বকোত ৰাভা হাছং পৰিষদৰ উদ্যোগত ১৫ দিনীয়া এৰি-মুগা সুতা কটা যন্ত্ৰ চালন প্ৰশিক্ষণ কৰ্মশালা
নিয়মীয়া বাৰ্তা, ১১ এপ্রিল: ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত তথা অৰ্থ সাহাৰ্য্যত আৰু সহকাৰী ৰেচম সঞ্চালক কামৰূপৰ সহযোগত অনুষ্ঠিত হোৱা পোন্ধৰ দিনীয়া এৰি – মুগা সূতা কটা যন্ত্ৰ চালনৰ প্ৰশিক্ষণ কৰ্মশালাৰ আজি সামৰণি পৰে। উল্লেখ্য যে ; অসম চৰকাৰৰ এৰি – মুগা সংৰক্ষণ কেন্দ্ৰ বকোত এই কৰ্মশালা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হৈছিল যোৱা ২৮ মাৰ্চত। এক মনোজ্ঞ অনুস্থানৰ জৰিয়তে এৰি – মুগা সূতা কটা যন্ত্ৰ চালন প্ৰশিক্ষণ কৰ্মশালা খন বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰিছিল ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমা কান্ত ৰাভাই। ইফালে আজি উক্ত প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি পৰে। মুগা – এৰি কটা যন্ত্ৰ চালন প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভা আৰু পৰিষদৰ বহু কেইজন কাৰ্য্যবাহী পাৰিষদ। বকোৰ বিশিষ্ট যুৱ সমাজ কৰ্মী তথা পৰিষদৰ কাৰ্য্যালয় সহায়ক দীপু ৰাভাই আত ধৰা অনুস্থান সঞ্চালনা কৰে সহকাৰী ৰেচম সঞ্চালক কামৰূপৰ বিষয়া প্ৰশান্ত কুমাৰ দাসে। সামৰণি অনুষ্ঠানত মহিলা সকলোক মেচিন আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰে। ইফালে মহিলা সকলে সামাজিক ক্ষেত্ৰত স্ব – নিৰ্ভৰশীল তথা স্বাৱলম্বী কৰি সাৱলীকৰণ কৰাৰ প্ৰয়াসৰে মহিলা সকলোক এই প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰোৱা হৈছে বুলি জানিব দিয়ে মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই। ৰেচম বিভাগৰ পৰিচালক উদয় ৰাজবংশীৰ তৎপৰতাত অনুষ্ঠিত হয় কৰ্মশালা খন। অনুস্থানত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমা কান্ত ৰাভা ; কাৰ্য্যবাহী পাৰিষদ ৰশ্মি ৰাভা ; ফ্ৰাইলিন আৰ মাৰাক ; সোণাৰাম ৰাভা ; আদিত্য ৰাভা ; সাধাৰণ সদস্যা পঞ্চমী ৰাভা ; সদস্য অৰ্জুন চেত্ৰী ; কল্পৰাম ৰাভা ; উদ্ধৱ ৰাভাকে ধৰি বহু কেইজন পৰিষদৰ পাৰিষদ। এৰি – মুগা সুতা কটা যন্ত্ৰ চালন প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত ১৫ দিনীয়া কৰ্মশালাৰ উপকাৰীতাৰ ওপৰত আলোকপাত কৰে। প্ৰকাশ্য যে ; এৰি – মুগা সূতা কটা যন্ত্ৰ চালন প্ৰশিক্ষণ কৰ্মশালাত মুঠ পঞ্চাশ গৰাকী মহিলাই অংশগ্ৰহণ কৰে। যোৱা ২৮ মাৰ্চৰ পৰা আজি ১১ এপ্ৰিললৈকে চলোৱা প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণিত অংশগ্ৰহণ কৰা মহিলা শিপিনীক প্ৰমাণ পত্ৰ আৰু মেচিন সাহাৰ্য্য প্ৰদান কৰে। উল্লেখ্য যে ; সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা মহিলা শিপিনী সকলোৰ লগত এৰি – মুগা সূতা কটা আৰু ইয়াৰ পৰা পৰিয়ালৰ স্বাৱলম্বীতাৰ ওপৰত অন্তৰঙ্গ আলাপ কৰা হয়। কৰ্মশালাৰ সামৰণিত এৰি কটাত পাকৈত মহিলা প্ৰথম হিচাপে দৰ্শনা বড়োক ; দ্বিতীয় হিচাপে প্ৰণিতা বড়োক আৰু তৃতীয় হিচাপে জিন্টী ৰাভাক। ঠিক তেনেদৰে মুগা সূতা কটাত পাকৈত মহিলা প্ৰথম হিচাপে জোস্না ৰাভাক ; দ্বিতীয় হিচাপে কল্পনা বড়োক আৰু তৃতীয় হিচাপে কৃষ্ণা ৰাভাক মাননিৰে সন্মান প্ৰদান কৰে।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।