নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত নাতিয়েকৰ দাৰ ঘাপত প্ৰাণ গ’ল ককাকৰ

নিয়মীয়া বাৰ্তা, ১২ডিচেম্বৰ: নাতিয়েকৰ দাৰ ঘাপত শোকাবহভাৱে প্ৰাণ এৰিলে ককাকে । দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত ডিৰিয়াল চাহ বাগিছাত আজি সংঘটিত এই লোমহৰ্ষক ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিহত লোকজন নতুন ডিৰিয়াল চাহ বাগিচাৰ চমনপুৰীয়া লাইনৰ ৰমেশ গোলাপ (৬৫) বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। ঘটনাৰ প্ৰাপ্ত খৱৰ অনুসৰি  ৰমেশ গোলাপৰ নাতিয়েক অমৰ মাহালিয়ে (২৫) তেওঁৰ ককাকে ঘৰৰ চৌহদত বাঁহৰ কাম কৰি থকা অৱস্থাত পিছফালৰ পৰা চোকা অস্ত্ৰৰে শিৰছেদ কৰে ‌। এই ভয়াবহ ঘটনাটো সংঘটিত কৰি নাতিয়েকে ককাক ৰমেশ গোলাপৰ কটা মুণ্ডন আৰু এখন দা হাতত লৈ স্হানীয় অঞ্চলটোত ঘুৰি ফুৰে। এই কাণ্ড প্ৰত্যক্ষ কৰি স্হানীয় লোকসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। পাছত ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ অমৰ মাহালিক আটক কৰিবলৈ চেষ্টা চলাই যদিও আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লয় । স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে কৌশলেৰে অভিযুক্ত অমৰ মাহালিক আটক কৰিবলৈ সক্ষম হয় আৰু ধৃত অভিযুক্তক সম্প্ৰতি দুলীয়াজান আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ।

ইফালে আৰক্ষীয়ে নিহত ৰমেশ গোলাপৰ মৃতদেহটো ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডত ব্যৱহৃত চোকা অস্ত্ৰখন জব্দ কৰিছে । বাতৰি লিখা পৰৰলৈকে সমগ্ৰ ঘটনাটোক লৈ  বাগিচাঞ্চলত আতংকময় পৰিৱেশে বিৰাজ কৰাৰ লগতে কি পৰিস্থিতিত হত্যকাণ্ডটো সংঘটিত হ’ল এই পৰ্যন্ত কোনো তথ্য পোহৰলৈ অহা নাই ।

You might also like