নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত তিনি মাহত কর্মহীনতাৰ হাৰ সর্বোচ্চ; মার্চত ৭.৮ শতাংশলৈ বৃদ্ধি নিবনুৱা

  • গাঁৱৰ তুলনাত চহৰত বেছি কর্মহীন লোকৰ সংখ্যা

 

নিয়মীয়া বাৰ্তা, ৩ এপ্রিল: সন্মুখত কর্ণাটকৰ বিধানসভা নির্বাচন৷ ৰাজ্যখনত শাসনলৈ পুনৰ উভতিব পাৰিব নে নাই, তাক লৈ শংকিত হৈ আছে শাসকীয় বিজেপি৷ এই বিধানসভা নির্বাচনৰ পূর্বে আকৌ অস্বস্তি বাঢ়িল কেন্দ্রৰ বিজেপি চৰকাৰৰ৷ মার্চ মাহত দেশত নিবনুৱাৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ বিগত তিনি মাহৰ ভিতৰত মার্চত দেশত কর্মহীনতা বৃদ্ধি পাইছে আটাইতকৈ বেছি৷ এই হাৰ ৮ শতাংশলৈ বৃদ্ধি পোৱা বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷ বিগত তিনিওটা মাহত বৃদ্ধি পাইছে কর্মহীনতাৰ হাৰ৷ এফালে কেন্দ্রৰ মোদী চৰকাৰে দেশৰ অর্থনৈতিক পৰিস্থিতি অন্য দেশবোৰৰ তুলনাত ভাল বুলি প্রচাৰ চলাই আহিছে যদিও কর্মহীন লোকৰ সংখ্যা বৃদ্ধিয়ে এখন ওলোটা ছবিহে জনসাধাৰণৰ সন্মুখত তুলি ধৰিছে৷ তাৎপর্যপূর্ণভাৱে কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ তৰফৰ পৰা মার্চ মাহত পণ্য আৰু সেৱা কৰ (জিএছটি) আদায়ৰ তথ্যও আজি প্রকাশ কৰিছে৷ ইয়াকে দাবী কৰা হৈছে যে পূর্বৰ মাহৰ তুলনাত জিএছটি আদায় ২২ শতাংশ বৃদ্ধি পাইছে৷ কেন্দ্রই এই তথ্য প্রকাশ কৰি কার্যতঃ মানুহৰ ক্রয় ক্ষমতা বৃদ্ধিৰ দাবী কৰিলেও কর্মহীনতাৰ পৰিসংখ্যাৰ সৈতে ইয়াৰ কোনো সামঞ্জস্য নাই৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী (চিএমআইই)ৰ তৰফৰ পৰা প্রকাশিত বিবৃতিত উল্লেখ কৰা হৈছে যে যোৱা ডিচেম্বৰত দেশত কর্মহীনতাৰ হাৰ আছিল ৮.৩ শতাংশ৷ ইয়াৰ পাছত জানুৱাৰী, ফেব্রুৱাৰীত কর্মহীনতাৰ হাৰ আছিল ক্রমে ৭.১৪ শতাংশ আৰু ৭.৪৫ শতাংশ৷ অৱশ্যে মার্চত সেয়া ৭.৮ শতাংশলৈ বৃদ্ধি পাইছিল৷ ২০২২–২৩ আর্থিক বছৰৰ শেষৰ তিনিটা মাহত এয়াই আছিল সর্বাধিক৷ চিএমআইইৰ পৰিচালন সঞ্চালক মহেশ ব্যাসে উল্লেখ কৰা অনুসৰি, ২০২৩ চনৰ মার্চত ভাৰতৰ শ্রম বজাৰৰ অৱনমন ঘটিছে৷ কর্মহীনতাৰ হাৰ ফেব্রুৱাৰীত ৭.৫ শতাংশৰ পৰা মার্চত ৭.৮ শতাংশলৈ বৃদ্ধি পাইছে৷ ইয়াৰ প্রভাৱত শ্রম শক্তিৰ অংশগ্রহণৰ হাৰ একেলগে পতনৰ ফলত জটিল হৈছিল পৰিস্থিতি৷ ইফালে, বেছি কর্মহীন লোক থকা ৰাজ্যবোৰ হাৰিয়ানা, ৰাজস্থান, জম্মু–কাশ্মীৰ, ছিকিম, বিহাৰ আৰু ঝাৰখণ্ড বুলি চিএমআইইৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷

You might also like