নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতি কুইণ্টলত ১৪৩ টকাৰ পৰিৱর্তে দিয়ে ১০০.১০ টকা কমিছন

কেন্দ্রীয় চৰকাৰৰ নির্দেশনা অমান্য ৰাজ্য চৰকাৰৰ

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় চৰকাৰে কৰা ঘোষণা উলংঘা কৰি ৰাজ্য চৰকাৰে অসমৰ সুলভ মূল্যৰ দোকানীসকলক আর্থিকভাৱে বঞ্চনা কৰা বুলি গুৰুতৰ অভিযোগ কৰিছে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই৷ গুৱাহাটীত এখন সংবাদ মেলত সন্থাৰ সভাপতি ধৰণীধৰ বৰা আৰু সম্পাদক ধর্মেশ্বৰ বৰাই কয়– ‘কেন্দ্রীয় চৰকাৰে ২০১৫ চনৰ ডিচেম্বৰৰ পৰা প্রতিকুইণ্টল চাউল বিতৰণৰ বাবে অসমৰ সুলভ মূল্যৰ দোকানীসকলক ১৪৩ টকাকৈ দিবলৈ নির্দেশ দিয়ে৷ কিন্তু ৰাজ্য চৰকাৰে এই নির্দেশ অমান্য কৰি সুলভ মূল্যৰ ব্যৱসায়ীসকলক বঞ্চনা কৰি আর্থিকভাৱে মাধমাৰ শোধাই আহিছে৷ ৰাজ্য চৰকাৰে প্রতিকুইণ্টলত ১৪৩ টকাৰ পৰিৱর্তে দোকানীসকলক মাত্র ১০০.১০ টকাকৈ কমিছন দি ৪২.৯০ টকাকৈ কর্তন কৰি ৰাখে৷ তাৎপর্যপূর্ণ কথাটো হ’ল চৰকাৰে এই ১০০.১০ টকা অনিয়মিতভাৱে দোকানীসকলক দি অহাৰ পিছত যোৱা বর্ষৰ জুন মাহৰ পৰা ৭ মাহ ধৰি কমিছনৰ ধন আদায় দিয়া নাই৷ সন্থাৰ সভাপতি–সম্পাদকে লগতে কয় যে চৰকাৰে সুলভ মূল্যৰ দোকানীসকলক এনেধৰণে অন্যায়ভাৱে মাধমাৰ শোধাই অহাৰ পিছত যোৱা ৭ জানুৱাৰীত খাদ্য–সামৰিক যোগান আৰু গ্রাহক পৰিক্রমা বিভাগৰ সঞ্চালকে ৩ কিলোমিটাৰ ব্যাসার্ধৰ এলেকাত থকা সুলভ মূল্যৰ দোকানসমূহক সংলগ্ণ কৰি দোকানৰ সংখ্যা কমোৱাৰ বাবে চক্রান্তমূলক এক নির্দেশ দিয়ে৷ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তই সুলভ মূল্যৰ দোকানীৰ পৰিয়ালক সচকিত কৰি নিদ্রাহৰণ কৰিছে৷ চৰকাৰে শীঘ্রে এই সিদ্ধান্ত বাতিল কৰিব লাগে৷ এইক্ষেত্রত আমি মুখ্যমন্ত্রীৰ হস্তক্ষেপ বিচাৰিছোঁ৷ অন্যথা সন্থাই আন্দোলন কৰিবলৈ বাধ্য হ’ব৷’

You might also like