সাগৰৰ জলপৃষ্ঠ বৃদ্ধিয়ে ভাৰতৰ উপকূলীয় অঞ্চলৰ জনসংখ্যালৈ কঢ়িয়াইছে ভাবুকি
বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ সাগৰৰ জলপৃষ্ঠ বৃদ্ধিয়ে বিশ্বৰ বহু প্রধান চহৰলৈ ভাবুকি কঢ়িয়াই আনিছে৷ ভাৰতৰ বাণিজ্যিক ৰাজধানী মুম্বাই চহৰো জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্রেক্ষিতত প্রচণ্ড ভাবুকিৰ সন্মুখীন হোৱাটো নিশ্চিত৷ ৰাষ্ট্রসংঘৰ অধীনৰ বিশ্ব বতৰ বিজ্ঞান সংস্থাই প্রকাশ কৰা প্রতিবেদনৰ সতর্কবাণী অনুসৰি ভাৰতৰ উপকূলীয় অঞ্চলৰ জনসংখ্যাৰ ওপৰত সাগৰৰ জলপৃষ্ঠ বৃদ্ধিয়ে প্রচণ্ড ভাবুকি কঢ়িয়াই আনিছে৷ ‘আন্তর্জাতিক সাগৰ জলপৃষ্ঠ বৃদ্ধি আৰু সম্ভাৱনা’ শীর্ষক প্রতিবেদনত বিশ্ব বতৰ বিজ্ঞান সংস্থাই প্রকাশ কৰা অনুসৰি বিশ্বৰ বহু প্রধান চহৰ সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত সংকটত পৰিব৷ ভাৰতৰ মুম্বাই, চীনৰ চাংহাই, বাংলাদেশৰ ঢ়াকা, বেংকক, আমেৰিকা যুক্তৰাষ্টৰ নিউয়র্ক আৰু লছ এঞ্জেলছ, জাকার্টা, মাপুটো, লাগোচ, কাইৰো, লণ্ডন, কোপেনহেগেন, বুৱেন্স আয়ার্ছ আৰু ছাণ্টিয়াগকে ধৰি বিভিন্ন চহৰ সাগৰপৃষ্ঠ বৃদ্ধিৰ বাবে ভাবুকিৰ সমুখীন হ’ব৷ অর্থাৎ এই চহৰসমূহ সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত সংকটৰ গৰাহত পৰিব৷ প্রতিবেদন অনুসৰি ২০১৩ চনৰ পৰা ২০২২ চনলৈকে আন্তর্জাতিক সাগৰপৃষ্ঠ প্রতি বছৰে গড়ে ৪.৫ মিলিমিটাৰ বৃদ্ধি পাইছে৷ সাগৰৰ জলপৃষ্ঠ বৃদ্ধিয়ে উপকূলীয় অঞ্চলসমূহত খহনীয়াৰ সৃষ্টি কৰাৰ লগতে প্রবল ঘূর্ণি বতাহ আৰু বানপানীৰ কবলত পৰিব৷ ভূপৃষ্ঠৰ পানী আৰু ভূগর্ভৰ পানীত লোণৰ পৰিমাণ বৃদ্ধি পোৱাত পাৰিপার্শ্বিকতাত নেতিবাচক প্রভাৱ পৰিব৷ উল্লেখ্য যে প্রতিবেদন মতে, ১৯০১ চনৰ পৰা ২০১৮ চনলৈকে সাগৰৰ জলপৃষ্ঠ ০.২ মিটাৰ বৃদ্ধি হৈছিল৷ অর্থাৎ ১৯০১ চনৰ পৰা ১৯৭১ চনলৈকে প্রতি বছৰে গড়ে আন্তর্জাতিক সাগৰৰ জলপৃষ্ঠ ১.৩ মিলিমিটাৰ বর্ধিত হৈছিল৷ ১৯৭১ৰ পৰা ২০০৬ চনলৈকে ১.৯ মিলিমিটাৰ আৰু ২০০৬ চনৰ পৰা ২০১৮ চনলৈকে ৩.৭ মিলিমিটাৰ বৃদ্ধি পাইছে৷ কিন্তু ২০১৩ চনৰ পৰা ২০২২ চনলৈকে আশ্চর্যজনকভাৱে সাগৰৰ জলপৃষ্ঠ ৪.৫ মিলিমিটাৰকৈ বৃদ্ধি পাইছে৷ তথ্য মতে, ১৯৭১ চনৰ পৰাই সাগৰৰ জলপৃষ্ঠ দ্রুতগতিত বর্ধিত হৈ আছে৷ প্রতিবেদনত প্রকাশ কৰা মতে, যদি গোলকীয় তাপমাত্রা ৰাষ্ট্রসংঘৰ জলবায়ু চুক্তি অনুসৰি ১.৫ ডিগ্রী চেলছিয়াছ বৃদ্ধিতে নিয়ন্ত্রণ কৰিব পৰা যায়, তেতিয়াহ’লে সাগৰৰ জলপৃষ্ঠ নিয়ন্ত্রিত ৰূপত বৃদ্ধি হ’ব৷ ইয়াৰ বিপৰীতে যদি ১.৫ ডিগ্রী চেলছিয়াছ নিয়ন্ত্রণ কৰিব নোৱাৰে, তেতিয়াহ’লে সাগৰৰ জলপৃষ্ঠ ধাৰণা কৰাতকৈ অধিক বর্ধিত হৈ বিশ্বৰ প্রধান চহৰসমূহক সংকটত পেলাব৷ ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্ট’নি’ গুটেৰেছে প্রকাশ কৰা মতে, সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বিষয়টো তাপমাত্রাৰ ডিগ্রীৰ ওপৰত নির্ভৰ কৰা হৈছে৷ যদি গোলকীয় তাপমাত্রা ২ ডিগ্রী চেলছিয়াছ বৃদ্ধি পায়, তেতিয়াহ’লে সাগৰৰ জলপৃষ্ঠ দুগুণ বৃদ্ধি হ’ব৷ ইয়াৰ পৰিপ্রেক্ষিতত বাংলাদেশ, চীন, ভাৰত আৰু নেদাৰলেণ্ড অতি বিপদত পৰিব৷ আনপিনে তাপমাত্রা বৃদ্ধিয়ে ১৯৭১ চনৰ পৰা ২০১৮ চনৰ মাজত সাগৰপৃষ্ঠ বৃদ্ধি ৫০ শতাংশ হৈছে৷ এই সময়ছোৱাত হিমপ্রৱাহৰ বৰফ গলি সাগৰৰ জলপৃষ্ঠ বৃদ্ধিত ২২ শতাংশ অৰিহণা, বৰফৰ তৰপ গলি ২০ শতাংশ আৰু স্থল–জলৰ ভাণ্ডাৰ সালসলনি ঘটি ৮ শতাংশ অৰিহণা যোগাইছে৷ এই কথা প্রতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে তাপমাত্রা অধিক বৃদ্ধি হ’লে সাগৰৰ জলপৃষ্ঠ অধিক বৃদ্ধি পাব৷ অর্থাৎ ২ ডিগ্রী চেলছিয়াছ তাপমাত্রা বৃদ্ধি হ’লে সাগৰৰ জলপৃষ্ঠ ২–৬ মিটাৰ বৃদ্ধি পাব৷ ৫ ডিগ্রী চেলছিয়াছ বৃদ্ধি হ’লে সাগৰৰ জলপৃষ্ঠ ১৯–২২ মিটাৰলৈকে বৃদ্ধি পাব৷ লক্ষণীয় যে প্রতিবেদনত শতিকাৰ অন্তিম সময়ত গোলকীয় তাপমাত্রা ২.৪–২.৬ ডিগ্রী চেলছিয়াছ বৃদ্ধিৰ সম্ভাৱনা প্রকট কৰিছে৷