ডিগবৈত বুজন পৰিমাণৰ লালীগুড় জব্দ; নিৰৱ আৰক্ষী-আৱকাৰী বিভাগ
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ডিগবৈ চাৰিআলি বজাৰৰ পৰা বুজন পৰিমাণৰ লালীগুড় জব্দ কৰে আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাই। ডিগবৈৰ লগতে ৰামনগৰ, ৩নং বৰবিলৰ,বালিজান, বৰজান, পাৱৈ, পানবাৰী, বগাপানী, টিংৰাই,গোলাই ২০নম্বৰ, অঞ্চলৰ ওপৰিও দাঁতি কাষৰীয়া চাহ বাগিচাসমূহত চুলাই মদৰ ব্যাপক প্ৰচলনৰ ফলত অঞ্চলসমূহৰ যুৱক – পুৰুষসকল ধবংসৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হৈছে। সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিবেশত একাংশ লোকে সহজে ধন অৰ্জন কৰিবলৈ লালীগুড়ৰে প্ৰস্তুত কৰা অবৈধ চুলাইৰ বেহা মুকলিকৈ চলাই অহাৰ বিপৰীতে ডিগবৈ আবকাৰী আৰু মাৰ্ঘেৰিটা মহকুমা আবকাৰী বিভাগে বিভিন্ন সময়ত চুলাই মদ প্ৰস্তুতকাৰী আৰু বিক্ৰেতাসকলৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও পৰৱৰ্তী সময়ত পুনৰ চুলাই মদৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখি নিৰ্ভিঘ্নে চলাই অহা দেখা গৈছে। চতুৰ ব্যৱসায়ীসকলে বিভিন্ন কৌশল অৱলম্বনৰে লালীগুড়সমূহ চুলাই মদ প্ৰস্তুতকাৰী সকলক যোগান ধৰি আহিছে।কালি সন্ধিয়া গোপন সূত্ৰ তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত এএছ ২৩এচি ৮৮১৮ নম্বৰৰ এখন লালীগুড় ভৰ্তি চোটাহাতী গাড়ী জব্দ কৰিবলৈ সক্ষম হয় । তিনিচুকীয়াৰ পৰা ডিগবৈ চাৰিআলি বজাৰৰ ব্যৱসায়ী ৰাম চাহুৱে চোটাহাতী গাড়ীৰে বুজন পৰিমাণৰ লালীগুড়খিনি কঢ়িয়াই আনি নিজা দোকানত নমাই থকাৰ সময়তে জব্দ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত ডিগবৈ আৰক্ষী উপস্থিত হৈ লালীগুড় কঢ়িয়াই অনা চোটাহাতী গাড়ীৰ লগতে ব্যৱসায়ী ৰাম চাহুক আটক কৰি ডিগবৈ আৰক্ষী থানালৈ আনি বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে। এই অবৈধ লালীগুড় ব্যৱসায়ী সকলৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন আৰু আৱকাৰী বিভাগে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া লক্ষণীয় হ’ব।