সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ সভানেত্রী, শিক্ষাবিদ অঞ্জু বৰকটকীৰ পৰলোকঃ বিভিন্ন জনৰ শোকপ্ৰকাশ
নিয়মীয়া বাৰ্তা, ১২ডিচেম্বৰ: সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ সভানেত্রী,বিশিষ্ট শিক্ষাবিদ,সমাজ সেৱিকা অঞ্জু বৰকটকীৰ ৰোগজনিত কাৰণত যোৱা নিশা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে।অসমৰ নাৰীমুক্তি আন্দোলনৰ অন্যতম কাণ্ডাৰী অঞ্জু বৰকটকীৰ জন্ম হৈছিল নগালেণ্ডৰ কহিমাত ১৯৫৭ চনৰ ১০ ছেপ্টেম্বৰ তাৰিখে।প্ৰয়াত গুঞ্জানন বৰকটকী আৰু লিলিদেৱী বৰকটকীৰ কন্যা অঞ্জু বৰকটকীয়ে ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ স্কুলত প্রাথমিক শিক্ষা লাভ কৰাৰ লগতে ১৯৭৪ চনত ডিব্ৰুগড়ৰ চৰকাৰী বহুমুখী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ পৰা ১৯৭৮ চনত ইংৰাজী বিষয়ত স্নাতক ডিগ্রী লাভ কৰাৰ লগতে ১৯৯০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা একেটা বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে।১৯৮১ চনত ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰি কৰ্মজীৱন আৰম্ভ কৰে আৰু ২০১৮ বৰ্ষত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰগ্ৰহণ কৰা অঞ্জু বৰকটকীয়ে ১৯৮৪ চনত অসম অসামৰিক সেৱা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল যদিও নিজ আদৰ্শৰ বাবেই উক্ত চাকৰিত যোগদানৰ পৰা বিৰত থাকে।১৯৮০ চনত জাতীয়তাবাদী ভাবধাৰাৰ ব্যক্তি লক্ষ্যধৰ কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বৰকটকীয়ে ভাৰতীয় কমিউনিষ্ট পার্টিত যোগদান কৰাৰ লগতে পৰৱৰ্তী সময়ত প্ৰগতিশীল মহিলা আলোচনী ‘আইদেউ জোনাকী বাট’ৰ সৈতে জড়িত হৈ পৰে।সদৌ অসম নাৰী সংগঠনৰ আহ্বায়িকা, ডিব্ৰুগড়-শিৱসাগৰ জিলা নাৰী সন্থা গঠন আৰু সম্পাদিকা হিচাপে দায়িত্ব গ্রহণ, গুৱাহাটীত গঠন হোৱা সদৌ অসম নাৰী সন্থাৰ প্ৰচাৰ সম্পাদিকা,নির্যাতন বিৰোধী মুখ্য আহ্বায়িকা,সদৌ অসম নাৰী সন্থাৰ সহকাৰী সম্পাদিকা, দিল্লীত গঠন হোৱা সদৌ ভাৰত প্ৰগতিশীল নাৰী সন্থাৰ উত্তৰ-পূব মাগুলিক সম্পাদিকা হিচাপে নির্বাচিত,১৯৯৫ চনত সদৌ অসম নাৰী সন্থাৰ সভানেত্ৰী, ১৯৯৬ চনত অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যা হিচাপে মনোনীত হোৱাৰ লগতে জিলা সমূহত মহিলা কোষ গঠন, ডিব্ৰুগড়ৰ জন সাংস্কৃতিক সমাজৰ প্রতিষ্ঠাপক সভানেত্রী, মিছন বিৰুৱালাৰ লগত জড়িত চেতনা সম্মিলিত প্রগতিশীল নাৰী মঞ্চৰ ডিব্ৰুগড়ৰ প্ৰতিষ্ঠাপক সম্পাদিকা,অন্ধবিশ্বাস বিৰোধী মঞ্চৰ আলোক অভিযানৰ সৈতে জড়িত অঞ্জু বৰকটকী বিভিন্ন অনুষ্ঠানৰ সৈতেও জড়িত আছিল।এগৰাকী লেখিকা হিচাপেও অঞ্জু বৰকটকীয়ে সাহিত্য ক্ষেত্ৰখনলৈ যথেষ্ট অৱদান আগবঢ়াই গৈছে। উদ্ভাসিত অর্ধাকাশ, উৎস মানুহ, প্রয়াত ৰত্না দত্তৰ সৈতে ডাইনী প্ৰসংগ আদি অন্যতম কৃতী হিচাপে হিচাপে চিহ্নিত হৈ আছে। মৃত্যুৰ সময়ত তেখেতে স্বামী লক্ষ্যধৰ কলিতাৰ লগতে কন্যা অস্মিতা আৰু পুত্ৰ প্ৰজ্ঞানৰ লগতে জোঁৱাই,বোৱাৰী,নাতিকে ধৰি অসংখ্য আত্মীয়ক ইহ সংসাৰত এৰি গৈছে।তেওঁ অসমৰ নাৰীবাদী আন্দোলনৰ অন্যতম হোতা সংগ্ৰামী সত্তা হোৱাৰ লগতে সমাজৰ বাবে সাহসেৰে কাম কৰি যাবলৈ সকলোকে উদ্বুদ্ধ কৰিছিল। এইগৰাকী সংগ্রামী নাৰীবাদী নেত্ৰীৰ জীৱিত কালতে ‘সংগ্ৰামী সত্তা অন্ধ্ৰ বৰকটকী’ শীর্ষক এখন অভিনন্দন গ্রন্থ প্রকাশ পাইছিল যত তেখেতৰ জীৱন কৰ্ম আৰু আদৰ্শ সম্পর্কে গুণগ্রাহীসকলে প্ৰকাশ কৰিছিল।অঞ্জু বৰকটকীৰ মৃত্যুত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্রী ডভাৰতী দত্ত, ডিব্ৰুগড় জিলা সাহিত্য সভাকে ধৰি বিভিন্নজনে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।অঞ্জু বৰকটকীয়ে ইলোৰা বিজ্ঞান মঞ্চৰ সৈতে অসম চিকিৎসা মহাবিদ্যালয়ত দেহ দান দিয়াৰ বাবে চুক্তি সম্পাদন কৰিছিল আৰু কাইলৈ অসম চিকিৎসা মহাবিদ্যালয়ত এক ৰাজহুৱা অনুষ্ঠানৰ জৰিয়তে তেখেতৰ দেহ আনুষ্ঠানিকভাৱে চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষই গ্ৰহণ কৰিব।