বড়ো চুক্তি উত্তৰ–পূবৰ শান্তিৰ বাবে এক দৃষ্টান্ত
ৱাছবিৰ হুছেইন
অৱশেষত যোৱা ২৭ জানুৱাৰীত দক্ষিণ–এছিয়াৰ অন্যতম সন্ত্রাসজর্জৰ অঞ্চলত বিগত তিনিটা দশকজোৰা উগ্রপন্থী কার্যকলাপত আঁৰ কাপোৰ তৰিবলৈ সক্ষম হ’ল নতুন দিল্লী৷ হয়, বডো বিদ্রোহী সংগঠন ‘এনডিএফবি’ৰ চাৰিওটা বিভাজিত গোট, ‘সদৌ বডো ছাত্র সংস্থা’(এবছু), বডো সমাজৰ শীর্ষ তথা সামাজিক সংস্থা ‘সংযুক্ত বডো গণ সংগঠন’(ইউবিপি’)ৰ সৈতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সম্পাদন কৰা নতুন চুক্তিখনৰ বিষয়ে ইয়াত কোৱাহৈছে৷ অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, শাসকীয় দল বিজেপিৰ কৌশলী নেতা হিমন্ত বিশ্ব শর্মা আৰু বর্তমানৰ বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে চুক্তিখনত সাক্ষী হিচাপে স্বাক্ষৰ দান কৰিলে৷ নতুনকৈ স্বাক্ষৰিত চুক্তিখনক ‘বডোলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন’ অথবা ‘বিটিআৰ চুক্তি’ বুলি নামকৰণ কৰিব পাৰি, কিয়নো বর্তমানে থকা ‘বডোলেণ্ড এৰীয়া ডিষ্ট্রিক্ট’ বা ‘বিটিএডি’–ক নতুনকৈ ‘বিটিআৰ’ বুলি নামাংকিত কৰা হৈছে৷
‘বিটিআৰ চুক্তি’খনক বাস্তৱিকতেই অনন্য বুলি অভিহিত কৰিব পাৰি, কিয়নো এই প্রথমবাৰৰ বাবে উত্তৰ–পূবৰ কোনো এডোখৰ ভূ–খণ্ডৰ এটা উগ্রপন্থী সংগঠনৰ কেউটা গোটে উগ্রবাদৰ সামৰণি মাৰি শান্তি আৰু উন্নয়নৰ স্বার্থত একত্রে শান্তিৰ চুক্তিত স্বাক্ষৰ দান কৰিলে৷ অৱশ্যে মই কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মধ্যস্থতাকাৰীকেইগৰ্ তেওঁলোকৰ দক্ষতা আৰু সহনশীলতাৰে অঞ্চলটোৰ অগ্রণী ছাত্র সংগঠন–‘এবছু’কো এই চুক্তিত স্বাক্ষৰ দান কৰিবলৈ সৈমান কৰা কথাটোকহে ‘মাষ্টার্ছ–ষ্ট্রোক’ বুলি গণ্য কৰিব খুজিছেছা৷ ১৯৮৬ চনত ‘মিজো চুক্তি’ স্বাক্ষৰিত হোৱাৰ পৰৱর্তী কালত, এই পর্যন্ত উগ্রপন্থী সংগঠনৰ সৈতে অন্ততঃ পাঁচখন গুৰুত্বপূর্ণ শান্তিচুক্তি স্বাক্ষৰিত হৈছে৷ পিছে সামগ্রিক প্রক্রিয়াটোত একত্রীকৰণ আৰু ইতিবাচক অনুঘটকৰ ভূমিকা পালন কৰা কোনো এটা ছাত্র সংগঠনে এইবাৰহে প্রথমবাৰৰ বাবে, সংশ্লিষ্ট অঞ্চলৰ সামাজিক সংগঠনসমূহৰ ঐক্যমঞ্চক লগত লৈ কোনো সক্রিয় উগ্রপন্থী সংগঠনৰ সৈতে শান্তিচুক্তিৰ স্বাক্ষৰকাৰীৰ ভূমিকাত অৱতীর্ণ হ’ল৷ এই পৰিঘটনাটো নিশ্চয় সামগ্রিকভাৱে অঞ্চলটোৰ শান্তি প্রক্রিয়াৰ বাবেই এক নতুন আদর্শ হ’ব পাৰে, বিশেষকৈবহুকেইটা মুখ্য বিদ্রোহী সংগঠনে চৰকাৰৰ সৈতে শান্তি আলোচনাত মিলিত হৈ থকাৰ মুহূর্তত আৰু তেওঁলোকৰ মাজত ঐকমত্য স্থাপনৰ প্রয়োজনীয়তা থকাৰ পৰিপ্রেক্ষিতত স্থানীয় কোনো প্রভাৱশালী সংগঠনে ‘এবছু’ৰ আর্হিৰেই সংযোগকাৰীৰ ভূমিকা পালন কৰাটো অতিকে গুৰুত্বপূর্ণ কথা হ’ব৷
১৯৯৩ চনত‘বডোলেণ্ড স্বায়ত্তশাসিত পৰিষদ’ অথবা ‘বিএচি চুক্তি’ আৰু ২০০৩ চনত বিদ্রোহী সংগঠন ‘বডোলেণ্ড লিবাৰেচন টাইগাৰ’ বা ‘বিএলটি’ৰে সম্পাদিত চুক্তি দুখনৰ পিছত– এখন পৃথক বডোলেণ্ডৰ দাবী সর্বকালৰ বাবে পৰিত্যাগ কৰি তাৰ পৰিৱর্তে বডোবসতিপ্রধান অঞ্চলত তেওঁলোকৰ আধিপত্য অক্ষুণ্ণ ৰখাৰ প্রতিশ্রুতিৰেবর্তমান্ চৰকাৰে বডো সমস্যাটোৰ বিস্তৃত ৰূপত যে সমাধান কৰিব খুজিছে সেয়া স্পষ্ট হৈ উঠিছে৷ ২০০৩ চনৰ চুক্তিখনৰ পিছতো ‘বিজেপি’ৰ সহযোগী দল ‘বডো পিপলছ ফ্রণ্ট’(বিপিএফ), ‘এনডিএফবি’ৰ কেউটা বিভাজিত গোটৰ লগতে ‘এবছু’কে ধৰি বহুবোৰ অগ্রণী বডো সংগঠনে এখন পৃথক বডোলেণ্ডৰ দাবী দোহাৰি আহিছিল৷ নতুন চুক্তিখন সম্পাদনৰ জৰিয়তে এখন পৃথক বডো ৰাজ্যৰ দাবীটো সর্বকালৰ বাবেই অন্ত পৰিল বুলি এতিয়া চৰকাৰী নেতৃবৃন্দই মন্তব্য কৰিছে৷ উদাহৰণস্বৰূপে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৰা মন্তব্য উল্লেখ কৰিব পাৰি৷ এই সন্দর্ভত শ্বাহে কয়, ‘নতুন বডো চুক্তিৰ জৰিয়তে অসমৰ পুনৰ বিভাজন ৰোধ কৰা হ’ল৷’ ইফালে ‘এখন পৃথক বডোলেণ্ডৰ দাবীৰ প্রাসংগিকতা এতিয়া আৰু নোহোৱা হ’ল’ বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শর্মাই৷
সমস্যাটো সন্দর্ভত নতুন চুক্তিখনে কি কয় চাওঁ আহকচোন–
‘…অসমৰ ভৌগলিক অখণ্ডতা অক্ষুণ্ণ ৰাখি বডো সংগঠনসমূহৰ দাবীসমূহৰ বিস্তৃত আৰু চূডান্ত সমাধান–সূত্র আৱিষ্কাৰ কৰাৰ বাবে তেওঁলোকৰ সৈতে আলোচনা অনুষ্ঠিত হয়৷’ যিহেতু চুক্তিখনত অসম ৰাজ্যৰ ভৌগোলিক অখণ্ডতা অক্ষুণ্ণ ৰখাৰ কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে সেয়ে বডো ৰাজ্যকে ধৰি আন কোনো ৰাজ্য গঠনৰ উদ্দেশ্যে ইয়াক পুনৰ বিভাজনৰ প্রশ্ণই উঠিব নোৱাৰে৷ ইফালে, যিহেতু প্রায়খিনি ক্ষমতাকে ধৰি ৰাইজে বিচৰাখিনি নতুন চুক্তিখনে প্রদান কৰিছেই সেয়ে এখন পৃথক ৰাজ্যৰ দাবীটোৰ প্রয়োজনীয়তা আৰু নাথাকিব বুলি এই লেখকৰ ওচৰত মন্তব্য কৰিছে ‘এনডিএফবি’ৰ নেতা তথা চুক্তিখনৰ অন্যতম স্বাক্ষৰকাৰী গোবিন্দ বসুমতাৰীয়ে৷বডোসকলৰ আকাংক্ষা পূৰণ কৰিবলৈকে অসমখনক পুনৰ বিভাজিত কৰিব পাৰে বুলি বডো অধ্যুষিত এলেকাসমূহৰ বাহিৰৰ লোকসকলৰ মনত সদায়ে এক আশংকাই বাহ লৈ আহিছে যদিও বডোভূমিৰ দাবীসমূহ পূৰণৰ প্রয়াসেৰে ‘বিটিআৰ চুক্তি’য়ে সেই আশংকা প্রশমিত কৰিবলৈ সক্ষম হৈছে৷
এইখিনিতে, চুক্তিখনেনো দৰাচলতে কি দিব, সেয়া ভালকৈ চালি–জাৰি চোৱাটো গুৰুত্বপূর্ণ হ’ব৷ আগতকৈ অধিক পৰিমাণৰ বিধায়িনী, কার্যবাহী, প্রশাসনীয় আৰু বিত্তীয় ক্ষমতা লাভ কৰাৰ উপৰি ‘বিটিআৰ’–এ এতিয়া গাঁৱৰ বিনিময়ো প্রত্যক্ষ কৰিব৷ বর্তমানৰ বডো পৰিষদৰ সমীপৱর্তী এলেকাসমূহত থকা জনজাতি অধ্যুষিত গাঁওসমূহক ‘বিটিআৰ’ত অন্তর্ভুক্ত কৰাৰ বিধি–নিয়ম প্রস্তুত কৰাৰ বাবে এজন অৱসৰপ্রাপ্ত ন্যায়াধীশৰ নেতৃত্বত এক আয়োগ গঠন কৰা হ’ব৷ সেইদৰে বর্তমানে বডো পৰিষদৰ অন্তর্ভুক্ত, কিন্তু অজনজাতি অধ্যুষিত তথা ষষ্ঠ অনুসূচীৰ বাহিৰৰ এলেকাসমূহৰ সমীপৱর্তী গাঁওবোৰ পৰিষদৰবাহিৰলৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব৷ অর্থাত এইসমূহ গাঁও পৰিষদৰ আওতাৰ পৰা আঁতৰাই নিয়া হ’ব৷ এই ব্যৱস্থাৰ জৰিয়তে পৰিষদৰ অন্তর্ভুক্ত অজনজাতীয়সকলৰ সমস্যাৰ লগতে পৰিষদৰ বাহিৰত থাকি যোৱা জনজাতীয়সকলৰ সমস্যাসমূহো সমাধান কৰিব পৰা যাব বুলি আশা কৰা হৈছে৷ ইয়াৰ ফলত জনজাতীয় লোকসকলে ষষ্ঠ অনুসূচীৰ অন্তর্গত এলেকাৰ সা–সুবিধাসমূহ উপভোগ কৰাৰ সুযোগ লাভ কৰাৰ বিপৰীতে অজনজাতীয় লোকসকলে পৰিষদৰ বাহিৰলৈ গৈ যিকোনো নির্বাচনত সহজে প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ গ্রহণ কৰিব পাৰিব৷ বডো পৰিষদৰ ভিতৰৰ এলেকাসমূহ সালসলনি কৰাৰ প্রক্রিয়া সম্পূর্ণ হ’লেই চৰকাৰে পৰিষদৰ অন্তর্ভুক্ত এলেকাৰ জিলাসমূহৰ সীমা নির্ধাৰণ কৰিব পাৰিব৷ এনেদৰেই সমষ্টি পুনর্গঠনৰ কামো আগবঢ়াব পৰা যাব৷
‘বিটিআৰ পৰিষদ’ৰ আসনৰ সংখ্যা বর্তমানৰ ৪০খনৰ পৰা ৬০খনলৈ বৃদ্ধি পাব৷ এই ৬০খন আসনৰ ভিতৰৰ ১৬খন আসন সকলোৰে বাবে মুকলি থাকিব৷ অর্থাৎ এইকেইখন আসনত অজনজাতীয় লোকেও প্রতিদ্বন্দ্বিতা কৰিব পাৰিব৷ তদুপৰি বিটিআৰ পৰিষদত ৬গৰাকী সদস্যক মনোনীত কৰাৰ ব্যৱস্থা ৰখা হৈছে৷ ইয়াৰে দুগৰাকী সদস্য মহিলা হ’ব আৰু আন দুগৰাকীক পৰিষদত প্রতিনিধিত্ব নথকা জনগোষ্ঠীসমূহৰ মাজৰ পৰা মনোনীত কৰা হ’ব৷ সেয়ে ‘বিটিআৰ পৰিষদ’ত অ–জনজাতীয়সকলৰ প্রতিনিধিত্ব নাথাকিব বুলি যদি কোনোবাই ভাবিছে সেয়া সত্য নহয়৷ পৰিষদৰ মুকলিকৈ ৰখা ১৫ অথবা ১৬খন আসনৰ সৈতে এই ৬টা সদস্য পদকো সামৰি ল’লে পৰিষদখনৰ এক তৃতীয়াংশ আসনেই দৰাচলতে মুক্ত প্রতিদ্বন্দ্বিতাৰ আসন বুলি গণ্য কৰিব পৰা যায়৷
নতুন চুক্তিখনৰ আন এটা উল্লেখনীয় সংযোজন হ’ল পৰিষদৰ আওতাৰ বাহিৰত ৰৈ যোৱা বডো গাঁওসমূহৰ ‘উন্নয়ন ত্বৰান্বিত’ কৰাৰ বাবে এখন ‘বডো–কছাৰী কল্যাণ পৰিষদ’ গঠন কৰাৰ লগতে ‘দেৱানগিৰি লিপি’ৰে সৈতে বডো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে ঘোষণা কৰাটো৷ ইয়াৰ লগতে বডো ভাষা–সংস্কৃতিক ৰক্ষণাবেক্ষণ দিব পৰাকৈ পৰিষদ এলেকাত বহুকেইখন উচ্চ শিক্ষাৰ প্রতিষ্ঠান আৰু কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ সিদ্ধান্ত চুক্তিখনত অন্তর্ভুক্ত কৰা হৈছে৷
‘বিটিআৰ পৰিষদ’লৈ যথোচিত ক্ষমতা প্রদান কৰিব পৰাকৈ চৰকাৰে সংবিধানৰ ২৮০অনুচ্ছেদৰ লগতে ‘ষষ্ঠ অনুসূচী’ৰ সংশোধন কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে৷ ইয়াৰ জৰিয়তে ‘বিটিচি’ৰ বিত্তীয় সমল আৰু ‘প্রশাসনীয় ক্ষমতা’ৰ পৰিসৰ বৃদ্ধি কৰা…’ৰ পদক্ষেপ গ্রহণ কৰাৰ লগতে পৰিষদৰ অধীনস্থ এলেকাসমূহৰ উন্নয়ন সাধনৰ বাবে আগন্তুক তিনিটা বছৰৰ বাবে প্রতিবছৰে ২৫০কোটি টকাৰ পুঁজি অসম চৰকাৰে আদায় দিয়াটো বাধ্যতামূলক কৰা হৈছে৷ একে সময় কালৰ বাবে কেন্দ্রীয় চৰকাৰেও প্রতি বছৰে ২৫০ কোটি টকাকৈ পৰিষদলৈ পুঁজিৰ আবণ্টন দিব৷‘এনডিএফবি’ৰ ১৬১৫গৰাকী আত্মসমর্পণকাৰী সদস্য (৩০জানুৱাৰীত এইসকল সদস্যই আত্মসমর্পণ কৰিছিল)ৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে দেশৰ সেনাবাহিনী আৰু অর্ধসামৰিক বাহিনীত প্রতিনিধিত্ব বৃদ্ধি কৰাৰ লক্ষ্যৰে উল্লিখিত বাহিনীসমূহত বডো যুৱকক নিয়োজিত কৰাৰো পোষকতা কৰা হৈছে চুক্তিখনত৷ মুঠতে ক’বলৈ গ’লে নতুন বডো চুক্তিখনত বহু কথা প্রথম হিচাপে অন্তর্ভুক্ত হোৱাৰ পৰিপ্রেক্ষিতত ইয়াক সামগ্রিক শান্তি প্রক্রিয়াৰ আদর্শ পদক্ষেপ হিচাপে গ্রহণ কৰাৰ অৱকাশ আছে৷ বিশেষকৈ সামাজিক সংগঠনৰ শক্তিশালী উপস্থিতি থকা মণিপুৰৰ দৰে ৰাজ্যৰ উগ্রপন্থী সমস্যাৰ অন্ত পেলোৱাৰ ক্ষেত্রত এইখন চুক্তিক উৎকৃষ্ট দৃষ্টান্ত বুলি গণ্য কৰিব পাৰি৷
লেখক ‘চেণ্টাৰ ফৰ ডেভেলপমেণ্ট
এণ্ড পীচ ষ্টাডিজ’ শীর্ষক এক
গৱেষণাভিত্তিক সংস্থাৰ কার্যবাহী সঞ্চালক৷
ফোন_ ৯৮৬৪২–৬৫৯৮০