ধুবুৰীৰ প্ৰবীণতম বাতৰি–কাকতৰ হকাৰ ভৱেশদা আৰু নাই
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: ধুবুৰীৰ প্ৰবীণতম বাতৰি–কাকতৰ হকাৰ ভৱেশদা আৰু নাই। আজি পুৱা ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। মৃত্যুৰ সময়ত পত্নী আৰু দুই পুত্ৰক ইহ সংসাৰত এৰি থৈ যায় তেওঁ। আত্মীয়–স্বজন আৰু গুণমুগ্ধৰ উপস্থিতিত আজি ধুবুৰীৰ শ্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয় তেখেতৰ। পৰিয়ালৰ লোকে সদৰি কৰা মতে, বিগত ১১ আগষ্টৰ দিনা অকষ্মাতে অসুস্থ হৈ পৰিছিল তেওঁ আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল তেখেতক। তেখেতৰ মগজুত ৰক্তক্ষৰণ আৰু হৃৎপিণ্ডত প্ৰতিবন্ধকৰ (blockage) সৃষ্টি হোৱা বুলি জনাইছিল চিকিৎসালয়খনৰ চিকিৎসকে। উল্লেখ্য যে, প্ৰায় নিৰবিচ্ছন্ন ভাৱে বিগত প্ৰায় ৪৭ বছৰৰ পৰা ধুবুৰীৰ পথে -ঘাটে বাতৰি–কাকত বিক্ৰী কৰি ফুৰিছিল প্ৰয়াত এই হকাৰগৰাকী। মুখত মিঠা লাজুকীয়া হাঁহি বিৰিঙাই, এহাতত বাতৰি–কাকতৰ টোপোলা আৰু অইন হাতত কলা ৰঙৰ এটা ছাতিলৈ খোজকাঢ়ি ঘূৰি-ঘূৰি নিতৌ বাতৰিকাকত বিক্ৰী কৰি ফুৰাৰ ভৱেশদা ওৰফে ভৱেশ চন্দ্ৰ নাথৰ সেই সেই পৰিচিত দৃশ্য আৰু দেখা নাযাব ধুবুৰীত। ৰ’দ–বৰষুণ নেওচি; বানপানীয়েই হওক ক’ভিড কাল; পুৱা দহ বজাৰ পৰা আবেলি তিনি বজালৈ চহৰখনৰ ঘাটে- বজাৰে ঘূৰি ফুৰি বাতৰিকাকত বিক্ৰী কৰিছিল তেওঁ। ১৯৬৬ চনতেই “সঞ্চয়িতা” নামৰ ধুবুৰীৰ স্থানীয় বাতৰিকাকতৰ এজেন্সি এটাত কামত সুমোৱা নাথে আমৃত্যু জড়িত আছিল সেই প্ৰতিষ্ঠানটোৰ সৈতেই। ‘‘বহু বছৰ পূৰ্বে মোৰ পিতৃ প্ৰয়াত ত্ৰিলোচন ৰায়ৰ দিনৰ পৰা সুভাষদা আমাৰ এজেন্সিটোত এজেন্সিটোত। বয়সে ভাটি দিছিল; কিন্তু উদ্যম হেৰুওৱা নাছিল তেওঁ।’’ – এইদৰেই বাতৰি–কাকতৰ এজেন্সিটোৰ বৰ্তমানৰ স্বত্বাধিকাৰী সতেন্দ্ৰ নাথ ৰায়ে স্মৃতিচাৰণ কৰা পোৱা যায় তেখেতৰ। ধুবুৰীৰ স্থানীয় নাথপাৰাৰ বাসিন্দা নাথে পুৱা চাহ-জলপান খাই পদব্ৰজে উপস্থিত হৈছিল “সঞ্চয়িতা”লৈ আৰু বাতৰিকাকতখিনি চমজি লৈ বিক্ৰী কৰিবলৈ ওলাই গৈছিল চহৰখনৰ প্ৰান্তে প্ৰান্তে৷ এয়াই আছিল তেওঁৰ দৈনন্দিন ৰুটিন। এইদৰেই বাতৰি–কাকতৰ হকাৰি কৰিয়েই নিজৰ পৰিয়ালক পোহপাল দিয়া প্ৰয়াত সুভাষ চন্দ্ৰ নাথৰ আছে দুগৰাকী পুত্ৰ। বৰপুত্ৰ ধুবুৰীৰ স্থানীয় চিকিৎসক এগৰাকীৰ গাড়ীচালকৰূপে নিয়েজিত হৈ থকাৰ বিপৰীতে সৰু পুত্ৰ মুহুৰি। দৰাচলতে বাতৰিকাকতৰ হকাৰৰূপে কাম কৰাৰ বিশেষ প্ৰয়োজন নাছিল নাথৰ৷ কিন্তু পঢ়ুৱৈৰ হাতত পছন্দৰ বাতৰিকাকতখন তুলি দি তেওঁ পাইছিল এক আনন্দ; সেয়া হৈ পৰিছিল তেখেতৰ এক নিচাও৷ “বৰ্তমানে মোৰ ৭২ বছৰ বয়স হ’ল৷ ২৫ বছৰ বয়সত এই কামত শুমাইছিলোঁ৷ পুৱা উচপিছাই থাকোঁ কেতিয়া বাতৰিকাকতখিনি লৈ বিকিবলৈ ওলাম৷ সেয়া লৈ আজিকালি মাজে সময়ে ঘৈণীয়েকে গালিও পাৰে৷ কিন্তু বৰ্তমানে এইটো মোৰ নিছা হৈ পৰিছে৷ আগতে দৈনিক ৭০/৮০খনকৈ বাতৰিকাকত বিক্ৰী কৰিছিলোঁ৷ কিন্তু বয়সে ভাটি দিলে৷ আগৰদৰে দৌৰিব নোৱাৰোঁ৷ বৰ্তমানে দৈনিক ৩৫/৪০ খন বাতৰিকাকত বিক্ৰী হয়৷ দৈনিক ৫০/৫৫ টকা পাওঁ৷ সেয়াই বহুত মোৰ বাবে৷” প্ৰায় ৪/৫ মাহ মান পূৰ্বে এই প্ৰতিবেদকৰে হোৱা এক আলাপচাৰিতাত নিজৰ মনৰ কথা এইদৰেই জনাইছিল কৰিছিল তেওঁ। পিছে ক্ৰমশঃ বাতৰি–কাকতৰ পঢ়ুৱৈৰ সংখ্যা ক্ৰমশঃ হ্ৰাস পাবলৈ লোৱা বুলি এক আক্ষেপো আছিল তেখেতৰ৷ কিন্তু আশা এৰা নাছিল নাথে; মোবাইল আৰু টিভিমুখী বহু দৰ্শকে অনুসন্ধানমূলক আৰু কোনো ঘটনা-পৰিঘটনাৰ বিতং বাতৰিৰ বাবে এতিয়াও বাতৰিকাকতেই পঢ়ে বুলিয়েই বিশ্বাস কৰিছিল তেওঁ। ভৱেশদাৰ এই মৃত্যুক লৈ শোকস্তব্ধ বহুতেই। কিন্তু নিশ্চিত ভাৱেই কব পাৰি যে ধুবুৰীৰ স্থানীয় বাতৰি–কাকত পঢ়ুৱৈৰ স্মৃতিত সদায় সজীৱ হৈ থাকিব বৰ্ষীয়ান এইগৰাকী ব্যক্তি, ভৱেশ চন্দ্ৰ নাথ; সকলোৰে ভৱেশদাই।