জলবায়ু শৰণার্থী
জলবায়ু পৰিৱর্তনৰ ভয়াৱহতাৰ বিষয়ে প্রতিনিয়ত আলোচনা চলিছে ৷ জলবায়ু পৰিৱর্তনৰ ফলত ভয়াৱহভাৱে স্থানচ্যুত হৈছে পৃথিৱীৰ ভিন্ন প্রান্তৰ মানুহ ৷ বৃদ্ধি হৈছে দৰিদ্রতা, সংঘাত আৰু অস্থিৰতা ৷ আভ্যন্তৰীণ স্থানচ্যুতি নিৰীক্ষণ কেন্দ্রৰ সমীক্ষা অনুসৰি (আইডিএমচি), ২০২১ চনত বিশ্বজুৰি প্রাকৃতিক দুর্যোগৰ বাবে (সংঘাত বা হিংসাৰ সন্মুখীন হোৱা স্থানচ্যুত লোকসকলক অন্তর্ভুক্ত নকৰাকৈ) আভ্যন্তৰীণভাৱে ২.৩৭ মিলিয়ন লোক স্থানচ্যুত হৈছে ৷ আনহাতে, এই অধ্যয়নতে পোহৰলৈ আহিছে যে ঘূর্ণি বতাহ, বানপানী, ভূমিকম্প, ছুনামি আদি প্রাকৃতিক দুর্যোগৰ পিছত মানৱ সৰবৰাহৰ ঘটনাও বৃদ্ধি পাইছে ৷ জলবায়ু পৰিৱর্তনৰ বাবে এই সমস্যাৰ সন্মুখীন হোৱা মানুহবোৰ প্রায়ে শক্তিহীন, সুৰক্ষাৰ বাবে মাত মাতিব নোৱাৰা ৷ আমাৰ অসম তথা উত্তৰ–পূর্বাঞ্চলত বানপানী আৰু অন্যান্য প্রাকৃতিক দুর্যোগৰ পিছতে দৰিদ্র পৰিয়ালৰ মহিলা আৰু শিশুসকল মানৱ সৰবৰাহকাৰীৰ কবলত পৰে ৷ জীৱন নির্বাহৰ বাবে কর্মসংস্থাপনৰ লোভ দেখুৱাই তেওঁলোকক সৰবৰাহকাৰীয়ে নিজৰ জালত পেলায় ৷ আনহাতে, জলবায়ু পৰিৱর্তনে সৃষ্টি কৰা খৰাঙে কৃষকসকলক ধাৰ ল’বলৈ বাধ্য কৰে ৷ যি মানসিকভাৱেও হৈ পৰে অতি চাপযুক্ত৷ ভাৰতত খৰাঙে কামৰ সন্ধানত বহু মানুহক প্রব্রজন কৰিবলৈ বাধ্য কৰায়৷ বিশেষকৈ কাষৰীয়া চহৰলৈ কামৰ সন্ধানত যায় আৰু তেওঁলোকৰ মাজৰে কিছুমান নাৰীক যৌনকর্মী হ’বলৈ বাধ্য কৰোৱা হয়৷বহুসংখ্যকপুৰুষক ইটা নির্মাণ কৰা ফেক্টৰীত বনুৱা হিচাপে কাম কৰিবলৈ বাধ্য কৰোৱা হয়৷ প্রব্রজন কৰি অহা দৰিদ্র পৰিয়ালৰ শিশুক বিক্রী কৰি নির্মাণ খণ্ডত শ্রমিক হিচাপে নিয়োগ কৰা হয়৷ এই প্রব্রজন মূলতঃ আভ্যন্তৰীণ আৰু ক্রমান্বয়ে ই এক চহৰীয়া পৰিঘটনা হৈ পৰিছে৷ যদিও জলবায়ুৰ প্রভাৱৰ বাবে স্থানচ্যুত বা স্থানান্তৰিত হোৱা বেছিভাগ লোকেই নিজৰ দেশৰ ভিতৰতে থাকে, কিন্তু জলবায়ু পৰিৱর্তনে সংঘাত আৰু হিংসাৰ পৰিস্থিতি সৃষ্টি কৰা অঞ্চলত দেশৰ সীমান্ত অতিক্রম কৰাৰ প্রৱণতাও সৃষ্টি হয় আৰু নিজৰ ঘৰ হেৰুওৱা মানুহবোৰৰ বিলাই–বিপত্তিৰ অন্ত নোহোৱা হয়৷
দুর্ভাগ্যজনক কথাটো হ’ল যে বর্তমান জলবায়ু পৰিৱর্তন বা ইয়াৰ লগত জডিত প্রব্রজনৰ ওপৰত প্রভাৱ পেলোৱা বিষয়বোৰ সমাধানৰ বাবে কোনো আন্তঃৰাষ্ট্রীয় আইনী কাঠামো নাই৷ বিশ্ব বেংক আৰু ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থাৰ দৰে আন্তঃৰাষ্ট্রীয় সংস্থাসমূহে পৰিৱেশৰ প্রভাৱৰ বাবে প্রব্রজন কৰা লোকসকলক ‘জলবায়ু প্রব্রজনকাৰী’ বুলি আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিছে যদিও তেওঁলোকে ‘জলবায়ু শৰণার্থী’ শব্দটো ব্যৱহাৰ নকৰে বা কৰাত বাধা দিয়ে৷ ফলত পৰিৱেশ দুর্যোগৰ পৰা নিজৰ সুৰক্ষাৰ বাবে প্রব্রজন কৰিবলৈ বাধ্য হোৱা লোকসকলৰ বাবে কোনো স্পষ্ট আইনী বা ন্যায়িক সুৰক্ষা নাই, আৰু কোনো দেশতে তেওঁলোকৰ আশ্রয়ৰ আহ্বান বা দাবী প্রযোজ্য নহয়৷ ২০৩০ চনৰ বহনক্ষম উন্নয়নৰ কার্যসূচী সফল কৰিবলৈও বলপূর্বক শ্রম নির্মূল, সমসাময়িক দাসত্ব আৰু মানৱ সৰবৰাহৰ অন্ত পেলোৱা আৰু শিশু শ্রমিকৰ অতি ভয়ংকৰ ৰূপসমূহ নির্মূল আৰু নিষেধাজ্ঞা নিশ্চিত কৰাৰ বাবে তৎকালীন আৰু কার্যক্ষম ব্যৱস্থাৰ প্রয়োজন৷ ভাৰতত এতিয়ালৈকে পর্যাপ্ত পৰিমাণে বৰষুণ নোহোৱাৰ ফলত কৃষকসকলে মূৰে–কপালে হাত দিব লগা হৈছে৷ তদুপৰি বহু ৰাজ্যত জলসিঞ্চনৰো সু–ব্যৱস্থা নাই৷ এনেক্ষেত্রত কৃষিনির্ভৰ লোকসকলে জীৱিকাৰ সন্ধানত প্রব্রজন কৰিবলৈ বাধ্য হ’বই৷ জলবায়ু পৰিৱর্তনৰ এই ভয়ংকৰ ৰূপৰ লগত যুঁজিবলৈ মানসিকভাৱে সাজু হোৱাৰ বাহিৰে আন বিকল্প সহজে পোৱা নাযাব৷ কেৱল গছ ৰুই জলবায়ু পৰিৱর্তন হ্রাস কৰিব নোৱাৰে৷ মানুহৰ অবিবেচক কাণ্ডই সমগ্র পৃথিৱীক বিপদলৈ ঠেলি দিলে৷ গতিকে জলবায়ু শৰণার্থীৰ সমস্যা যে অনাগত দিনত ভয়াৱহ হ’ব, সেয়াও নিশ্চিত হৈ পৰিছে৷