বাজেট ভাল দিন নাহিলে সংকট নামিব শাসকৰ
গাড়ী নির্মাণকাৰী উদ্যোগ এটাক ৰেহাইমূলক ব্যৱস্থাৰে উৎপাদন বৃদ্ধি কৰিবলৈ বা উৎপাদনৰ ধাৰা অব্যাহত ৰাখিবলৈ চৰকাৰে যিমানেই উদ্গনি নিদিওক কিয়, গাডী কিনিবলৈ যদি গ্রাহক নাথাকে, কোনো কোম্পানীয়ে টকা বিনিয়োগ কৰি সেই কাম নকৰে৷ অর্থাৎ কেৱল কর্প’ৰেট গোষ্ঠীক ৰেহাই দিলে দেশ এখনৰ অর্থনৈতিক মন্থৰতাৰ গতি শেষ হৈ নাযায়৷ গ্রাহকৰ খৰচ কৰিব পৰা ক্ষমতাও বাঢ়িব লাগিব৷ এইটো হৈ নুঠা বাবেই ভাৰতবর্ষৰ অর্থনীতিৰ বিপৰীতমুখী গতিটো আজিও চৰম ডদ্বেগজনকভাৱে অব্যাহত আছে৷ এইটো দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে কেন্দ্রীয় চৰকাৰে এইবাৰ গ্রহণ কৰা বাজেটখনে আশাৰ সঞ্চাৰ কৰা বুলি ক’ব পাৰি৷ অৱশ্যে প্রশ্ণচিহ্ণও অনেক আছে৷ চৰকাৰে এইবাৰ কর্প’ৰেট গোষ্ঠীৰ বাবে ৰেহাইৰ টোপোলা আগবঢ়োৱাৰ সমান্তৰালকৈ আয়কৰৰ পৰিকাঠামো সলনি কৰি আয়কৰত অভূতপূর্ব ৰেহাইৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ জৰিয়তে চৰকাৰে আশা কৰিছে যে এজন ব্যক্তিৰ হাতৰ পৰা কৰৰ নামত ওলাই যোৱা বুজন পৰিমাণৰ ধন ৰাহি হ’ব আৰু সেই ধন বজাৰমুখী হ’ব৷ বিনিয়োগ হ’ব, অধিক সা–সামগ্রী ক্রয় কৰি বজাৰত চাহিদা বৃদ্ধি কৰিব৷ বজাৰলৈ ধনৰ স্রোত ব’ব৷ চাহিদা বৃদ্ধিৰ লগে লগে উৎপাদন বাঢ়িব৷ উৎপাদনে নিয়োগকে ধৰি বিভিন্ন ক্ষেত্রত যোগাত্মক প্রভাৱ পেলাই দেশখনৰ অর্থনীতিত বিৰাজমান মন্থৰতাৰ গতিটোক ওলোটা দিশে লৈ যাব৷ অর্থাৎ ছন্দ হেৰুৱাই পেলোৱা ভাৰতীয় অর্থনীতিত পুনৰ প্রাণ প্রতিষ্ঠা হ’ব৷ জি ডি পি বাঢ়িব৷ চৰকাৰৰ এই আশা–আকাংক্ষা প্রকৃতার্থত পূৰণ হ’বনে? গুৰুত্বপূর্ণ প্রশ্ন এইটোৱেই৷
২০১৪ চনত নৰেন্দ্র মোদীৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনৰ জনসাধাৰণে আশা কৰিছিল, দুর্নীতি নির্মূল হওক, দেশ ডন্নতি হওক৷ নৰেন্দ্র মোদীয়ে নির্বাচনটোত গুজৰাট মডেলক সন্মুখত ৰাখি দেশবাসীক সেই স্বপ্নকে দেখুৱাইছিল৷ কিন্তু বিগত সময়ছোৱাত দেশখনৰ অর্থনৈতিক বিকাশৰ হাৰ নিম্নমুখীহে হ’ল৷ অৱশ্যে প্রগতিৰ গতি সঠিক দিশত ৰাখিবলৈ চৰকাৰখনে চেষ্টা চলাই নথকা নহয়৷ কিন্তু সেই প্রয়াসসমূহৰ অদ্যাপি ফল ধৰা নাই৷ আশাৰ মাজতহে সীমাবদ্ধ হৈ আছে বুলি ক’ব পাৰি৷ ইয়াৰ বিপৰীতে আন কেতবোৰ কাম–কাজৰ বাবেহে চৰকাৰখন অথবা চৰকাৰৰ নেতৃত্ব চর্চালৈ মাজলৈ আহি থাকে৷ ইয়াৰ অর্থ এইটোও নহয় যে সেই সকলোবোৰ কামৰ কোনো গুৰুত্ব নাই৷ নির্বাচনী সাফল্যও তেনে বিষয়ৰ জৰিয়তেহে আহিছে বুলি ক’ব পাৰি৷ কিন্তু দেশৰ আর্থিক দুৰৱস্থা যদি মন্থৰৰ পৰা মন্দাৱস্থালৈ গুচি যায়, তাৰ কুফল চৰকাৰখনে ভুগিব লাগিব৷ সেইবাবে এইখন বাজেটে অনাগত দিনত বিজেপি তথা চৰকাৰত থকা আন দলৰ ৰাজনৈতিক সাফল্যৰ বাবে নির্ণায়ক হ’ব পাৰে৷ দেশখনে ইতিমধ্যে আর্থিক দুৰৱস্থাৰ কু–প্রভাৱ ভুগিবলৈ আৰম্ভ কৰিছে৷ জনসাধাৰণৰ উপার্জন, কর্মসংস্থাপন, খৰচ কৰা ক্ষমতা আদিৰ ওপৰত অর্থনৈতিক মন্থৰতাৰ প্রভাৱ পৰিছে৷ এই ধাৰা অব্যাহত থাকিলে আগলৈ চৰকাৰখন গণৰোষত পৰিব পাৰে৷
চলিত শতিকাৰ প্রথম দশকটোত ভাৰতবর্ষৰ অর্থনৈতিক ডত্থান চমকপ্রদ আছিল৷ চীনৰ দৰে বিশ্বৰ দ্বিতীয় আর্থিক শক্তিৰ দেশখনৰো প্রগতিৰ হাৰক পিছ পেলাই গৈছিল৷ জিডিপিৰ হাৰ হৈছিল ৭.২ শতাংশ৷ কিন্তু সেই সময়ছোৱা বিশ্ব অর্থনীতিৰ বাবে সুখকৰ নাছিল৷ সমগ্র বিশ্বতে দেশে দেশে বিকাশৰ হাৰ মন্থৰ হৈছিল নতুবা মন্দাৰ গ্রাসত পৰিছিল৷ তেনে সময়ত ভাৰতবর্ষৰ অর্থনীতিৰ উত্থান কার্যতঃ চমকেই আছিল৷ দেশখনত বিনিয়োগৰ বাবে ডন্নত ৰাষ্ট্রসমূহৰ মাজত ডছাহৰ নতুন বতাহ বলিছিল৷ সকলোৰে লক্ষ্য হৈ পৰে প্রায় ৪৫ কোটি মধ্যবিত্তৰে ভৰি থকা দেশখনৰ বজাৰখন৷ সেয়ে এইবাৰৰ বাজেট দেশখনৰ বিশাল মধ্যবিত্ত শ্রেণীক লক্ষ্য কৰি লোৱা বুলি ক’লেও বঢ়াই কোৱা নহয়৷ শ্রেণীটোৰ ক্রয় ক্ষমতা বৃদ্ধি কৰি চৰকাৰে দেশৰ লগতে বিদেশী বিনিয়োগকাৰীকো একধৰণৰ শুভ বার্তা প্রেৰণ কৰাৰ প্রয়াস কৰিছে৷ লগতে বিদেশী বিনিয়োগকাৰীক আকর্ষিত কৰাৰ বাবে আকর্ষণীয় ব্যৱস্থাও হাতত লৈছে৷ তদুপৰি সংসদত বিত্তমন্ত্রী নির্মলা সীতাৰমণে গৌৰৱেৰে কৈছে যে ২০০৯–১৪ বর্ষৰ তুলনাত ২০১৪–১৯ কালছোৱাত ভাৰতবর্ষত প্রত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ প্রায় দুগুণ বৃদ্ধি পাইছে৷ ২০০৯–১৪ বর্ষৰ সময়ছোৱাত ভাৰতত প্রত্যক্ষ বিনিয়োগৰ পৰিমাণ আছিল ১৯০ বিলিয়ন ডলাৰ৷ পৰৱর্তী পাঁচ বছৰত পৰিমাণটো ২৮৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি হয়৷ উছাহেৰে কোৱা কথাখিনিৰ আঁৰৰ কথাটো হ’ল নতুন ব্যৱস্থাই দেশত বিদেশী বিনিয়োগৰ ধল বোৱাব৷
বিত্তমন্ত্রী সীতাৰমণে আয়কৰত নতুন ৰেহাইৰ জৰিয়তে মন্থৰতাৰ গতি ৰুদ্ধ কৰি দেশৰ অর্থনৈতিক বিকাশৰ গতি বৃদ্ধি কৰিব বুলি আশা কৰিছে৷ কিন্তু ইয়াত মূল সমস্যাটো হ’ব ৰেহাইৰ বাবে হাতলৈ অতিৰিক্ত ধন অহা লোকে কাংক্ষিত ধৰণে খৰচ বা বিনিয়োগ কৰিবনে? খৰচ কৰিলে নিশ্চিতভাৱে দেশৰ অর্থনীতিৰ বাবে সুখবৰ আহিব৷ কিন্তু বাজেটে যিসকলক সেই সুবিধাটো দিছে, তেওঁলোক মধ্যবিত্ত নাইবা উচ্চ মধ্যবিত্তৰ শ্রেণীৰ অন্তর্ভুক্ত৷ কিন্তু দেশখনক আর্থিকভাৱে শক্তিশালী কৰিবলৈ হ’লে প্রয়োজন দৰিদ্র আৰু নিম্ন মধ্যবিত্তৰো আয় বৃদ্ধি৷ এই মানুহখিনি কৃষি আৰু অসংগঠিত ক্ষেত্রৰ সৈতেহে যুক্ত৷ কৃষিৰ ক্ষেত্রখনলৈ কিন্তু এইবাৰৰ বাজেটে বিশেষ আশাৰ খবৰ কঢ়িয়াই অনা নাই৷ যেতিয়া আমাৰ দেশখনত জিডিপিৰ হাৰ ৭.২ শতাংশ আছিল, তাত কৃষি ক্ষেত্রৰ যোগদান আছিল মাথোঁ ২.৮ শতাংশ৷ গুৰুত্বপূর্ণ ক্ষেত্রখনক দেশৰ কাংক্ষিত আর্থিক প্রগতিৰ আশে–পাশে আনিবলৈ চৰকাৰে বহু কাম কৰিব লাগিব৷ কৃষকৰ আয় দুগুণ কৰা হ’ব বুলি কেৱল সভা–সমিতিয়ে বক্তব্যৰ ফুলজাৰি মাৰিলেই নহ’ব৷ সেই আয়ৰ পৰিমাণো মর্যাদাপূর্ণ হ’ব লাগিব৷ লগতে অসংগঠিত ক্ষেত্রৰ সৈতে জডিত লোকৰ আর্থিক বিকাশৰ সৈতে মূলতঃ কাৰখানা ক্ষেত্রখন জডিত৷ আন্তঃগাঁথনিৰ বিকাশ, গৃহ নির্মাণ আদিৰ দৰে বিষয়ত দেশখনৰ প্রদর্শন তেনেই শোচনীয়৷ ৰাস্তা–ঘাট নির্মাণৰ দৰে আন্তঃগাঁথনিমূলক ব্যৱস্থাইহে নিম্ন মধ্যবিত্ত, দৰিদ্র শ্রেণীৰ কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব৷ গৃহ নির্মাণে কাৰখানা ক্ষেত্রখনক আগুৱাই লৈ যাব৷ কাৰখানা ক্ষেত্রখনৰ পৰিসৰ ইমানতে সীমাবদ্ধ নহয়৷ মেনুফেকচাৰিঙক ভাৰতৰ দৰে দেশ এখনৰ অর্থনৈতিক প্রগতিৰ প্রাণ বুলি ক’ব পাৰি৷ দেশখনৰ এইসকলৰ লোকৰ হাতলৈ ধন নাহিলে ডন্নতিও একপ্রকাৰ ডপহাসস্বৰূপ হৈ থাকিব৷ এনেয়েও ভাৰতবর্ষৰ আর্থিক প্রগতিক কর্মসংস্থাপনৰ সুবিধাবিহীন প্রগতি বুলি দেশে–বিদেশে বদনাম এটা আছে৷ আনহাতে, আয়কৰ ৰেহাইৰ জৰিয়তে ব্যক্তিগতভাৱে লাভৰ মুখ দেখাসকলে তেতিয়াহে দোকান বা কোনো উদ্যোগত বিনিয়োগ কৰিব যেতিয়া বজাৰত চাহিদা থাকিব৷ লগতে ভৱিষ্যতৰ বাবে সুৰক্ষাৰ দিশটোত নিশ্চয়তা থাকিব৷ অন্যথা তেওঁলোকে সঞ্চয়ৰ দিশে অগ্রসৰ হ’ব৷
এইবাৰ আয়কৰত ৰেহাই দিয়া বাবে চৰকাৰৰ উপার্জনৰ বহীখনত বছৰি ৪০ হাজাৰ কোটি টকা কমকৈ যোগ হ’ব৷ একেদৰে কর্প’ৰেট গোষ্ঠীক ৰেহাই দিয়াৰ বিনিময়ত ২৫ হাজাৰ কোটি টকাকৈ আয় কমিব৷ চৰকাৰে ঋণ লৈ বিত্তীয় ঘাটিৰ জোৰা মাৰিব৷ ঋণৰ সুত আদায় দিবলৈ কৰৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব৷ অর্থাৎ আজিয়েই হওক বা কাইলৈ, পৰোক্ষ কৰৰ পৰিমাণ বৃদ্ধি কৰি চৰকাৰে সেই ধন আদায় কৰিব৷ বয়–বস্তু, সেৱা আদিৰ দাম বৃদ্ধি পাব৷ যিয়েই নহওক, মন্থৰতাৰ গ্রাসত পৰা দেশখনৰ অর্থনীতিক এইখন বাজেটে ডদ্ধাৰৰ বাট মোকলাই নিদিলে, শাসক দলৰ বাবে অনাগত দিনৰ ৰাজনীতিত তাৰ প্রভাৱ পৰিব৷