ধুবুৰীৰ সোনাহাট বাণিজ্যিক কেন্দ্ৰত নাই বাংলাদেশলৈ অহা–যোৱা কৰা মালবাহী ট্ৰাকৰ পৰীক্ষণৰ অত্যাধুনিক প্ৰযুক্তি
- সোনাহাট বাণিজ্যিক কেন্দ্ৰত নাই বাংলাদেশলৈ অহা–যোৱা কৰা মালবাহী ট্ৰাকৰ পৰীক্ষণৰ অত্যাধুনিক প্ৰযুক্তি
- মেনুৱেল পদ্ধতিৰে বিএছএফে কৰে পৰীক্ষণ
- ভাৰত চৰকাৰৰ ’লেণ্ড পোৰ্ট অথ’ৰিটি অৱ ইণ্ডিয়া এক্ট, ২০১০’ৰ গুৰুত্বপূৰ্ণ দফা উলংঘা কৰি সোনাহাটেৰে আমদানি–ৰপ্তানি চলি থকাৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ ভাৰত চৰকাৰৰ ‘‘লেণ্ড পোৰ্ট অথ’ৰিটি অৱ ইণ্ডিয়া এক্ট, ২০১০’’ (Land Ports Authority of India Act, 2010) অনুসৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চলা দেশৰ যিকোনো আন্তঃৰাষ্ট্ৰীয় স্থল বন্দৰলৈ অহা যোৱা কৰা মালবাহী বাহন পৰীক্ষণৰ বাবে স্কেনাৰ অথৱা এক্সৰে মেছিন থকাটো বাধ্যতামূলক। কিন্তু ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে নিতৌ বাংলাদেশলৈ অহা যোৱা কৰি থকা শতাধিক ট্ৰাকসমূহ পৰীক্ষণৰ বাবে নাই কোনো ধৰণৰ স্কেনাৰ, এক্সৰে মেছিন অথৱা অইন কোনো আধুনিক প্ৰযুক্তি । ফলত স্বাভাৱিক ভাৱেই ভাৰত চৰকাৰৰ ‘লেণ্ড পোৰ্ট অথ’ৰিটি অৱ ইণ্ডিয়া এক্ট, ২০১০’’ৰ এটা গুৰুত্বপূৰ্ণ দফা সম্পূৰ্ণ ৰূপে উলংঘা কৰি কিদৰে সোনাহাট বাণিজ্যিক কেন্দ্ৰৰে আন্তঃৰাষ্ট্ৰীয় আমদানি–ৰপ্তানি চলি আছে সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰূপে উঠি আহিছে।
উল্লেখ্য যে, ২০০১ চনত ভাৰতৰ পৰা কয়লা আৰু বোল্ডাৰ আমদানী কৰিবলৈ বাংলাদেশৰ সৈতে হোৱা এক চুক্তিনুসৰি ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ গোলকগঞ্জ চেক্টৰত সীমান্তত নিৰ্মাণ কৰা হৈছিল এই বিশেষ বাণিজ্যিক কেন্দ্ৰটো৷ চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰায় ১৩ বছৰ পিছত ২০১৪ চনৰ ২৮ এপ্ৰিলৰ দিনা সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰা হৈছিল৷ লগতে উল্লেখনীয় যে, সোনাহাট বাণিজ্যিক কেন্দ্ৰটোৰ পৰা শুল্ক বিভাগৰ প্ৰয়োজনীয় অনুমতি লৈ শিল–বোল্ডাৰ ভৰ্তি ট্ৰাক ভাৰতৰ পৰা সীমান্ত পাৰ হৈ বাংলাদেশৰ কুৰিগ্ৰাম জিলালৈ প্ৰৱেশ কৰে৷ সীমান্তৰ ভাৰতীয় অংশৰ পৰা বাংলাদেশৰ ভিতৰলৈ আনুমানিক ২০০/২৫০ মিটাৰ প্ৰৱেশ কৰা সেই ট্ৰাকবোেৰ দেশখনৰ কুৰিগ্ৰাম জিলাৰ ভূৰুংগামাৰীৰ ‘সোনাহাট স্থল বন্দৰ’ত বোল্ডাৰ–পাথৰবোৰ “আনলোড” কৰাৰ পিছত পুনৰ উভতি আহে ভাৰতলৈ৷ পিছে তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, এইদৰে নিতৌ সোনাহাট হৈ বাংলাদেশলৈ অহা–যোৱা কৰা সেই ট্ৰাকসমূহ পৰীক্ষা কৰা হয় “মেনুৱেল” পদ্ধতিৰে৷
ফলত স্বাভাৱিক ভাৱেই সোনহাট সীমান্তত প্ৰহৰাৰত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ জোৱানে বাংলাদেশৰ ভূৰংগামাৰীলৈ যাত্ৰা কৰা পাথৰ অথৱা বোল্ডাৰবাহী ট্ৰাকসমূহত লোৰ শলাকাৰে কৰা ‘ৰেণ্ডম’ পদ্ধতিৰ সেই তালাচী কিমান বিজ্ঞানসন্মত অথৱা ‘ফুল প্ৰুফ’সেয়া লৈও সময়ে সময়ে উদ্বেগ প্ৰকাশ কৰি অহাও পোৱা গৈছে একাংশ ভূৰখা মহলে। ঠিক অনুৰূপে বাংলাদেশৰ ভূৰুংগামাৰীৰ সোনাহাট স্থল বন্দৰৰ পৰা ভাৰত তথা সোনাহাট আন্তঃৰাষ্টীয় বাণিজ্যিক কেন্দ্ৰলৈ অহা ট্ৰাকবোৰ পৰীক্ষণৰ কোনো ধৰণৰ অত্যাধুনিক ব্যৱস্থা নাই ‘বাংলাদেশ বৰ্ডাৰ গাৰ্ডচ’ (বিজিবি)ৰো। এনে প্ৰেক্ষাপটত, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীন নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাৰ ভাৰত–বাংলাদেশ সীমান্তৰ সোনাহাট বাণিজ্যিক কেন্দ্ৰৰ পৰা বাংলাদেশলৈ অহা–যোৱা ট্ৰাকসমূহ অত্যাধুনিক পদ্ধতিৰে পৰীক্ষণৰ বাবে তৎকালে ব্যৱস্থা লোৱাটো অতীৱ গুৰুত্বপূৰ্ণ বুলিয়েই বিবেচিত হৈছে।
প্ৰতিবেদকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী