বাজেটত দেশৰ অর্থনৈতিক সংকটৰ উল্লেখ নাই- ৰিপুণ বৰা
নিয়মীয়া বাৰ্তা, ৩ ফ্ৰেব্ৰুৱাৰীঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মাল সীতাৰমণে কালি সংসদত দাখিল কৰা ২০২০–২১ বিত্তীয় বর্ষৰ বাজেটখনক নিবনুৱা যুৱক, কৃষক, দৰিদ্র জনসাধাৰণ মহিলা সকলোৰে বাবে হতাশা আৰু নিৰাশাৰ বাজেট বুলি অভিহিত কৰিছে প্রদেশ কংগ্রেছে৷
প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এক সংবাদ মেলত বাজেটখনক তীব্র কটাক্ষ কৰি কয় যে বিজেপিয়ে বাজেটখন সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাসৰ বাজেট বুলি কৈছে৷ প্রকৃততে এইখন আদানী–আম্বানি আদিৰ কর্প’ৰেট পুঁজিপতি বা সাথ–বিজেপি কা বিকাশ’ৰ বাজেট৷ অক্সফেম ৰিপ’ট মতে, ২০২০ৰ জানুৱাৰীত ভাৰতৰ আটাইতকৈ ধনী ১ শতাংশ মানুহ দেশৰ ৪২ শতাংশ সম্পদৰ অধিকাৰী হৈ আছে৷ দেশৰ ৭০ শতাংশ মানুহৰ হাতত থকা সম্পদতকৈ এয়া ৪ গুণ বেছি৷ আয়কৰৰ স্তৰ কিছু হ্রাস কৰাৰ বাদে বাজেটখনত জনসাধাৰণক ব্যক্তিগত লাভালাভ দিয়া নাই৷ ইয়াৰ বিপৰীতে কর্প’ৰেট টেক্স কমাই পুঁজিপতি গোষ্ঠীক সহায় কৰিছে৷ ৰে’ল বিভাগৰ ৫০০খন ৰে’ল ব্যক্তিগতকৰণ কৰাৰ ঘোষণা আৰু বিভিন্ন ক্ষেত্রত প্রজেক্টসমূহ ব্যক্তিগতকৰণ কৰিবলৈ লোৱা সিদ্ধান্তই কেৱল ধনী শ্রেণীকহে সহায় কৰিব৷ পৃথিৱীৰ বিভিন্ন অর্থনীতিবিদ আৰু অর্থনৈতিক সংস্থাই ভাৰতৰ অর্থনীতি দুর্বল আৰু নিম্নগামী হোৱা বুলি ঘোষণা কৰাৰ পাছতো বাজেটখনত দেশৰ অর্থনৈতিক সংকটৰ উল্লেখ নাই৷ বাজেটখনৰ ঋণাত্মক প্রভাৱ ইমানেই বেছি হ’ল যে বিত্তমন্ত্রী সীতাৰমণৰ বাজেট ভাষণৰ পাছতেই ছেনছেক্স প্রায় ১০০ পইণ্ট তললৈ নামিল৷ আই ডি বি আই বেংক বিক্রী আৰু এল আই চিত থকা ভাৰত চৰকাৰৰ অংশ বিক্রী কৰাটোও বাজেটখনৰ ভয়াৱহ দিশ৷ বিত্তমন্ত্রীয়ে ঋণৰ বোজা ৫২.২ শতাংশৰ পৰা ৪৮.৯ শতাংশলৈ কমিছে বুলি দাবী কৰিলেও প্রকৃততে ২০১৯ চনৰ আগষ্ট মাহপর্যন্ত ৰিজার্ভ বেংকৰ পৰা বলপূর্বক ১,৭৬,০৫১ কোটি টকা ট্রেন্সফাৰ কৰা বাবেহে এই ঋণৰ বোজা কমিছে৷ প্রকৃততে এইটো ভৱিষ্যতৰ অর্থনীতিৰ বাবে শুভ লক্ষণ নহয়৷ সংবাদ মেলখনত সভাপতি বৰাই আৰু কয় যে ২০১৬–২০১৯ৰ ভিতৰত প্রতিবছৰে ২ কোটি নিবনুৱা যুৱক–যুৱতীক নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰাৰ পাছত কোনো নিযুক্তিৰ ব্যৱস্থা নকৰিলে৷ এইবাৰৰ বাজেটত ভয়াৱহ নিবনুৱা সমস্যাৰ ওপৰত কোনো স্পষ্ট নীতি ঘোষণা নকৰিলে৷ এম জি এনৰেগাৰ পুঁজি যোৱা বছৰৰ তুলনাত দহ হাজাৰ কোটি টকা হ্রাস কৰি গ্রাম্য উন্নয়ন বিপন্ন কৰিব ওলাইছে৷ ২০২২ৰ ভিতৰত কৃষকৰ উৎপাদন দুগুণ কৰাৰ কথা কোৱা চৰকাৰে খাদ্য–সামগ্রী, সাৰৰ ছাবচিডি কমাই দিছে৷ সেইদৰে ৫৮ লাখ আত্মসহায়ক গোট খোলা হ’ব বুলি লোৱা টার্গেট অর্থহীন বুলি অভিহিত কৰি কয় যে যোৱা বছৰৰ বাজেটত মহিলাৰ আত্মসহায়ক গোটক এক লাখৰ পৰা পাঁচ লাখ পর্যন্ত ঋণ দিয়া হ’ব বুলি কৰা ঘোষণা কার্যকৰী নহ’ল৷ ৬ লাখ অংগনৱাড়ী কর্মীক স্মার্ট ফোন দিয়াৰ ঘোষণা কৰা চৰকাৰে যোৱা ৮–৯ মাহে অংগনৱাড়ী কেন্দ্রত পুষ্টিকৰ খাদ্য যোগান ধৰিব পৰা নাই৷ দক্ষতা বিকাশৰ বাবে বাজেটত ৩০০০ কোটি টকা ধার্য কৰাটো তেনেই নগণ্য৷ মুঠতে বাজেটখনে বৃহৎ পুঁজিপতি গোষ্ঠীৰ বাহিৰে সমাজৰ কোনো স্তৰকে সুখী কৰিব পৰা নাই৷
অসমৰ বাবেও বাজেটখনত একো নাই বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে এইবাৰৰ বাজেটত অসমৰ শিৱসাগৰক পূৰাতত্ত্ব বিভাগৰ প্রকল্পত অন্তর্ভুক্ত কৰাক আদৰণি জনাও যদিও অসমৰ সাংস্কৃতিক প্রাণকেন্দ্র বিশ্ব ঐতিহ্যৰ স্বাক্ষৰ বহনকাৰী মাজুলীয়ে এই প্রকল্পত স্থান নোপোৱাটো দুর্ভাগ্যজনক৷ ধুবুৰীৰ পৰা শদিয়ালৈ জলপথ আধুনিকীকৰণৰ আঁচনি প্রশংসনীয় যদিও বিশ্বাসযোগ্য নহয়৷ কাৰণ ইয়াৰ আগতে ব্রহ্মপুত্র খনন কৰি দুয়োপাৰে এক্সপ্রেছ হাইৱে’ হ’ব কোৱা কথা অসাৰ হ’ল৷ নমামি গংগা প্রকল্পত কেবাহাজাৰ কোটি টকা ধার্য কৰাৰ বিপৰীতে ব্রহ্মপুত্রৰ বাবে এক টকাও ধার্য নকৰাটো অতি দুর্ভাগ্যজনক৷ অসমৰ বাকী থকা ৰে’লপথ ডাবল ট্রেকিং কৰা আৰু বৈদ্যুতিকীকৰণ কৰাৰ কথাও এইবাৰৰ বাজেটত উল্লেখ নাই৷