গোসাইগাঁৱত বহিঃৰাজ্যৰ ব্ৰয়লাৰ ভৰ্তি ৬খন বাহন জব্দ
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ বহি:ৰাজ্যৰ ব্ৰয়লাৰ অসমত আমদানি নিষেধাজ্ঞা জাৰি কৰাত ব্ৰয়লাৰ ব্যৱসায়ীসকলে গ্ৰাম্য পথ ব্যৱহাৰ কৰি অসমত ব্ৰয়লাৰ কুকুৰা সৰবৰাহ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ অসম-বংগ সীমান্তত আৰক্ষী-পশুপালন বিভাগৰ চকুত ধূলি দি প্ৰতিদিনে চোৰাং পথেৰে অসমত ব্ৰয়লাৰ গাড়ী প্ৰবেশ কৰিবলৈ যেন ব্ৰয়লাৰ ব্যৱসায়ীসকলে কাকো কেৰেপ নকৰা হৈছে ৷ বহিঃৰাজ্যৰ ব্ৰয়লাৰ কুকুৰা অসমত আমদানিৰ নিষেধাজ্ঞা জাৰি কৰা সত্বেও অসম-বংগ সীমান্তৰ ভিতৰুৱা পথেৰে একাংশ অসাধু ব্যৱসায়ীয়ে অসমৰ বিভিন্ন ঠাইত সৰবৰাহ কৰি আহিছে ব্ৰইলাৰ মুৰ্গী ৷ আজি পুৱতি নিশা পশ্চিমবংগৰ পৰা চোৰাং পথেৰে অসমত প্ৰবেশ কৰাৰ সময়তে গোসাইগাঁৱৰ হাউৰীয়াপেটত পাঁচখন ব্ৰয়লাৰ গাড়ী স্থানীয় ৰাইজৰ সহযোগত সাপকাটা আৰক্ষী চকীৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ পিছত সাপকাটা আৰক্ষীয়ে ব্ৰয়লাৰ গাড়ী কেইখন গোসাইগাঁও থানালৈ লৈ আনে ৷ জব্দ কৰা টাটা মোবাইল পিক আপ গাড়ী পাঁচখনৰ নম্বৰ ক্ৰমে AS 16 AC 2624, AS 01 PC 2678, AS16 AC 4544, AS 16 C 6550, AS16 AC 3411 জানিব পৰা গৈছে ৷ আনহাতে ভাওৱৰাগুৰী আৰক্ষী চকীৰ আৰক্ষীয়ে ভাওৱৰাগুৰী চেকেণ্ড বজাৰৰ ওচৰৰ পৰা As 16A C 3892 নম্বৰৰ মেজিক টাটা ভেন ব্ৰয়লাৰ কুকুৰা সহ জব্দ কৰি গোসাইগাঁও থানাত লৈ আনে ৷ ব্ৰয়লাৰ মুৰ্গীৰ গাড়ী সহ আটক গাড়ী চালক সকল হ’ল ক্ৰমে ভাওৱৰাগুৰীৰ টগেয়ামাৰী আনোৱাৰ হোসেন (৪০) ,জয়পুৰ গাঁৱৰ ছামিদুল হক (২৫) ,২নং কদমগুৰীৰ কদ্দুছ শ্বেখ (২৯) , ২নং কদমগুৰীৰ সাহেবুল শ্বেখ (৩৮) ,২ নং জয়মা গাঁৱৰ সহিদুল ৰহমান (৩০) , জয়পুৰ গাঁৱৰ মুক্তাৰ হোসেন (৩৯) ৷ আৰক্ষীৰ হাতত আটকাধীন ৬গৰাকী গাড়ীৰ চালকৰ ঘৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত বুলি জানিব পৰা গৈছে ৷