শদিয়া মহাবিদ্যালয়ৰ এন এছ এছ ইউনিটৰ দ্বাৰা বাৰ্ষিক বিশেষ শিবিৰ সম্পন্ন
নিয়মীয়া বাৰ্তা,১১ এপ্ৰিল:- তিনিচুকীয়া জিলাৰ শদিয়া মহাবিদ্যালয়ৰ এন এছ এছ ইউনিটৰ দ্বাৰা চপাথোৱাৰ বৰজিয়া গাঁৱত ৩ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈ ‘যুৱক উন্নত ভাৰতৰ বাবে’ শীর্ষক বিষয়বস্তুৰে বাৰ্ষিক বিশেষ শিবিৰৰ আয়োজন কৰে । বৰজিয়া গাঁও প্ৰাথমিক বিদ্যালয়ত শদিয়া মহাবিদ্যালয় অধ্যক্ষ ড০ ভূপেন চুতীয়াই মহাবিদ্যালয়ৰ অধ্যাপক সদস্য, গাওঁ পঞ্চায়তৰ সদস্য, বৰজিয়া গাঁৱৰ গাঁওবাসী আৰু এন এছ এছ স্বেচ্ছাসেৱকসকলৰ উপস্থিতিত ৩ এপ্ৰিলত শিবিৰটো উদ্বোধন কৰে। এই বিশেষ শিবিৰটো সামাজিক দায়বদ্ধতা আৰু মূল্যবোধৰ সাৰমৰ্মক অন্তৰ্ভুক্ত কৰি সমাজৰ সৈতে কাম কৰাৰ সুযোগ প্ৰদান কৰি তেওঁলোকৰ সমস্যা আৰু জীৱনৰ বাস্তৱতাক বুজিব পৰাকৈ ডিজাইন কৰা হৈছিল। শিবিৰত প্ৰায় ১৬টা অধিবেশন অনুষ্ঠিত হৈছিল য’ত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ আৰু সমল ব্যক্তিসকলে স্বেচ্ছাসেৱকসকলৰ সৈতে কেৰিয়াৰ গাইডেন্স, জাতি গঠনত যুৱকৰ ভূমিকা, ব্যক্তিত্ব বিকাশ, বিত্তীয় সাক্ষৰতা ডিজিটেল সাক্ষৰতা, বহনক্ষম উন্নয়ন, সামাজিক সমস্যাসমূহৰ সমাধানত যুৱক-যুৱতীসকলৰ ভূমিকা আদি বিষয় অধিবেশনত মত বিনিময় কৰে । ইয়াৰোপৰি soft skills development, ড্রাগছ আসক্তি, মহিলা স্বাস্থ্য, নাৰী সবলীকৰণ: বৰ্তমানৰ প্ৰেক্ষাপটত সুৰক্ষা আৰু নিৰাপত্তা, উদ্যোগীকৰণ বিকাশ, বহনক্ষম উন্নয়নৰ লক্ষ্য আদি বিষয়ত সমল ব্যক্তিৰূপে উপস্থিত থাকে শদিয়া মহাবিদ্যালয়ৰ ক্ৰমে ড° জয়দয়াল মালি, ড° জ্যোৎস্না কেওট, ড° প্ৰাণজিৎ নাথ, দীপেন্দ্ৰ কুমাৰ খনাল, শিবানী বৰুৱা আৰু দিগেন দাস । ইয়াৰোপৰি আই অ’ চি এলৰ বিশিষ্ট সমাজকৰ্মী আৰু স্বতন্ত্ৰ সঞ্চালক দিলীপ গগৈ লালুং; প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডা° উদয়াদিত্য গগৈ, এছ ডি চি এইচ, শদিয়া; শদিয়া আৰক্ষী থানাৰ উপ-পৰিদৰ্শক লিপিকা হালৈ আৰু সামাজিক কৰ্মী আৰু সম্পাদক গুনিন চুতীয়া, ইণ্ডিয়ান ৰেড ক্ৰছ ছ’চাইটি শদিয়া আদি ব্যক্তিসকল সমল ব্যক্তিৰূপে উপস্থিত থাকে। এই আৱাসিক শিবিৰৰ প্ৰত্যক দিনাই এন এছ এছৰ স্বেচ্ছাসেৱকসকলে চপাখোৱা শংকৰদেৱ শিশু নিকেতনৰ যোগ প্ৰশিক্ষক আৰু শিক্ষক মিন্টু চাংমাইয়ে গ্ৰহণ কৰা যোগ অধিবেশনেৰে দিনটোৰ আৰম্ভণি কৰে আৰু তাৰ পিছত বৰঝিয়া গাঁও আৰু মহাবিদ্যালয়ৰ কাষৰীয়া অঞ্চলত শ্রমদান কাৰ্যসূচীৰে শিবিৰৰ সাত দিনত স্বেচ্ছাসেৱকসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে ‘বাল্য বিবাহ’ৰ ওপৰত এখন বাটৰ নাটক প্ৰস্তুত কৰে। নাটখন ১০ এপ্রিল সোমবাৰে মহাবিদ্যালয়ৰ চৌহদত মহাবিদ্যালয়খনৰ অধ্যাপক আৰু ছাত্ৰ- ছাত্ৰীসকলৰ সন্মুখত প্ৰদৰ্শন কৰা হয় আৰু স্বেচ্ছাসেৱকসকলক নাটকখনৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰে শদিয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক এলিনা শইকীয়াই। বঝিয়া গাঁও এল. পি. স্কুলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখন চিত্রাংকন প্রতিযোগিতাও আয়োজন কৰা হয়, য’ত বিচাৰক বৰ্ণালী শইকীয়া আৰু সহকাৰী অধ্যাপক শিবানী বৰুৱা। মহাবিদ্যালয়ৰ এন এছ এছ স্বেচ্ছাসেৱক সকল আৰু মহাবিদ্যালয় অধ্যাপকসকলৰ দ্বাৰা এক জীপাল সাংস্কৃতিক সন্ধিয়াৰে শিবিৰৰ সামৰণি পৰে। শদিয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নকুল নেওগ আৰু এন এছ এছ ইউনিট শদিয়া মহাবিদ্যালয়ৰ কাৰ্যসূচী বিষয়াই মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীৰ ভ্ৰাতৃত্ববোধ, বৰঝিয়া গাঁও এল পি স্কুলৰ শিক্ষক কৰ্মচাৰী আৰু বৰঝিয়া গাঁৱৰ গাঁওবাসীক সমগ্র শিবিৰত সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
প্ৰেৰক:- বিবেক বড়া