বিশেষ বাৰ্তা, ১৮ মেঃ অৱশেষত হত্যাকাৰী হিচাপে অভিযুক্ত ৱাৰ্ডবয় কিৰু মেছক যাৱজীৱন কাৰাদণ্ডৰে দণ্ডীত কৰা হয়। আজি ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশৰ অৰ্পণা অজিত চাৰিয়াৰ আদালতে এই ৰায় প্ৰদান কৰাৰ লগতে ৫ হাজাৰ টকা জৰিমনা বিহে। অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ সৰিতা তচনিৱালৰ নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰী হিচাপে চিহ্নিত কিৰু মেছক যাৱজীৱন কাৰাদণ্ডৰে দণ্ডীত কৰি শাস্তি ঘোষণা কৰে। ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত কালি চড়ান্ত ৰায়দানৰে দণ্ডিত কৰিছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ ৱাৰ্ডবয় কিৰু মেছক। কিন্তু একেটা গোচৰত স্পষ্ট প্ৰমাণৰ অভাৱত সকলো অভিযোগৰ পৰা দোষমুক্ত কৰিছিল আনজন অভিযুক্ত ডাঃ দীপমণি শইকীয়াক। আজি ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশৰ আদালতে পুৱা শাস্তিৰ পৰিমাণ (Quantum of Punishment) ঘোষণা কৰাৰ কথা আছিল যদিও শাস্তিৰ সন্দৰ্ভত দুয়োপক্ষৰে পুনৰ মতামত শুনে। অৱশেষত দুপৰীয়া শাস্তি ঘোষণা কৰি যাৱজীৱন কাৰাদণ্ডৰে দণ্ডীত কৰে কিৰু মেছক। উল্লেখযোগ্য যে ডাঃ সৰিতা তাচনিৱাল হত্যাকাণ্ডৰ সন্দৰ্ভত ১৫২ পৃষ্ঠাৰ আদালতৰ ৰায়দান অনুসৰি গুচৰীয়া পক্ষই ডাঃ দীপমণি শইকীয়াক, হত্যাত জৰিত থকাতো তথ্যসহ প্ৰমাণ কৰিব নোৱাৰাৰ বিপৰীতে কিৰু মেছ হত্যাত জৰিতৰ প্ৰমাণিত হোৱা বুলি ৰায়দানত কোৱা হৈছিল। অৱশেষত ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে সুদীর্ঘ ৯ বছৰ ৯ দিনীয়া গোচৰটোৰ অৱসান ঘটায়। তাৎপৰ্যপূৰ্ণ যে ২০১৪ চনৰ ৮ মে’ৰ নিশা অসম মেডিকেল কলেজৰ প্ৰসূতি বিভাগত নিশাৰ দায়িত্বত ডাঃ দিপমনি শইকীয়া, ডাঃ সৰিতা তচনিৱাল, ৱাৰ্ডবয় কিৰু মেছ, নাৰ্ছ পূৰ্ণিমা বৰা আছিল। কিন্তু সেই নিশা অকৰ্তৃত্বশীলভাবে চিকিৎসক দীপমণি উপস্থিত নাছিল আৰু পুৱা কিৰুৱে সময় পাৰ হল বুলি মিছা কথা কৈ নাৰ্ছ পূৰ্ণিমাক ঘৰলৈ পঠাই দিছিল। তেতিয়াই সম্পূৰ্ণ পূৰ্ব পৰিকল্পনা অনুসৰি জঘন্য হত্যাকাণ্ড সংঘটিত হৈছিল বুলি চৰকাৰী অধিবক্তা শ্যাম দত্তই কিৰুৰ উদ্বৃতিৰে সদৰী কৰি আদালতৰ ৰায়দানক আদৰণি জনায়। অৱশ্যে মৃত্যু দণ্ডৰে দণ্ডীত কৰাৰ বাবেও আদালতৰ ওচৰত যুক্তি প্ৰদৰ্শন কৰিছিল। সাংবাদিকৰে হোৱা বাৰ্তালাপত চৰকাৰী অধিবক্তা শ্যাম দত্তই কয়- ‘আমি অভিযুক্তৰ মৃত্যুদণ্ড বিছাৰিছিলো যদিও আদালতে ৰায়দানত কৈছিল যে এই গোচৰটো বিৰল ঘটনা নহয়। সেয়ে বিৰল গোচৰৰ ভিতৰত নপৰে। ডাঃ দীপমণি শইকীয়াক দোষমুক্ত কৰাৰ বিৰুদ্ধে আমি উচ্চ ন্যায়লয়ত আৱেদন কৰাৰ সিদ্ধান্ত লৈছো’।আনহাতে পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাবে সৰিতা তাচনিৱাল পৰিয়ালবৰ্গক পৰামৰ্শ দিয়ে বুলি অধিবক্তা শ্যাম দত্তই জানিবলৈ দিয়ে। ঘটনাৰ অভিযোগত সেই সময়তে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কিৰু মেছৰ লগতে ২০১৪ ৰ ১৪ মে’ত গ্ৰেপ্তাৰ হৈছিল আনজন অভিযুক্ত ডাঃ দrপমণি শইকীয়া। সেই সময়ত ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত ভাৰতীয় দণ্ড বিধিৰ ৩০২ ধাৰাত ৩৭০/১৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা লগতে সমগ্ৰ ৰাজ্য জুৰি আন্দোলনত উতপ্ত হৈছিল। অসম চিকিৎসা মহাবিদ্যালয়তো ব্যাপক প্ৰতিবাদত অচল হৈ পৰিছিল। সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সৈতে আলোচনা কৰিছিল। ডাঃ দrপমণি শইকীয়া আৰু কিৰু মেছৰ পক্ষৰ অধিবক্তা শ্যামল শীলে কয় মুঠ ৬১গৰাকী সাক্ষীৰ কোনো এগৰাকী সাক্ষীয়েও ডাঃ দীপমণি শইকীয়াৰ বিৰুদ্ধে শক্তিশালী ভাৱে তথ্য, প্ৰমাণ প্ৰকাশ কৰিব পৰা নাছিল। আনকি ডাঃ সৰিতা তচনিৱালৰ পিতৃ-মাতৃয়ে আৰু পৰিয়ালে ডাঃ দীপমণি শইকীয়াৰ বিৰুদ্ধেও কোৱা নাছিল। ইফালে ঘটনাৰ সময়চোৱাত কিৰু মেছক আৰক্ষীৰ জিম্মাত থকা সময়ত স্বাস্থ্য পৰীক্ষা কৰা সময়ত আঘাতৰ চিহ্ন পোহৰলৈ অহা বিষয় বিলাক গোচৰটোত উল্লেখযোগ্য আছিল বুলি কয় অধিবক্তা শ্যামল শীলে। মহামান্য আদালতৰ ৰায় ন্যায় ন্মত বুলি উল্লেখ কৰি অধিবক্তাগৰাকীয়ে কয়, ৰায়দানত পৰৱৰ্তী আৱেদনৰ বহু পথ মুকলি হৈ আছে বুলিও অধিবক্তা শীলে মন্তব্য কৰে। উল্লেখ্য যে এই ভয়ংকৰ হত্যাকাণ্ডই ৰাষ্ট্ৰীয় শিৰোনাম দখল কৰাৰ লগতে ৰাজ্যজুৰি প্ৰবল প্ৰতিবাদৰ ঢৌৰ স্বৃষ্টি কৰিছিল ।প্ৰথমে অসম আৰক্ষীয়ে তদন্ত কৰা এই গোচৰটো পাছলৈ অপৰাধ তদন্ত বিভাগলৈ (চিআইডি) হস্তান্তৰ কৰা হয়।
প্ৰেৰক বিভাস দুৱৰা