঢ়াৰ পিছত মই অন্ততঃ এই বুলি সাত্ব্ন্না লাভ কৰিলোঁ যে এনে সমস্যাত ভোগা মানুহ (জার্মান নাট্যকাৰ শ্বিলেৰৰ ভাষাতGuiltless guilt) এই সংসাৰত ময়েই একমাত্র নহওঁ৷ তদুপৰি যিসকল লোকক দেখুৱাব পাৰোঁ, তেওঁলোকক অ’ডেনৰ প্রবন্ধটো দেখুৱাই মই তেওঁলোকৰ পৰা অলপ সহানুভূতি আদায় কৰিবলৈকো চেষ্টা কৰিলোঁ৷
মানুহৰ কিছুমান ত্রুটিপূর্ণ স্বভাৱ বা আচৰণৰ কাৰণ যেনেকৈ শাৰীৰিক হ’ব পাৰে (যেনে– মূৰৰ বিষৰ কাৰণে স্বভাৱটো খিংখিঙীয়া হোৱা), ঠিক তেনেকৈ বহুতো ৰোগৰ কাৰণো মানসিক তথা আৱেগজনিত হ’ব পাৰে৷ জে বি এছ হলডেইনে তেওঁৰ এখন ৰচনাত লিখিছে যে সর্বহাৰা দৰিদ্র মানুহৰ দুখ–কষ্টৰ কথা চিন্তা কৰি কৰি তেওঁৰ পেটত আলচাৰ হৈ গৈছিল কিন্তু ৰাছিয়াত অক্টোবৰ বিপ্লৱ হোৱাৰ লগে লগে তেওঁৰ আলচাৰ শুকাই গ’ল৷ মই অৱশ্যে পেটত আলচাৰ হৈ যোৱাকৈ সমগ্র পৃথিৱীৰ সর্বহাৰা দৰিদ্র জনতাৰ দুখ–কষ্টৰ কথা চিন্তা কৰি বিনিদ্র ৰজনী যাপন কৰিছিলোঁ বুলি দাবী কৰিব নোৱাৰোঁ৷ সৃষ্টিকর্তাই সিমানখিনি মহানুভৱতা মোক দিয়া নাই৷ কিন্তু মোৰ জীৱনতো এটা আচৰিত ঘটনা ঘটিছিল৷ মোৰ গাঁৱৰ ঘৰত থকা দেউতা যেতিয়া ক্রমাৎ বুঢ়া হৈ আহিল, তেতিয়া তেওঁৰ শাৰীৰিক দুর্বলতা আৰু মানসিক নিঃসংগতাৰ কথা চিন্তা কৰি কৰি মোৰ পেটত আলচাৰ হৈ গ’ল৷ অৱশ্যে সঁচা কথা ক’বলৈ গ’লে দেউতাৰ কাৰণে হোৱা দুঃচিন্তাই মোৰ আলচাৰৰ কাৰণ বুলি মই তেতিয়া জনা বা ভবা নাছিলোঁ৷ সেই কথা পিছতহে জানিছিলোঁ৷ সেই সময়ত মই বছৰৰ পিছত বছৰ ধৰি প্রতিদিনে কমেও চাৰিটা এণ্টাচিড টেবলেট নোখোৱাকৈ থাকিবই নোৱাৰিছিলোঁ৷ অৱশেষত মাত্র এটা বেলা অসুখত শয্যাশায়ী হৈ থাকি ১৯৯১ চনত ৯১ বছৰ বয়সত দেউতাৰ মৃত্যু হ’ল৷ আচৰিত কথা যে দেউতাৰ মৃত্যুৰ খবৰ পোৱাৰ মুহূর্তৰ পৰা আজিলৈকে মোৰ পেটত কোনো যন্ত্রণা নাই৷ আৰু এদিনৰ কাৰণেও এণ্টাচিড খাবলগীয়া অৱস্থা হোৱা নাই৷ দেউতাই পৃথিৱীৰ পৰা চিৰবিদায় লোৱাৰ লগে লগে মোৰ পেটৰ আলচাৰেও মোৰ পৰা চিৰবিদায় ল’লে৷