নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ বিশ্ব কর্কট দিৱসৰ দিনাই ভাৰতত এই ৰোগত আক্রান্তৰ সংখ্যা বৃদ্ধিৰ ভয়াৱহ তথ্য প্রকাশ পাইছে৷ ৰাষ্ট্রসংঘৰ বিশ্ব স্বাস্থ্য সংস্থা WHO) ৰ প্রতিবেদনত ভাৰতত কর্কট ৰোগত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে৷
প্রতিবেদন মতে, ২০১৮ চনত দেশত ১.১৬ নিযুত লোক নতুনকৈ কর্কটত আক্রান্ত হৈছে৷ অর্থাৎ প্রতি দহ ভাৰতীয়ৰ ভিতৰত এজন জীৱনজোৰা কর্কটত আক্রান্ত হৈছে৷ তদুপৰি প্রতিবেদনখনৰ মতে, ভাৰতত ২০১৮ চনত আক্রান্ত হোৱা প্রায় ১.১৬ নিযুত লোকৰ ভিতৰত ৭,৮৪,৮০০জনৰ কর্কটত মৃত্যু ঘটিছে৷ অর্থাৎ প্রতি ১৫গৰাকী কর্কটত আক্রান্ত ভাৰতীয় এজনে এই ৰোগত প্রাণ হেৰুৱাইছে৷ বিশ্ব স্বাস্থ্য সংস্থা আৰু ইণ্টাৰনেচনেল এজেঞ্চী ফৰ ৰিছার্চ অন কেঞ্চাৰ (আই এ আৰ চি)–এ দুখন প্রতিবেদন প্রকাশ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই ৰোগবিধৰ আক্রান্তৰ লগতে ইয়াৰ সজাগতাক লৈ তথ্য প্রকাশ কৰাৰ বিপৰীতে আই এ আৰ চিয়ে ৰোগবিধৰ গৱেষণা আৰু প্রতিৰোধৰ ওপৰত গুৰুত্ব দিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিবেদন মতে সাধাৰণতে ভাৰতত ছটা ধৰণৰ কর্কট ৰোগত আক্রান্ত হয় ৰোগী৷
ইয়াৰে ভিতৰত স্তন কর্কটত আক্রান্ত ১,৬২,৫০০জন, মুখগহ্বৰত কর্কট ১,২০,০০০জন, ছার্ভিকেল কর্কটত ৯৭,০০০জন, হাঁওফাঁও কর্কটত ৬৮,০০০জন, পাকস্থলীৰ কর্কটত ৫৭,০০০জন আৰু কোলো ৰেকটেল কর্কটত আক্রান্ত হৈছে ৫৭,০০০জন৷ লক্ষণীয় যে কর্কটত আক্রান্ত নতুনৰ ভিতৰত ৪৫ শতাংশ পুৰুষৰ৷ মুঠ ৫,৭০,০০০ নতুন কর্কটৰ ঘটনাৰ ভিতৰত মুখগহ্বৰত ৫২,০০০, হাঁওফাঁওত ৪৯,০০০, পাকস্থলীত ৩৯,০০০, কোলো ৰেকটেলত ৩৭,০০০ আৰু অ’ছোফাগিয়েল কর্কটত আক্রান্ত হৈছে ৩৪,০০০জন৷ আনপিনে মহিলাৰ ক্ষেত্রত মুঠ ৫,৮৭,০০০ নতুন আক্রান্ত ঘটনাৰ ভিতৰত স্তনত ১,৬২,৫০০টা, ছার্ভিকেলত ৯৭,০০০টা, ডিম্বাশয়ত ৩৬,০০০টা, মুখগহ্বৰত ২৮,০০০টা আৰু কোলো ৰেকটেল কর্কটত আক্রান্ত হোৱাৰ ঘটনা ২০,০০০টা৷
প্রতিবেদন মতে, ধঁপাতজাতীয় সামগ্রী সেৱন কৰাৰ বাবে মুখগহ্বৰৰ কর্কট ৰোগত আক্রান্ত হৈছে সর্বাধিক পুৰুষ৷ গতিহীন জীৱনশৈলী, মাত্রাধিক ওজন, মেদবহুলতা, শাৰীৰিক শ্রম কমকৈ কৰা আদিৰ বাবেই ভাৰতত কর্কট ৰোগত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ গুৰুত্বপূর্ণ যে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান টেড্র’ছ আধানম গেব্রেয়েছাছে প্রকাশ কৰা মতে, বিশ্বৰ ৬৪ শতাংশ প্রতিদিনে ধঁপাত সেৱনকাৰী লোক দহখন দেশত আছে৷ ইয়াৰে ৫০ শতাংশতকৈ অধিক তিনি দেশ চীন, ভাৰত আৰু ইণ্ডোনেছিয়াত আছে৷
আনপিনে, গ্রামাঞ্চলতকৈ চহৰীয়া অঞ্চলত স্তন কর্কটত আক্রান্ত ৰোগীৰ সংখ্যা বেছি৷ বার্ষিক এই ৰোগীৰ সংখ্যা চহৰীয়া অঞ্চলত ১.৪ শতাংশৰ পৰা ২.৮ শতাংলৈ বৃদ্ধি পাইছে৷ প্রতিবেদনখনত পৰৱর্তী ২০ বছৰৰ ভিতৰত বিশ্বত ৬০ শতাংশ কর্কটত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাব বুলি সকীয়নি দিয়া হৈছে৷ কর্কটৰ সচেতনতা যদি বৃদ্ধি নকৰে, ই পৃথিৱীবাসীৰ বাবে ভয়াৱহ হৈ উঠিব৷ এইক্ষেত্রত নিম্ন আৰু মধ্য উপার্জনকাৰী দেশসমূহত মাত্রাধিক প্রভাৱ পৰিব বুলিও প্রতিবেদনখনত স্বাস্থ্য সংস্থাটোৱে উল্লেখ কৰিছে৷
ইপিনে, উত্তৰ–পূবৰ ৰাজ্যসমূহতো কর্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ মঙলবাৰে ড০ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত উদ্যাপন কৰা বিশ্ব কর্কট দিৱসৰ প্রকাশ পোৱা তথ্য মতে উত্তৰ–পূবত ২০১৮–১৯ বর্ষত ৩৯,০০০ লোক নতুনকৈ কর্কট ৰোগত আক্রান্ত হৈছে৷ ইয়াৰে ভিতৰত অসমতেই ২৯,০০০৷